

কোকৰাঝাৰ, ২৫ ছেপ্তেম্বৰ (হি.স.)। সেৱা সংকল্প অভিযানৰ অংশ হিচাপে কোকৰাঝাৰৰ নায়কগাঁওস্থিত বাংগালডোবাৰ GBS Old Age Home-ত আজি বৃদ্ধ আবাসী সকলৰ বাবে একত্ৰিত স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। শিবিৰত কুষ্ঠৰোগ, যক্ষ্মা, মানসিক স্বাস্থ্য আৰু এক্স-ৰে পৰীক্ষাকে ধৰি বিভিন্ন স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰা হয়।
কোকৰাঝাৰ জিলা প্ৰশাসনৰ উদ্যোগত স্বাস্থ্য বিভাগ আৰু সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ সহযোগিতাত অনুষ্ঠিত এই শিবিৰৰ মূল উদ্দেশ্য আছিল বৃদ্ধসকলৰ বাবে সহজলভ্য স্বাস্থ্য পৰীক্ষাৰ সুবিধা নিশ্চিত কৰাৰ লগতে সম্ভাব্য স্বাস্থ্যজনিত সমস্যাসমূহ প্ৰাৰম্ভিক পৰ্যায়তে চিনাক্ত কৰা।
শিবিৰত স্বাস্থ্য সেৱা সঞ্চালক, জিলা যক্ষ্মা বিষয়া, ক্লিনিকেল চাইক’লজিষ্ট, জিলা সমাজ কল্যাণ বিষয়া, DMC, DHEW-ৰ বিষয়ববীয়াৰ লগতে চিকিৎসকৰ এটা দল উপস্থিত থাকে। চিকিৎসা দলটোৱে বৃদ্ধ আবাসীসকলৰ বিভিন্ন স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰাৰ লগতে প্ৰয়োজনীয় স্বাস্থ্য সম্পৰ্কীয় সেৱা আৰু পৰামৰ্শ আগবঢ়ায়।
সেৱা সংকল্প অভিযানৰ অধীনত অনুষ্ঠিত এই স্বাস্থ্য শিবিৰে বৃদ্ধসকলৰ স্বাস্থ্যৰ নিয়মীয়া পৰ্যবেক্ষণ, ৰোগৰ আগতীয়া চিনাক্তকৰণ আৰু সময়মতে প্ৰয়োজনীয় স্বাস্থ্য সেৱা লাভৰ ক্ষেত্ৰত সহায়ক ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ