তামুলপুৰ-ঘগ্ৰাপাৰ সংযোগী পথ নিৰ্মাণৰ দাবীত আছু আৰু ৰাইজৰ উত্তাল প্ৰতিবাদ
তামুলপুৰ, ২৫ ছেপ্তেম্বৰ (হি.স.)। তামুলপুৰ-ঘগ্ৰাপাৰ সংযোগী পথ নিৰ্মাণৰ দাবীত আছু আৰু ৰাইজৰ উত্তাল প্ৰতিবাদ। ৰূপায়ণ কৰিলে বৃহৎ মানৱ শৃংখল কাৰ্যসূচী। দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ হৈ থকা তামুলপুৰ-ঘগ্ৰাপাৰ সংযোগী ঘাই পথ নিৰ্মাণৰ দাবীত আজি উত্তাল হৈ পৰিল তামু
তামুলপুৰ-ঘগ্ৰাপাৰ সংযোগী পথ নিৰ্মাণৰ দাবীত আছু আৰু ৰাইজৰ উত্তাল প্ৰতিবাদ


তামুলপুৰ, ২৫ ছেপ্তেম্বৰ (হি.স.)। তামুলপুৰ-ঘগ্ৰাপাৰ সংযোগী পথ নিৰ্মাণৰ দাবীত আছু আৰু ৰাইজৰ উত্তাল প্ৰতিবাদ। ৰূপায়ণ কৰিলে বৃহৎ মানৱ শৃংখল কাৰ্যসূচী। দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ হৈ থকা তামুলপুৰ-ঘগ্ৰাপাৰ সংযোগী ঘাই পথ নিৰ্মাণৰ দাবীত আজি উত্তাল হৈ পৰিল তামুলপুৰ। পশ্চিম তামুলপুৰ শাখা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত ৰূপায়ণ কৰা হ'ল এক বৃহৎ মানৱ শৃংখল কাৰ্যসূচী।

হাগ্ৰামা মহিলাৰী হাই হাই,বিশ্বজিৎ দৈমাৰী হাই হাই,আমাক পথ লাগিবই প্ৰতিবাদকাৰী সকলৰ অভিযোগ— দীৰ্ঘদিন ধৰি এই মূল পথটো জৰাজীৰ্ণ হৈ থকাৰ বাবে বিদ্যালয়-মহাবিদ্য়ালয়ৰ ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি সাধাৰণ ৰাইজ যাতায়তৰ ক্ষেত্ৰত ভীষণ অসুবিধাৰ সন্মুখীন হৈছে। ইমান দিনে পথটো মেৰামতি নকৰাৰ বাবে অঞ্চলটোত প্ৰতিদিনেই বহু কেইটা পথ দুৰ্ঘটনাও সংঘটিত হৈ আহিছে।

প্ৰশাসন আৰু জনপ্ৰতিনিধিৰ এনে উদাসীনতাৰ বিৰুদ্ধেই আজি ক্ষোভ উজাৰে আছু আৰু স্থানীয় ৰাইজে। বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী আৰু তামুলপুৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ দৈমাৰীৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰী সকলে। অতি শীঘ্ৰে এই পথটো নিৰ্মাণ নকৰিলে আগন্তুক দিনত ইয়াতকৈও ভয়ংকৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ছাত্ৰ সন্থা আৰু ৰাইজে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande