গুৱাহাটীত যুৱ প্ৰজন্ম, ইনফ্লুৱেন্সাৰ আৰু সমাজকৰ্মীক আটক কৰা কাৰ্যক তীব্ৰ গৰিহণা এপিচিচিৰ সভাপতি গৌৰৱ গগৈৰ
বিজেপিয়ে যুৱ প্ৰজন্মৰ কণ্ঠৰোধ কৰিব বিচাৰিছে– গৌৰৱ গগৈ গুৱাহাটী, ২৭ ছেপ্টেম্বৰ (হি.স.)। গুৱাহাটীত যুৱ–প্ৰজন্ম, ইনফ্লুৱেন্সাৰ আৰু সমাজকৰ্মীক আটক কৰা কাৰ্যক তীব্ৰ গৰিহণা দিছে সাংসদ গৌৰৱ গগৈয়ে । এপিচিচিৰ সভাপতি, লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি গগৈয়ে কয় য
কংগ্ৰেছ দলৰ লোগো


বিজেপিয়ে যুৱ প্ৰজন্মৰ কণ্ঠৰোধ কৰিব বিচাৰিছে– গৌৰৱ গগৈ

গুৱাহাটী, ২৭ ছেপ্টেম্বৰ (হি.স.)। গুৱাহাটীত যুৱ–প্ৰজন্ম, ইনফ্লুৱেন্সাৰ আৰু সমাজকৰ্মীক আটক কৰা কাৰ্যক তীব্ৰ গৰিহণা দিছে সাংসদ গৌৰৱ গগৈয়ে । এপিচিচিৰ সভাপতি, লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি গগৈয়ে কয় যে গুৱাহাটীত শান্তিপূৰ্ণভাৱে মত প্ৰকাশ কৰা একাধিক অসমীয়া যুৱক-যুৱতী, ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰ আৰু সমাজকৰ্মীক আৰক্ষীয়ে আটক কৰা ঘটনা গৰিহণাৰ যোগ্য।

ছ'চিয়েল মিডিয়াযোগে তেওঁ প্ৰশাসনৰ এই পদক্ষেপক সম্পূৰ্ণৰূপে অনাকাংক্ষিত, অযুক্তিকৰ আৰু বেআইনী আখ্যা দিয়ে। ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংসদ গৌৰৱ গগৈয়ে বিজেপি চৰকাৰক প্ৰশ্ন উত্থাপন কৰি কয়, বিজেপি যুৱ প্ৰজন্মক লৈ ইমান শংকিত কিয়? বিজেপিৰ বিভাজনমুখী ৰাজনীতিক যুৱ প্ৰজন্মই প্ৰত্যাখ্যান কৰাৰ বাবেই চৰকাৰখন ভীতিগ্ৰস্ত হৈ পৰিছে নেকি বুলিও তেওঁ প্ৰশ্ন কৰে।

তেওঁ অভিযোগ কৰে যে গণতান্ত্ৰিক প্ৰক্ৰিয়াক ভেঙুচালি কৰি ভয়াতুৰ বিজেপিয়ে যুৱ প্ৰজন্মৰ ভোট চুৰি কৰিবলৈ আৰু তেওঁলোকৰ মুক্ত কণ্ঠ ৰোধ কৰিবলৈ এনে দমনমূলক ব্যৱস্থা গ্ৰহণ কৰিছে। গণতন্ত্ৰত সমালোচনা বা মুক্ত চিন্তাক এনেদৰে দমন কৰা কাৰ্য কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে।

গগৈয়ে আটক হোৱা যুৱক-যুৱতী আৰু সমাজকৰ্মীসকলৰ প্ৰতি স্পষ্ট সমৰ্থন আগবঢ়াই কয় যে তেওঁ সদায় অসমৰ ন্যায়কামী যুৱ সমাজৰ কাষত দৃঢ়তাৰে থিয় দি থাকিব ।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande