
মুম্বাই, ২৭ ছেপ্টেম্বৰ (হি.স.)। নিতেশ তিৱাৰীৰ পৰিচালনাত নিৰ্মিত নমিত মালহোত্ৰাৰ আগন্তুক ছবি ৰামায়ণৰ প্ৰতি দৰ্শকৰ প্ৰত্যাশা অব্যাহত আছে। ইফালে, ৰকিং ষ্টাৰ যশৰ প্ৰথমখন অফিচিয়েল পোষ্টাৰ ৰাৱন হিচাপে মুকলি কৰিছে মেকাৰে।
পোষ্টাৰখনত যশক অত্যন্ত মহিমামণ্ডিত আৰু আকৰ্ষণীয় দেখা গৈছে। ৰত্নেৰে আবৃত সোণৰ মুকুট, বহুস্তৰীয় মুকুতাৰ হাৰ আৰু গধুৰ সোণৰ গহনাই তেওঁৰ ৰাজকীয় ব্যক্তিত্বক বৃদ্ধি কৰে। তেওঁৰ চোকা দৃষ্টি আৰু শক্তিশালী ব্যক্তিত্বই ৰাৱনৰ আকৰ্ষণীয় ৰূপৰ আভাস দিয়ে।
ট্ৰেইলাৰৰ পিছৰে পৰা ছবিখনৰ অন্যতম চৰ্চিত দিশ হৈ পৰিছে যশৰ ৰাৱণৰ চৰিত্ৰ। নতুন পোষ্টাৰখনত অভিনেতাজনৰ লুক প্ৰদৰ্শন কৰা হৈছে আৰু লগতে ছবিখনৰ গ্ৰেণ্ড স্কেলৰ আভাস পোৱা গৈছে। ৰামায়ণত লৰ্ড ৰামৰ চৰিত্ৰত ৰণবীৰ কাপুৰ, সীতাৰ চৰিত্ৰত সাই পল্লৱী, ৰাৱনৰ চৰিত্ৰত যশ, হনুমানৰ চৰিত্ৰত ছানী দেওল, লক্ষ্মণৰ চৰিত্ৰত ৰবি ডুবে। মহাকাব্যখনৰ মূল চৰিত্ৰ আৰু তেওঁলোকৰ আৱেগিক যাত্ৰাক গ্ৰেণ্ড চিনেমাৰ স্কেলত উপস্থাপন কৰিবলৈ সাজু হৈছে ছবিখন।
নিতেশ তিৱাৰীৰ পৰিচালনাত নিৰ্মিত এই দুটা খণ্ডৰ ছবিখন নমিত মালহোত্ৰাৰ প্ৰাইম ফ’কাচ ষ্টুডিঅ’, ডিএনইজি, আৰু যশৰ মনষ্টাৰ মাইণ্ড ক্ৰিয়েচনৰ সহযোগত নিৰ্মাণ কৰা হৈছে। বিশ্বজুৰি আইমেক্স ফৰ্মেটত মুক্তি দিব লগা ছবিখনে হিন্দী, তামিল, তেলেগু, কানাড়া আৰু মালয়ালম ভাষাত দৰ্শকৰ মাজলৈ যাব। ২০২৬ চনৰ দীপাৱলীত চিনেমাগৃহত মুক্তি পাব 'ৰামায়ণ: পাৰ্ট ১', আৰু ২০২৭ চনৰ দীপাৱলীত মুক্তি পাব 'ৰামায়ণ: পাৰ্ট ২'।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া