সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ বোৱাৰী পৰি গোহাঞি বৰুৱা গুৰুতৰভাবে অসুস্থ
শোনিতপুৰ, ২৫ ছেপ্টেম্বৰ (হি.স.)। সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ বোৱাৰী পৰি গোহাঞি বৰুৱা গুৰুতৰভাবে অসুস্থ হৈ পৰাত আজি পুৱা তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ আই চি ইউত ভৰ্তি কৰা হৈছে । উল্লেখ্য যে সাহিত্য কাণ্ডাৰী গৰাকীৰ প্ৰয়াত পুত্ৰ হৰেকৃষ
পৰি গোহাঞি বৰুৱা গুৰুতৰভাবে অসুস্থ


শোনিতপুৰ, ২৫ ছেপ্টেম্বৰ (হি.স.)। সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ বোৱাৰী পৰি গোহাঞি বৰুৱা গুৰুতৰভাবে অসুস্থ হৈ পৰাত আজি পুৱা তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ আই চি ইউত ভৰ্তি কৰা হৈছে । উল্লেখ্য যে সাহিত্য কাণ্ডাৰী গৰাকীৰ প্ৰয়াত পুত্ৰ হৰেকৃষ্ণ গোহাঞি বৰুৱাৰ সহধৰ্মিনী পৰি গোহাঞি বৰুৱা দীৰ্ঘদিন ধৰি তেজপুৰ কলিবাৰীৰ সেই ঐতিহ্যমণ্ডিত ঘৰখনত বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ থকাৰ পিছত আজি পুৱা শৰীৰৰ দ্ৰুত অৱনতি ঘটাত দুই শিল্পী পুত্ৰ উদয় কৃষ্ণ গোহাঞি বৰুৱা আৰু সঞ্জয় কৃষ্ণ গোহাঞি বৰুৱাই ততাতৈয়াকৈ তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ অনাৰ পিছত জিলা আয়ুক্ত আনন্দ কুমাৰ দাসৰ লগতে চিকিৎসা বিষয়া সকলৰ তৎপৰতাত লগে লগে আই চি ইউত ভৰ্তি কৰে ।

সম্প্ৰতি অক্সিজেন প্ৰদান কৰি থকা ৮৯ বছৰীয়া অশীতিপৰ বিদূষী গৰাকীৰ স্বাস্থ্যৰ অৱনতিৰ খবৰ পাই বাণ থিয়েটাৰৰ উপ সভাপতি ভৱানন্দ দাস ,সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰী ,সম্পাদক পংকজ বৰুৱা ,কাৰ্যনিৰ্বাহকৰ সদস্য ধৰি বিষয়ববীয়া সকল,অসমীয়া ক্লাবৰ বিষয়ববীয়া আৰু শুভাকাংক্ষী সকল চিকিৎসালয়ত উপস্থিত হৈ স্বাস্থ্যৰ বুজ লয় । আনহাতে বিদূষী গৰাকীয়ে শিঘ্ৰেই যাতে আৰোগ্য লাভ কৰে তাৰ বাবে ঈশ্বৰৰ ওচৰত বাণ থিয়েটাৰ,অসমীয়া ক্লাব ,তেজপুৰ সাহিত্য সভা,তৰুণ অসম সংঘ আদি অনুষ্ঠানে প্ৰাৰ্থনা জনাইছে।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande