
পশ্চিম কাৰ্বি আংলং,২৭ ছেপ্টেম্বৰ (হি.স.)। হিমালংৰি চেৰহংথম পেক্লাৰ আমেই উদযাপন সমিটিৰ সৌজন্যত পুৰোহিত সকলৰ উপস্থিতিত হাৱাইপুৰ দিখেলেমত হেমফু:লংৰি আচে ; থান আৰু দুয়ুং আলিয়াম পূজাঁ আয়োজন ৷ পশ্চিম কাৰ্বি আংলং জিলাৰ ১১১নং ৰংখাং বিধান সভাৰ সমষ্টি এলেকাধীন তথা কাৰ্বি আংলং স্বাযত্ব শাসিত পৰিষদৰ কপিলী আৰু আমৰেং পৰিষদীয় সমষ্টি সংলগ্ন বৃহত্তৰ হাৱাইপুৰ মৌজাত হবলগীয়া দুদিনীয়া কাৰ্য্যসূচীৰে অহা ২৮আৰু২৯নবেম্বৰ তাৰিখে হাৱাইপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগনত অনূষ্টিত হবলগীয়া 'হিমা লংৰি চেৰহংথম প্লেক্লাৰ আমেই সম্নিলনত সফলতাৰ যাতে অনূষ্ঠিত কৰিব পাৰে তাৰ উদ্দেশ্য ভগৱানৰ শ্ৰদ্ধাৰ তথা পূৰ্বপুৰুষ মহান ব্যক্তি সকলৰ স্মৰণ লগতে আশ্বিৰ্বাদ কামনাৰে কাৰ্বি জনজাতীয় ৰীতিনীতি পৰম্পৰাৰ ভগৱানক শান্তি কামনাৰে পূজা আযোজন কৰা হয়৷
কাৰ্বি পুৰোহিত সকলৰ উপস্থিতি হেমফু; লংৰি আছে =(আলিয়াম) থান লগতে দুয়ুং আলিয়ামক পূৰ্বপূৰুষ ৰীতি নীতিৰে এটা ছাগলী, পাঁচটা কুকুৰা আৰু এটি মূৰ্জীৰে দান কৰে৷ হেমা লংৰি চেৰহংথম প্লেক্লাৰ আমেই সম্নিলনৰ উদযাপন সমটি সকলো সদস্য সদস্যা উপস্থিতিত সুকুলমে দান কৰে৷ উক্ত পূজা সভাত হাৱাইপুৰ অঞ্চলৰ জিৰিবছা;বৰহোলি;তখাদি;দিখেলেমত;মাইলুত আদি হোজাই জিলাৰ বৰবহা আদি অঞ্চলৰ বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকি অনাগত কাৰ্য্যসুচীৰ সফল হোৱাটো কামনা কৰে৷
তদুপৰি সম্নিলনৰ উদযাপন সমিতিৰ সভাপতিৰ অধ্যক্ষতাত এটা অনূষ্টুপীয়া সভাও অনূষ্টিত হয়৷ সভাত বিভিন্ন বিষয় সন্দৰ্ভত পুংখানুপুংখভাৱে আলোচনা কৰে৷ তথ্য অনুসৰি সম্নিলনৰ সুচাৰুৰূপে পৰিচালনা কৰিবলৈ ১৬খন উপসমিটি গঠনৰ কৰা হয়৷ উদযাপন সমিটিৰ সভাপতি ধনিৰাম ৰংহাং সম্পাদক বাপুৰাম টেৰণ; সহকাৰী সম্পাদক খনছিং ইংতি উপ সভাপতি। সহকাৰী সম্পাদক চিকাৰী হানচে আদি কৰি মিডিয়া চেলৰ কনভেনৰ ধৰম চিং ফাংচ (সাংবাদিক); অমল মিলিক সহ উক্ত পূজা সভাত শতাধিক পুৰুষ মহিলা সকল অংশ গ্ৰহণ কৰে৷
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু