নেপাল আৰু বেলাৰুছৰ কূটনৈতিক আৰু চৰকাৰী পাছপ’ৰ্টধাৰীৰ বাবে ভিছা ৰেহাই চুক্তিত স্বাক্ষৰ
কাঠমাণ্ডু, ২৭ ছেপ্টেম্বৰ (হি.স.)। নেপাল আৰু বেলাৰুছে কূটনৈতিক, চৰকাৰী আৰু সেৱাৰ পাছপ’ৰ্টধাৰীক ভিছা ৰেহাই প্ৰদানৰ চুক্তিত স্বাক্ষৰ কৰিছে। নেপালৰ বৈদেশিক মন্ত্ৰালয়ৰ তথ্য অনুসৰি ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৮১ সংখ্যক অধিৱেশন উপলক্ষে নিউয়ৰ্কত অনুষ্ঠিত এ
नेपाल और बेलारूस के विदेश मंत्रियों के बीच समझौते पर हस्ताक्षर


কাঠমাণ্ডু, ২৭ ছেপ্টেম্বৰ (হি.স.)। নেপাল আৰু বেলাৰুছে কূটনৈতিক, চৰকাৰী আৰু সেৱাৰ পাছপ’ৰ্টধাৰীক ভিছা ৰেহাই প্ৰদানৰ চুক্তিত স্বাক্ষৰ কৰিছে। নেপালৰ বৈদেশিক মন্ত্ৰালয়ৰ তথ্য অনুসৰি ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৮১ সংখ্যক অধিৱেশন উপলক্ষে নিউয়ৰ্কত অনুষ্ঠিত এক পাৰ্শ্বৱৰ্তী অনুষ্ঠানত দুয়োখন চৰকাৰৰ হৈ নেপালৰ বৈদেশিক মন্ত্ৰী শিশ্বিৰ খানাল আৰু বেলাৰুছৰ বৈদেশিক মন্ত্ৰী মেক্সিম ৰাইজেনকোভে এই চুক্তিত স্বাক্ষৰ কৰে।

চুক্তি স্বাক্ষৰ কৰাৰ পূৰ্বে দুয়োগৰাকী বৈদেশিক মন্ত্ৰীৰ মাজত এক আন্তৰিক বৈঠক অনুষ্ঠিত হয়। বৈঠকত দুয়োখন দেশৰ পাৰস্পৰিক স্বাৰ্থৰ বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হয়। বৈঠকত নেপাল আৰু বেলাৰুছৰ মাজত বন্ধুত্বপূৰ্ণ দ্বিপাক্ষিক সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ লগতে শ্ৰম, শিক্ষা, বাণিজ্য, বিনিয়োগ, আৰু জনসাধাৰণৰ সম্পৰ্ককে ধৰি বিভিন্ন ক্ষেত্ৰত সহযোগিতা সম্প্ৰসাৰণৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰে।

--------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande