নলবাৰী, ২০ অক্টোবৰ (হি.স.): নলবাৰী আৰক্ষীযে যোৱা কালি বিয়লি কিছু লটি ঘটিৰ সন্মুখীন হয়। নলবাৰীত আৰক্ষীৰ হাতৰ পৰায়ণ কৰে দুটা চোৰ । নলবাৰী সদৰ থানাৰ পৰা চোৰ দুটাক স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ নি থকা অৱস্থাত গাড়ীৰ পৰা জঁপিয়াই পলাৱোৰ চেষ্টা চলাই যদিও আৰক্ষীয়ে খেদি খেদি কৰায়ত্ত কৰে ।
চোৰৰ পিছে পিছে আৰক্ষীৰ দৌৰা দৌৰিৰ ঘটনাই মূহুৰ্তৰ ভিতৰতে নলবাৰী চহৰৰ বাটা চকত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়।পিছত আৰক্ষীয়ে দুয়োটা চোৰক স্বাস্থ্য পৰীক্ষা কৰি থানালৈ লৈ আহে । দুধৰ্ষ চোৰ দুটাৰ নাম ক্ৰমে বিশ্বজিৎ দাস আৰু ধনজিৎ দাস বুলি জানিব পৰা গৈছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ