
আজ্ঞাঠুৰী–কামাখ্যা অংশৰ দ্বৈতকৰণে উত্তৰ-পূবৰ সংযোগ ব্যৱস্থা অধিক সুগম কৰিব
গুৱাহাটী, ২৩ ছেপ্টেম্বৰ (হি.স.)। উত্তৰ-পূব সীমান্ত ৰে’লৱেই আগিয়াঠুৰী–কামাখ্যা ষ্টেচনৰ মাজত ৰে’লপথ দ্বৈতীকৰণসহ দ্বিতীয়খন শৰাইঘাট ৰে’ল-কাম-ৰোড দলং প্ৰকল্প ৰূপায়ণ কৰি আছে। অসমৰ যাতায়াত আন্তঃগাঁথনিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সংযোজন হিচাপে পৰিগণিত হ’বলগীয়া এই প্ৰকল্পই ব্ৰহ্মপুত্ৰৰ ওপৰেৰে ৰে’ল আৰু পথ সংযোগ অধিক উন্নত কৰাৰ লগতে গুৱাহাটীৰ যাতায়াতৰ ক্ষমতা বৃদ্ধি কৰিব আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বিস্তৃত সংযোগ ব্যৱস্থাৰ প্ৰয়োজনীয়তা পূৰণত সহায় কৰিব।
বৰ্তমানৰ শৰাইঘাট সেতুখন ১৯৬২ চনৰ ছেপ্টেম্বৰ মাহত সম্পূৰ্ণ হৈছিল আৰু ২৩ ছেপ্টেম্বৰ, ১৯৬২ তাৰিখে প্ৰথমখন ইঞ্জিনে এই সেতু অতিক্ৰম কৰিছিল। ছয় দশকৰো অধিক সময় ধৰি এই সেতুখনে ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ মাজত এক গুৰুত্বপূৰ্ণ সংযোগ হিচাপে সেৱা আগবঢ়াই অহাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ এক গুৰুত্বপূৰ্ণ প্ৰৱেশদ্বাৰ হিচাপেও ভূমিকা পালন কৰি আহিছে।অঞ্চলটোত যাত্ৰীবাহী আৰু মালবাহী পৰিবহণ ক্ৰমাগতভাৱে বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত গুৰুত্বপূৰ্ণ কৰিড’ৰৰ যাতায়াত ক্ষমতা বৃদ্ধিৰ প্ৰয়োজনীয়তাও ক্ৰমাৎ বৃদ্ধি পাইছে।
আগিয়াঠুৰী আৰু কামাখ্যা ষ্টেচনৰ মাজৰ ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰে’লপথ দ্বৈতকৰণ প্ৰকল্পটো ৰে’ল মন্ত্ৰালয়ে ২০২৪ চনত অনুমোদন জনাইছিল। ইয়াৰ পিছত প্ৰকল্পটোৰ বিস্তৃত পৰিকল্পনা আৰু নিবিদা প্ৰক্ৰিয়া গ্ৰহণ কৰা হয়। ভাৰতৰ আগশাৰীৰ অভিযান্ত্ৰিক আৰু নিৰ্মাণ প্ৰতিষ্ঠানসমূহৰ অন্যতম তথা বৃহৎ আন্তঃগাঁথনিমূলক প্ৰকল্প ৰূপায়ণৰ ক্ষেত্ৰত বিস্তৃত অভিজ্ঞতা থকা লাৰ্ছেন এণ্ড টুব্ৰ’ (এল এণ্ড টি)-ক প্ৰকল্পটোৰ ৰূপায়ণৰ দায়িত্ব অৰ্পণ কৰা হৈছে।নতুন সেতুখন ঘনবসতিপূৰ্ণ নগৰীয়া পৰিৱেশৰ মাজত নিৰ্মাণ কৰিবলগীয়া হোৱাৰ বাবে প্ৰকল্পটোৱে ভূমি অধিগ্ৰহণ, বেদখল উচ্ছেদ আৰু বিদ্যমান সেৱা-সুবিধাসমূহ স্থানান্তৰৰ ক্ষেত্ৰত বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছে।ৰাজ্য চৰকাৰ তথা স্থানীয় প্ৰশাসনৰ সক্ৰিয় সহযোগিতাত এই প্ৰত্যাহ্বানসমূহৰ অধিকাংশ ইতিমধ্যে সমাধান কৰা হৈছে। বাকী থকা বিষয়সমূহ সমাধান কৰি ক্ৰমান্বয়ে নিৰ্মাণ কাৰ্যৰ বাবে কৰ্মক্ষেত্ৰ উপলব্ধ কৰাৰ উদ্দেশ্যে উত্তৰ-পূব সীমান্ত ৰে’লৱেই সংশ্লিষ্ট ৰাজ্যিক সংস্থাসমূহৰ সৈতে নিৰন্তৰ সমন্বয় সাধন কৰি আছে।ইফালে, অভিযান্ত্ৰিক দিশতো প্ৰকল্পটোৱে যথেষ্ট অগ্ৰগতি লাভ কৰিছে। ভূ-প্ৰযুক্তিগত অনুসন্ধানৰ কাম সম্পূৰ্ণ হোৱাৰ লগতে গুৰুত্বপূৰ্ণ অভিযান্ত্ৰিক, ডিজাইন আৰু নিৰ্মাণ অংকন প্ৰস্তুতৰ কামো যথেষ্ট আগবাঢ়িছে।
প্ৰকল্পটোৰ এক গুৰুত্বপূৰ্ণ অংশ হৈছে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’বলগীয়া ১.৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ ডাবল-ডেকাৰ ৰে’ল-কাম-ৰোড সেতু। তলৰ স্তৰত দুটা ৰে’লপথ থাকিব, আনহাতে ওপৰৰ ডেকত পদপথসহ তিনিটা লেনযুক্ত পথ থাকিব। ইয়াৰ বিপৰীতে, বৰ্তমানৰ শৰাইঘাট সেতুখনত এটা ৰে’লপথ আৰু দুটা লেনযুক্ত পথ আছে।মূল সেতুখন ১২৫ মিটাৰ স্পেন দৈৰ্ঘ্যৰ ৱেলডেড অ’পেন ৱেব গাৰ্ডাৰ (ওডব্লিউ জি) ছুপাৰষ্ট্ৰাকচাৰৰ সৈতে ৱেল ফাউণ্ডেচনৰ ওপৰত নিৰ্মাণ কৰা হ’ব। মূল সেতুখন দুয়োটা দিশত এপ্ৰ’চ ভায়াডাক্টৰ সৈতে সংযুক্ত হ’ব। আগিয়াঠুৰী দিশত প্ৰায় ৬০০ মিটাৰ আৰু কামাখ্যা দিশত প্ৰায় ২০০ মিটাৰ দৈৰ্ঘ্যৰ এপ্ৰ’চ ভায়াডাক্ট থাকিব।ৰে’ল আৰু পথ দুয়োটা অংশৰ বাবে কম্প’জিট গাৰ্ডাৰ ছুপাৰষ্ট্ৰাকচাৰ ব্যৱহাৰ কৰি এই ভায়াডাক্টসমূহ পাইল ফাউণ্ডেচনৰ ওপৰত নিৰ্মাণ কৰা হ’ব। একত্ৰিত ডাবল-ডেকাৰ ব্যৱস্থাৰ অংশ হিচাপে দুয়োটা দিশতে চাৰিটাকৈ পথৰ স্পেন থাকিব। প্ৰকল্পটো এনএইচএআইৰ দ্বাৰা নিৰ্মাণ কৰি থকা পথ সংযোগ ব্যৱস্থাৰ সৈতেও সংযুক্ত হ’ব। ইয়াৰ জৰিয়তে এফালে জলুকবাৰী আৰু আনফালে আগিয়াঠুৰী দিশৰ পথ নেটৱৰ্কৰ সৈতে সংযোগ স্থাপন কৰা হ’ব।
প্ৰকল্পটোৰ পৰিকল্পনা আৰু নিৰ্মাণত অত্যাধুনিক নিৰ্মাণ প্ৰযুক্তি, ডিজিটেল অভিযান্ত্ৰিকী, গুণগত মান আৰু সুৰক্ষাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। সেতুখনৰ গাঁথনি আৰু কাৰ্যক্ষমতা ফলপ্ৰসূভাৱে নিৰীক্ষণৰ বাবে উন্নত ডিজিটেল নিৰীক্ষণ আৰু ব্ৰিজ ইনষ্ট্ৰুমেন্টেচন চিষ্টেম সংযোজন কৰা হ’ব। ব্ৰহ্মপুত্ৰ নদীৰ প্ৰত্যাহ্বানমূলক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্মাণ পদ্ধতি প্ৰস্তুত কৰা হৈছে। বিশেষকৈ ফাউণ্ডেচন নিৰ্মাণ, গাঁথনি স্থাপন, গুণগত মান নিশ্চিতকৰণ, নিৰ্মাণ সুৰক্ষা আৰু দীৰ্ঘম্যাদী স্থায়িত্বৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে।
দ্বিতীয়খন শৰাইঘাট ৰে’ল-কাম-ৰোড সেতু কেৱল আগিয়াঠুৰী–কামাখ্যা ৰে’লপথৰ দ্বৈতকৰণৰ বাবেই গুৰুত্বপূৰ্ণ নহয়, বৰং গুৱাহাটী আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বিস্তৃত যাতায়াত নেটৱৰ্কক সহায় কৰা এক সংহত ৰে’ল আৰু পথ আন্তঃগাঁথনি প্ৰকল্প হিচাপেও ইয়াৰ বিশেষ তাৎপৰ্য আছে। অতিৰিক্ত ৰে’লপথৰ ফলত যাত্ৰীবাহী আৰু মালবাহী ৰে’লৰ চলাচল অধিক সুগম হোৱাৰ লগতে তিনিটা লেনযুক্ত পথ অংশই গুৱাহাটীৰ উত্তৰ আৰু দক্ষিণ পাৰৰ মাজৰ সংযোগ অধিক উন্নত কৰিব আৰু ভৱিষ্যতৰ যাতায়াতৰ প্ৰয়োজনীয়তা পূৰণত সহায় কৰিব।ৰে’ল, পথ আৰু সংশ্লিষ্ট এপ্ৰ’চ আন্তঃগাঁথনিক একেটা সংহত কৰিড’ৰৰ অংশ হিচাপে একত্ৰিত কৰাৰ ফলত ব্ৰহ্মপুত্ৰৰ ওপৰেৰে সমগ্ৰ যাতায়াত সংযোগ ব্যৱস্থা অধিক উন্নত হ’ব। উত্তৰ-পূৰ্বাঞ্চলৰ সংযোগ আৰু যাতায়াত ক্ষমতা বৃদ্ধিৰ ক্ষেত্ৰত প্ৰকল্পটোৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি ৰে’লৱে ব’ৰ্ডকে ধৰি সংশ্লিষ্ট কৰ্তৃপক্ষসমূহে প্ৰকল্পটোৰ কাম-কাজ ঘনিষ্ঠভাৱে নিৰীক্ষণ কৰি আহিছে। এনএইচএআইৰ পথ সংযোগ ব্যৱস্থাৰ সৈতে প্ৰকল্পটোৰ একত্ৰিতকৰণে এই কৰিড’ৰৰ সামগ্ৰিক সংযোগ ব্যৱস্থা অধিক উন্নত কৰাৰ লগতে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ মাজত যাতায়াত অধিক সুচল কৰি তুলিব।
প্ৰস্তুতিমূলক কাম-কাজ যথেষ্ট আগবাঢ়ি যোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰকল্পটো এতিয়া নিৰ্মাণ পৰ্যায়ত প্ৰৱেশ কৰিছে। বাৰিষাৰ বতৰ শেষ হোৱাৰ লগে লগে এল এণ্ড টিয়ে যন্ত্ৰপাতি আৰু অন্যান্য সম্পদ সংগ্ৰহৰ লগতে প্ৰস্তুতিমূলক কাম-কাজ আগবঢ়াই নিছে। ২০২৬ চনৰ অক্টোবৰ মাহৰ পৰা পাইলিং কাম আৰম্ভ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। চলিত বিত্তীয় বৰ্ষত অন্যান্য গুৰুত্বপূৰ্ণ নিৰ্মাণ কাৰ্যসমূহো ক্ৰমাগতভাৱে গতি লাভ কৰাৰ আশা কৰা হৈছে। ফাউণ্ডেচন, গাঁথনি, ভায়াডাক্ট, মাটিৰ কাম আৰু অন্যান্য আনুষংগিক কাম-কাজসমূহৰ ক্ষেত্ৰতো নিৰ্মাণ কাৰ্য ক্ৰমাৎ ত্বৰান্বিত হ’ব।
প্ৰকল্পটোআগন্তুক কেইবছৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। প্ৰকল্পটোৰ দলটোৱে উচ্চমানৰ গুণগত মান, সুৰক্ষা, অভিযান্ত্ৰিক উৎকৰ্ষতা, স্থায়িত্ব আৰু প্ৰযুক্তিগত উৎকৰ্ষতা বজাই ৰাখি নিৰ্ধাৰিত সময়সূচীৰ ভিতৰত কাম সম্পূৰ্ণ কৰাৰ বাবে সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে।প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ পিছত দ্বিতীয়খন শৰাইঘাট ৰে’ল-কাম-ৰোড সেতুৱে ব্ৰহ্মপুত্ৰৰ ওপৰেৰে ৰে’ল আৰু পথ যাতায়াতৰ ক্ষমতা বৃদ্ধি কৰাৰ লগতে গুৱাহাটীৰ দুয়োপাৰৰ মাজৰ সংযোগ অধিক উন্নত কৰিব আৰু যাত্ৰী তথা সামগ্ৰীৰ চলাচল অধিক সুচল কৰি তুলিব। ইয়াৰ ফলত অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ যাতায়াত নেটৱৰ্ক অধিক উন্নত আৰু কাৰ্যক্ষম হৈ উঠিব।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী