
নগাঁও, ২৫ ছেপ্তেম্বৰ (হি.স.)। ননৈ মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ উদ্যোগত ইংৰাজী ২৫ ছেপ্তেম্বৰ,২০২৬ তাৰিখে ভাৰত চৰকাৰৰ যুৱ কল্যাণ কাৰ্যক্ৰমৰ অন্তৰ্গত নিচা মুক্ত যুৱ আৰু মোৰ স্বাস্থ্য মোৰ গৌৰৱ শীৰ্ষক সজাগতা মূলক অনুষ্ঠানৰ লগতে মাই ভাৰত কেন্দ্ৰ নগাঁৱৰ উদ্যোগত দীন দয়াল উপাধ্যায়ৰ জন্ম দিৱসটি ননৈ মহাবিদ্যালয়ত উদযাপন কৰা হয় ।
মধ্য অসমৰ উল্লেখযোগ্য উচ্চশিক্ষানুষ্ঠানখনিত দিনযোৰাকৈ অনুষ্ঠিত হোৱা আৰু ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ অনুষ্ঠান বিষয়া ড৹ বসন্ত বৰাই আঁত ধৰা অনুষ্ঠানটিত পুৱা ৯ বজাৰ পৰা সমাজ কৰ্মী ঘনকান্ত বৰাৰ পৰিকল্পনাত কঠীয়াতলী স্থিত পূৰ্ণ মেডিকেলৰ সহযোগিতাত আৰম্ভ হয় বিনামূলীয়া স্বাস্থ্য শিৱিৰ । স্বাস্থ্য শিৱিৰটি উদ্বোধন কৰি উদ্বোধক ঘনকান্ত বৰাই কয় যে সম্প্ৰতিক সময়ত শাৰীৰিক আৰু মানসিক সুস্বাস্থ্য বৰ্তাই ৰাখি সুনাগৰিক হৈ দেশৰ সমৃদ্ধি বিকাশত অৰিহণা আগবঢ়োৱাতো যুৱসমাজৰ বাবে অত্যন্ত জৰুৰী । মহাবিদ্যালয়খনৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ স্বেচ্ছাসেৱকসকলৰ উপৰি ছাত্ৰ-ছাত্ৰীসকলে স্বাস্থ্য পৰীক্ষাৰে সফল কৰি তোলা শিৱিৰটিত সুচিকিৎসক ডাঃ হাছিনা ৰহমানৰ তত্ত্বাৱধানত সহযোগী স্বাস্থ্য পৰিচাৰিকাসকলে অংশগ্ৰহণ কৰে ।
দিনৰ ১২ বজাৰ পৰা অনুষ্ঠিত হোৱা দীন দয়াল উপাধ্যায়ৰ জন্মদিৱস আৰু বক্তৃতা অনুষ্ঠানত সমল ব্যক্তিৰূপে ননৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ মুকুট মণি শইকীয়াই দীন দয়াল উপাধ্যায়ৰ জীৱন-কৃতি সম্পৰ্কীয় বক্তব্য আৰু আধুনিক ভাৰত নিৰ্মাণত তেখেতে আগবঢ়োৱা অৱদানক ৰোমন্থন কৰে । চিকিৎসক ডাঃ প্ৰীতিষ সাহাই 'পুষ্টি আৰু সুস্বাস্থ্যৰ গুৰুত্ব' শীৰ্ষক বক্তব্য প্ৰদানত কয় যে প্ৰ'টিন যুক্ত খাদ্য তথা সুষম আহাৰৰ লগতে সুস্থ চিন্তা-বুদ্ধি আৰু বিবেকপূৰ্ণ কাৰ্যপ্ৰণালীৰে প্ৰতিষ্ঠিত হ'লেহে সফল ব্যক্তি ৰূপে পৰিগণিত হ'ব পাৰি ।
অপুষ্টিকৰ খাদ্য আৰু জাং ফুড জাতীয় খাদ্যই শৰীৰ-মন শীৰ্ণ কৰাৰ লগতে মানুহৰ ধী শক্তি হীন কৰি তোলে । মাই ভাৰত কেন্দ্ৰ নগাঁৱৰ গাণণিক বিষয়া ধনঞ্জয় তালুকদাৰে 'নিচা আসক্তি, জীৱনত ইয়াৰ প্ৰভাৱ আৰু প্ৰতিকাৰ' সম্বন্ধে বক্তব্য প্ৰদান কৰি কয় যে নিচা আসক্তিয়ে নিজকে বিশৃংখল আৰু অসুস্থ কৰি তোলাৰ লগতে পৰিয়াল তথা সামাজিক ভাবে উশৃংখলতা বৃদ্ধি কৰে । সাময়িক আনন্দত অজানিতে গ্ৰহণ কৰাই সামান্য নিচাই পৰৱৰ্তীসময়ত কু-অভ্যাসলৈ পৰিণত হৈ সমাজৰ সকলো স্তৰলৈ বিয়পি পৰে আৰু সমাজৰ হিতৰ বাবে গঠন হোৱা চৰকাৰী অথবা বেচৰকাৰী জৰুৰী কালীন সেৱাবোৰতো ই ব্যঘাত জন্মায় । গতিকে ঘৰুৱা শাসন, শৃংখলিত পৰিৱেশ, অভিভাৱকসকলে সন্তানৰ সকলোধৰণৰ সমস্যাক বন্ধুসুলভ মনোভাবেৰে সমাধানৰ বাবে যত্নপৰ হোৱা, আধ্যাত্মিক আৰু নীতি-আদৰ্শমূলক চৰ্চাৰে উঠি অহা চামক প্ৰকৃত পথৰ সন্ধান দি এখন নিচা মুক্ত সমাজ গঢ়িবলৈ প্ৰয়াস কৰাতো আমাৰ সকলোৰে ধৰ্ম ।
ননৈ মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকাসকল, কৰ্মচাৰী বৃন্দ আৰু ছাত্ৰ-ছাত্ৰীসকলৰ পূৰ্ণ সহযোগত সফল ভাবে ৰূপায়িত কাৰ্যসূচীৰ বাবে লগতে ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় বালক কাৰ্যক্ৰম সংস্থাই ননৈ মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটক বিশেষ অনুষ্ঠানটি অনুষ্ঠিত কৰিবলৈ সুবিধা প্ৰদান কৰা বাবে মহাবিদ্যালয় কৰ্তৃপক্ষই সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে ।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী