নেপালৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ চলেন্দ্ৰ শমশ্বেৰ ৰানাক আৰক্ষীৰ জিম্মাৰ পৰা মুকলি, ‘নিৰাপদ’ স্থানলৈ প্ৰেৰণ
কাঠমাণ্ডু, ২৭ ছেপ্টেম্বৰ (হি.স.)। নেপালৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ চলেন্দ্ৰ শ্বমশ্বেৰ ৰানাক আৰক্ষীয়ে মুকলি কৰি দিছে। দেওবাৰে বিয়লি তেওঁক মুকলি কৰি দিয়া হয়। কাঠমাণ্ডু অপৰাধ শাখাৰ আৰক্ষী অধীক্ষক ৰামেশ্বৰ কাৰ্কীয়ে উল্লেখ কৰে যে
नेपाल के पूर्व चीफ जस्टिस चोलेन्द्र शमशेर राणा


কাঠমাণ্ডু, ২৭ ছেপ্টেম্বৰ (হি.স.)। নেপালৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ চলেন্দ্ৰ শ্বমশ্বেৰ ৰানাক আৰক্ষীয়ে মুকলি কৰি দিছে। দেওবাৰে বিয়লি তেওঁক মুকলি কৰি দিয়া হয়। কাঠমাণ্ডু অপৰাধ শাখাৰ আৰক্ষী অধীক্ষক ৰামেশ্বৰ কাৰ্কীয়ে উল্লেখ কৰে যে জবৰাক ‘নিৰাপদ’ স্থানলৈ প্ৰেৰণ কৰা হৈছে। অৱশ্যে স্থানৰ বিষয়ে উল্লেখ কৰা নাই আৰক্ষীয়ে।

ইয়াৰ পূৰ্বে দেওবাৰে পুৱা প্ৰায় ২ বজাত কাঠমাণ্ডুৰ মহাৰাজগঞ্জত থকা বাসগৃহৰ পৰা আৰক্ষীয়ে তেওঁক জিম্মাত লৈছিল। ১১ ঘণ্টাৰো অধিক সময় তেওঁ আৰক্ষীৰ জিম্মাত আছিল।

তেওঁক লৈ যাবলৈ কাঠমাণ্ডু অপৰাধ শাখাৰ আৰক্ষীৰ এটা দল তেওঁৰ বাসগৃহত উপস্থিত হয়। আৰক্ষীয়ে জনোৱা মতে, নিৰাপত্তাজনিত কাৰণত তেওঁক কাৰ্যালয়লৈ অনা হৈছে।

ক্ৰাইম ব্ৰাঞ্চৰ এছ এছ পি সন্তোষ খড়কাই কৈছিল যে ডিচকৰ্ড গ্ৰুপত ৰাণাৰ বিৰুদ্ধে বিভিন্ন উৰাবাতৰি বিয়পি পৰাত ৰাণাক তেওঁৰ সুৰক্ষাৰ বাবে কাৰ্যালয়লৈ আনিবলগীয়া হৈছিল।

-----------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande