
শিৱসাগৰ, ২৫ ছেপ্তেম্বৰ (হি.স.)। মুখ্য নিৰ্বাচনী আয়ুক্তৰ বিৰুদ্ধে প্ৰতিবাদত তোলপাৰ দেশ। দেশৰ অন্যান্য স্থানৰ লগতে ৰাজ্যতো মুখ্য নিৰ্বাচনী আয়ুক্তৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত। শিৱসাগৰত মুখ্য নিৰ্বাচনী আয়ুক্তৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী কাৰ্য্যসূচী। ভোটাৰ তালিকা সংশোধনী আৰু এচ আই এৰত বিসংগতিপূৰ্ণ ভাৱে ভোটাৰ কৰ্তনক লৈ দেশজুৰি বিতৰ্কৰ সৃষ্টি হোৱাৰ সমান্তৰালকৈ প্ৰতিবাদী কাৰ্য্যসূচী অব্যাহত আছে।
মুখ্যনিৰ্বাচনী আয়ুক্তৰ স্বচ্ছতাক কেন্দ্ৰ কৰি প্ৰশ্ন উত্থাপন কৰিছে দেশৰ জনসাধাৰনে। দেশৰ অন্যান্য স্থানৰ লগতে শিৱসাগৰৰ দ'লমুখ চাৰিআলিটো মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ প্রতিছব্বি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। প্রতিছব্বি দাহৰ সময়ত আৰক্ষীৰ সৈতে হতাহতি প্ৰতিবাদকাৰীৰ। শীঘ্ৰে জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী উত্থাপন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ