ঋষভ শ্বেট্টীৰ ছবি কান্তৰা চেপ্টাৰ ১ মুক্তিৰ প্ৰথম দিনৰ পৰাই বক্স অফিচত চমক লৈছে। ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ব্যাপক ৰাজহ লাভ কৰি ছবিখনে নিজৰ দখল কঠিন কৰি তুলিছে। এই ছবিখনে ভাৰতৰ হৃদয় জয় কৰাই নহয় বহিঃৰাজ্যৰ বজাৰকো আকৰ্ষণ কৰি আছে। ইয়াৰ দ্বাৰা বছৰৰ দ্বিতীয় সৰ্বাধিক উপাৰ্জনকাৰী ছাইয়াৰাক অতিক্ৰম কৰিছে। অৱশ্যে ই এতিয়াও ভিকি কৌশলৰ ব্লকবাষ্টাৰ ছবি চাভাৰ পিছত আছে, যিখন ছবি ২০২৫ চনৰ আটাইতকৈ ডাঙৰ হিট ছবি হৈয়ে আছে।
১৫ দিনীয়া বক্স অফিচ যাত্ৰা
বক্স অফিচ ট্ৰেকাৰ সাকনিল্কৰ তথ্য অনুসৰি ১৪ তাৰিখে কান্তৰা চেপ্টাৰ ১-এ ১০.৫ কোটি টকা উপাৰ্জন কৰে। কিন্তু ১৫ তাৰিখে ছবিখনৰ গতিবেগ কিছু লেহেমীয়া হৈ প্ৰায় ₹৯ কোটি টকা উপাৰ্জন কৰে। ইয়াৰ লগে লগে ছবিখনৰ মুঠ ভাৰতীয় সংগ্ৰহ এতিয়া ₹৪৮৫.৪০ কোটি হৈছেগৈ। এইবাৰ প্ৰথমবাৰৰ বাবে এখন ছবিয়ে একক সংখ্যাৰ একক দিনৰ উপাৰ্জন ৰেকৰ্ড কৰিছে যদিও মুঠ উপাৰ্জনৰ ক্ষেত্ৰত কান্তৰা চেপ্টাৰ ১ য়ে ছাইয়াৰা (৩২৯ কোটি টকা) অতিক্ৰম কৰিছে। এতিয়া ইয়াৰ আগত কেৱল ছাৱা (৬০১.৫৪ কোটি টকা)হে। অৰ্থাৎ কান্তৰা চেপ্টাৰ ১ত এই অভিলেখ ভংগ কৰিবলৈ মাত্ৰ ১১৬.১৪ কোটি টকাহে সামৰি লোৱাৰ প্ৰয়োজন। তৃতীয় উইকেণ্ডত যদি ছবিখনৰ উপাৰ্জন বৃদ্ধি পায় তেন্তে এই সংখ্যাত উপনীত হোৱাটো অসম্ভৱ নহ’ব। আমোদজনক কথাটো হ’ল, মূলতঃ কানাড়া ভাষাত নিৰ্মিত এই ছবিখনে হিন্দী বেল্টতো ভাল প্ৰদৰ্শন কৰিছে, যিটো নিজৰ বাবে এক উল্লেখযোগ্য কৃতিত্ব।
আগন্তুক সপ্তাহটো ছবিখনৰ বাবে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। ইয়াৰ দ্বাৰা নিৰ্ণয় হ'ব কান্তৰা চেপ্টাৰ ১ কিমান দিন বক্স অফিচত থাকিব পাৰিব। এই সপ্তাহত ২১ অক্টোবৰত মুক্তি পাবলগীয়া দুখন ছবিৰ পৰা প্ৰতিযোগিতাৰ সন্মুখীন হ’ব। এটা আয়ুষ্মান খুৰৰানাৰ ‘থামা’ আৰু আনটো হৰ্ষবৰ্ধন ৰাণেৰ ‘এক দীৱানে কি দীৱানীয়ত’। এই ছবিবোৰে চিনেমা হলত প্ৰদৰ্শিত নোহোৱালৈকে ‘কান্তৰা চেপ্টাৰ ১’ৰ ব্য়াপক উপাৰ্জনৰ যথেষ্ট সম্ভাৱনা আছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া