
কাঠমাণ্ডু, ৩০ ছেপ্টেম্বৰ (হি.স.)। নেপালৰ বৈদেশিক মন্ত্ৰী শিশিৰ খানালে প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহে উপযুক্ত সময়ত ভাৰত ভ্ৰমণ কৰিব বুলি উল্লেখ কৰিছে। অৱশ্যে এই ভ্ৰমণৰ কোনো আনুষ্ঠানিক তাৰিখ এতিয়াও নিৰ্ধাৰণ কৰা হোৱা নাই ।
বুধবাৰে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৮১ সংখ্যক অধিৱেশনত অংশগ্ৰহণ কৰি কাঠমাণ্ডুলৈ উভতি অহাৰ পিছত ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সাংবাদিকৰ আগত ভাষণ দি খানালে কয় যে নতুন চৰকাৰ গঠন হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী শ্বাহক ভাৰতে আনুষ্ঠানিকভাৱে আমন্ত্ৰণ জনাইছিল।
খানালে কয়, আমি আৰম্ভণিৰে পৰাই কৈ আহিছো যে চৰকাৰ গঠনৰ লগে লগে প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ আমন্ত্ৰণ লাভ কৰিছিল, আৰু আমি ইয়াক ইতিবাচকভাৱে গ্ৰহণ কৰিছো। আমি উপযুক্ত সময়ত ফলাফলমুখী ভ্ৰমণৰ বাবে প্ৰস্তুতি চলাইছো ।
ভাৰত ভ্ৰমণৰ সম্ভাৱ্য তাৰিখ সন্দৰ্ভত সোধাত বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয় যে দুয়োখন দেশৰ মাজত পাৰস্পৰিক সহমতত আনুষ্ঠানিক ঘোষণা কৰা হ’ব। তেওঁ কয় যে আজিৰ তাৰিখত এই ভ্ৰমণ কেতিয়া হ’ব সেয়া নিশ্চিত নহয় যদিও দুয়োপক্ষই এই ভ্ৰমণ যিমান পাৰি ফলপ্ৰসূ আৰু ফলাফলমুখী হোৱাটো বিচাৰে।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ