
এই পদক্ষেপে উত্তৰ-পূবৰ যুৱ প্ৰজন্মক সমস্যা সমাধানকাৰী আৰু ‘বিকশিত ভাৰত’ৰ নিৰ্মাতা হিচাপে গঢ়ি তুলিব ঃ মুখ্যমন্ত্ৰী
যিকোনো ডাঙৰ আৱিষ্কাৰ এখন মহাবিদ্যালয়ৰ সৰু গৱেষণাগাৰ বা হোষ্টেলৰ কোঠাৰ পৰাও আৰম্ভ হ’ব পাৰে ঃ মুখ্যমন্ত্ৰী
উত্তৰ-পূবত উদ্ভাৱনৰ পৰিৱেশ অধিক শক্তিশালী কৰিবলৈ তিনিখন গুৰুত্বপূৰ্ণ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ
গুৱাহাটী, ২৫ ছেপ্টেম্বৰ (হি.স.)। চৰকাৰ, নৱপ্ৰজন্মৰ উদ্ভাৱক আৰু সমাজৰ মাজত এক নতুন আৰু সুদৃঢ় সম্পৰ্ক স্থাপনৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি ‘নৰ্থ ইষ্ট সেৱা ফাৰ্ষ্ট ইনোভেচন চেলেঞ্জ ২০২৬ (এন ই এছ এফ আই চি )- বিকশিত ভাৰতৰ বাবে অষ্টলক্ষ্মী’ শীৰ্ষক এক গুৰুত্বপূৰ্ণ পদক্ষেপৰ শুভাৰম্ভ কৰে ৷ উত্তৰ-পূবৰ যুৱক-যুৱতীসকলৰ প্ৰতিভা, সৃজনশীলতা আৰু সমস্যা সমাধানৰ দক্ষতাক এখন উচিত মঞ্চ প্ৰদান কৰাই হৈছে এই পদক্ষেপৰ মূল উদ্দেশ্য ৷ গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু পৰৱৰ্তী সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ২৫ বছৰীয়া নিৰৱচ্ছিন্ন ৰাজহুৱা সেৱাৰ সোঁৱৰণত পালন কৰা ‘সেৱা সংকল্প অভিযান ২০২৬’ৰ সৈতে সংগতি ৰাখি আজি অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই কাৰ্যসূচী মুকলি কৰা হয় ৷ এই প্ৰকল্পৰ জৰিয়তে সেৱাৰ মনোভাৱক প্ৰযুক্তি আৰু উদ্যোগীকৰণৰ সৈতে সংযোগ কৰি বাস্তৱ জীৱনৰ সমস্যাবোৰৰ সমাধান উলিওৱাৰ প্ৰয়াস কৰা হ’ব ৷
অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই প্ৰকল্পৰ উদ্দেশ্য কেৱল নতুন কিবা এটা আৱিষ্কাৰ কৰাই নহয়– বৰঞ্চ সাধাৰণ ৰাইজ, চৰকাৰী বিভাগ আৰু উদ্যোগসমূহে প্ৰতিদিনে সন্মুখীন হোৱা বাস্তৱ সমস্যাবোৰ বুজি উঠি তাৰ এক সঠিক আৰু ব্যৱহাৰিক সমাধান উলিওৱাই হৈছে ইয়াৰ মূল লক্ষ্য ৷ মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে সাধাৰণতে নতুন ব্যৱসায় বা ষ্টাৰ্টআপসমূহে ব্যৱসায়ৰ পৰিমাণ বা বেংক গেৰাণ্টীৰ দৰে কঠোৰ নীতি-নিয়মৰ বাবে চৰকাৰৰ সৈতে কাম কৰাত সমস্যাৰ সন্মুখীন হয় ৷ কিন্তু এন ই এছ এফ আই চি-ৰ জৰিয়তে সেই পৰম্পৰাগত বাধাসমূহ দূৰ কৰি চৰকাৰক যুৱ উদ্ভাৱকসকলৰ ‘প্ৰথম গ্ৰাহক’ হিচাপে গঢ়ি তোলাৰ এক গুৰুত্বপূৰ্ণ প্ৰয়াস কৰা হৈছে ৷ ইয়াৰ অধীনত চৰকাৰী বিভাগৰ পৰা ৪০টা আৰু উদ্যোগ খণ্ডৰ পৰা ১০টা, মুঠ ৫০টা প্ৰকৃত সমস্যা বা প্ৰত্যাহ্বান বাছনি কৰা হৈছে৷ যুৱ উদ্ভাৱকসকলে ইয়াত নিজৰ দক্ষতা পৰীক্ষা কৰাৰ লগতে প্ৰকৃত গ্ৰাহক লাভ কৰাৰো সুবিধা পাব ৷
প্ৰত্যাহ্বান সমূহৰ সবিশেষ দাঙি ধৰি ড॰ শৰ্মাই কয় যে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে আঠটা প্ৰত্যাহ্বান দাঙি ধৰিছে, যাৰ বেছিভাগেই মাতৃ আৰু নৱজাতকৰ স্বাস্থ্যৰ সৈতে জড়িত৷ চাহ বাগিচা বা চৰ অঞ্চলৰ দৰে দুৰ্গম ঠাইৰ আশা কৰ্মীসকলে যাতে গৰ্ভৱতী মহিলাৰ উচ্চ ৰক্তচাপ, সংক্ৰমণ বা নৱজাতকৰ স্বাস্থ্যৰ বিপদৰ আগজাননী সহজেই পাব পাৰে, তাৰ বাবে সহজ প্ৰযুক্তিৰ সন্ধান কৰা হৈছে৷ একেদৰে বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনত ড্ৰোন বা কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি বানপানীৰ আগতীয়া সতৰ্কবাণী দিয়া, শস্যৰ স্বাস্থ্য নিৰীক্ষণ কৰা আৰু চৰকাৰী মাটিত বেদখল ৰোধ কৰাৰ দৰে গুৰুত্বপূৰ্ণ প্ৰত্যাহ৩ানসমূহ অন্তৰ্ভুক্ত কৰা হৈছে৷ মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰযুক্তিৰ জৰিয়তে বানপানীৰ কেইঘণ্টামান আগতে সতৰ্কবাণী পালেও প্ৰশাসনে বহু ধন-জনৰ হানি ৰোধ কৰিব পাৰে৷ আনহাতে, নগৰ উন্নয়নৰ ক্ষেত্ৰতো গুৱাহাটীত কৃত্ৰিম বানপানী ৰোধ কৰিবলৈ আৱদ্ধ হৈ থকা কালভাৰ্টসমূহ স্বয়ংক্ৰিয়ভাৱে চিনাক্ত কৰিব পৰা আধুনিক প্ৰযুক্তিৰ সহায় বিচৰা হৈছে ৷
প্ৰকল্পটোৰ ৰূপৰেখা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে জনায় যে অহা নৱেম্বৰ মাহৰ শেষৰ ফালে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ‘নৰ্থ-ইষ্ট ইনোভেচন কনক্লেভ’ত এই সমস্যাসমূহ সমাধানৰ বাবে ১৫০টা ষ্টাৰ্টআপ বাছনি কৰা হ’ব, য’ত ৫০ টা প্ৰত্যাহ৩ানৰ প্ৰতিটোৰ বাবে ৩ টাকৈ ষ্টাৰ্টআপক সুযোগ দিয়া হ’ব আৰু তেওঁলোকে অসম ষ্টাৰ্টআপ নীতিৰ অধীনত প্ৰাৰম্ভিক পৰ্যায়ৰ সহায়-সহযোগিতা লাভ কৰিব৷ ২০২৭ চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’বলগীয়া চূড়ান্ত পৰ্যায়ৰ ‘ডেমো ডে’ত শ্ৰেষ্ঠ ষ্টাৰ্টআপসমূহক তেওঁলোকৰ প্ৰকল্পৰ প্ৰাৰম্ভিক আৰ্হি প্ৰস্তুত কৰিবলৈ ২০ লাখ টকা আৰু উন্নত প্ৰযুক্তিৰ (ডীপ-টেকনলজী, ক্ষেত্ৰত ৪০ লাখ টকাকৈ অনুদান দিয়া হব। যিকোনো ডাঙৰ আৱিস্কাৰ এখন মহাবিদ্যালয়ৰ সৰু গৱেষণাগাৰ বা হোষ্টেলৰ কোঠাৰ পৰাও আৰম্ভ হব পাৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে উত্তৰ পূৱৰ সকলো উচ্চ শিক্ষা প্ৰতিষ্ঠান, অভিযান্ত্ৰিক মহাবিদ্যালয়, পলিটেকনিক আৰু আই টি আইৰ ছাত্ৰ ছাত্ৰীসকলক ইয়াত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় । তেওঁ আশা প্ৰকাশ কৰে যে অসমত আৱিস্কাৰ হোৱা বান নিয়ন্ত্ৰণৰ বা কম খৰচী স্বাস্থ্যসেৱাৰ কোনো প্ৰযুক্তি সমগ্ৰ ভাৰততে ব্যৱহাৰ হ’ব পাৰে আৰু উত্তৰ পূৱ ভাৰত সমস্যা সমাধানৰ এক সক্ৰিয় গৱেষণাগাৰ হৈ উঠিব পাৰে।
আজিৰ এই কাৰ্যসূচীৰ অংশ হিচাপে উত্তৰ-পূবত উদ্ভাৱনৰ পৰিৱেশ অধিক শক্তিশালী কৰিবলৈ তিনিখন গুৰুত্বপূৰ্ণ বুজাবুজিৰ চুক্তিও স্বাক্ষৰিত হয়৷ নতুন ষ্টাৰ্টআপসমূহক ব্যৱসায়িক দিশত দ্ৰুতগতিত আগবাঢ়ি যোৱাত সহায় কৰিবলৈ ‘আই আই এম কলকাতা ইনোভেচন পাৰ্ক’ আৰু অসম ষ্টাৰ্টআপৰ মাজত প্ৰথমখন চুক্তি স্বাক্ষৰিত হয়, যাৰ জৰিয়তে এক তিনি বছৰীয়া এক্সেলেৰেটৰ প্ৰগ্ৰাম ৰূপায়ণ কৰা হ’ব৷ দ্বিতীয়খন চুক্তি ‘ছফ্টৱেৰ টেকনলজী পাৰ্কছ অৱ ইণ্ডিয়া’ আৰু অসম ষ্টাৰ্টআপৰ মাজত স্বাক্ষৰিত হয়, যাৰ জৰিয়তে গুৱাহাটীত অত্যাধুনিক গৱেষণাগাৰ আৰু ব্যৱসায়িক সুবিধাৰে সমৃদ্ধ এক বিশেষ উদ্যমিতাৰ কেন্দ্ৰ স্থাপন কৰা হ’ব ৷ আনহাতে, উত্তৰ-পূবৰ ষ্টাৰ্টআপসমূহক আৰ্থিক সকাহ দিবলৈ ১০০ কোটি টকাৰ এক বৃহৎ পুঁজি গঠন কৰাৰ বাবে ‘ইণ্ডিয়া এক্সেলেৰেটৰ’ আৰু অসম ষ্টাৰ্টআপৰ মাজত তৃতীয়খন চুক্তি স্বাক্ষৰিত হয় ৷
আজিৰ এই অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, মুখ্য সচিব ড॰ ৰবি কোটা, টিএছএটিৰ উৎপাদন উৎকৃষ্টতা আৰু পৰিচালনা মুৰব্বী টিম মেকিণ্টছকে ধৰি উদ্যোগ আৰু শৈক্ষিক খণ্ডৰ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী