
গুৱাহাটী, ২৩ ছেপ্টেম্বৰ (হি.স.)। ভাৰতীয় জনতা পার্টি, অসম প্ৰদেশৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত আজি বুধবৰীয়া সাপ্তাহিক আলোচনা চক্ৰৰ অন্তৰ্গত 'ৰাজনৈতিক বাকধাৰা (পলিটিকেল নেৰেটিভ) সৃষ্টি আৰু ইয়াৰ প্ৰত্যাহ্বান' শীর্ষক এক গুৰুত্বপূর্ণ আলোচনা অনুষ্ঠিত হয়। সমসাময়িক ৰাজনৈতিক যোগাযোগৰ পৰিৱৰ্তিত ধাৰা, জনমত গঠনত বাকধাৰাৰ ভূমিকা তথা বর্তমান সময়ত বাকধাৰা সৃষ্টি আৰু প্ৰত্যুত্তৰ প্ৰদানৰ ক্ষেত্ৰত উদ্ভৱ হোৱা বিভিন্ন প্রত্যাহ্বান সন্দর্ভত আলোচনা চক্রত বিস্তৃতভাবে মত-বিনিময় কৰা হয়।
সভাৰ আৰম্ভণিতে ৰাজ্যিক বিজেপিৰ মুখ্য মুখপাত্র কিশোৰ উপাধ্যায়ে উপস্থিত সদস্যসকলক উদ্দেশ্যি আলোচনা চক্ৰৰ প্ৰাসংগিকতা ব্যাখ্যা কৰাৰ লগতে আজিৰ মুখ্য বক্তা জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাক আদৰণি জনায়। সমসাময়িক বিষয়, ৰাজনৈতিক যোগাযোগ আৰু জনমত গঠনৰ বিভিন্ন দিশত অর্থপূর্ণ আলোচনাৰ পৰিৱেশ সৃষ্টি কৰাৰ উদ্দেশ্যে নিয়মীয়াকৈ এই বুধবৰীয়া সাপ্তাহিক আলোচনা চক্র অনুষ্ঠিত কৰি অহা হৈছে বুলি তেওঁ উল্লেখ কৰে।
নিজৰ সাংবাদিকতাৰ দীঘলীয়া অভিজ্ঞতাৰ আলোকপাত কৰি জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাই সংবাদ মাধ্যমৰ ক্ষেত্ৰত কৰ্মৰত সাংবাদিকসকলে সন্মুখীন হ'বলগীয়া বিভিন্ন প্রত্যাহ্বান, ব্যক্তিগত অভিজ্ঞতা আৰু পেছাগত চাপৰ বিষয়ে বিস্তৃতভাৱে বক্তব্য আগবঢ়ায়। তেওঁ এটা ব্যক্তিগত অভিজ্ঞতাৰ উল্লেখ কৰি কয় যে তেওঁৰ পোহনীয়া কুকুৰৰ জন্মদিন উদযাপনৰ এটা সাধাৰণ ঘটনাক সামাজিক মাধ্যমত পৰৱৰ্তী সময়ত এক নেতিবাচক বাকধাৰাৰ সৈতে সংযুক্ত কৰা হৈছিল। উক্ত ঘটনাৰ জৰিয়তে তেওঁ কেনেদৰে এটা সাধাৰণ ঘটনাকো ভিন্ন প্রেক্ষাপটত উপস্থাপন কৰি এক সম্পূৰ্ণ পৃথক ধাৰণা সৃষ্টি কৰিব পৰা যায়, সেই কথা ব্যাখ্যা কৰে।
সামাজিক মাধ্যমত কোনো বিষয়ৰ বাকধাৰা কেনেদৰে পৰিৱৰ্তিত, বিকৃত আৰু অধিক বিস্তৃত ৰূপত প্ৰচাৰিত হ'ব পাৰে, সেই বিষয়েও তেওঁ আলোকপাত কৰে। পৰম্পৰাগত সংবাদ মাধ্যমৰ বিপৰীতে সামাজিক মাধ্যমত নির্দিষ্ট সম্পাদকীয় পৰীক্ষা-নিৰীক্ষা, সম্পাদক বা সুসংগঠিত সম্পাদকীয় ব্যৱস্থা নথকাৰ ফলত যিকোনো ব্যক্তিয়ে নিজকে বুদ্ধিজীৱী, লেখক, কর্মী অথবা ভাষ্যকাৰ হিচাপে উপস্থাপন কৰিব পাৰে আৰু পর্যাপ্ত প্রেক্ষাপট বা তথ্যৰ ভিত্তি নথকাকৈও কোনো এটা বক্তব্য বা বাকধাৰা ব্যাপকভাৱে প্ৰচাৰিত হ'ব পাৰে বুলি তেওঁ মন্তব্য কৰে।
টেলিভিছনৰ বিতৰ্কমূলক অনুষ্ঠানসমূহৰ প্ৰসংগত ভূঞাই কয় যে বহু সময়ত চৰকাৰবিৰোধী বিষয়সমূহে এনে অনুষ্ঠানত অধিক গুৰুত্ব লাভ কৰে। তদুপৰি, তীব্র বাক-বিতণ্ডা আৰু মতানৈক্যপূর্ণ আলোচনাই পৰম্পৰাগতভাৱে অধিক দর্শক আকৰ্ষণ কৰাৰ প্ৰৱণতা দেখা যায়। অৱশ্যে সময়ৰ পৰিৱৰ্তনৰ লগে লগে এই ধাৰাতো পৰিৱৰ্তন আহিছে আৰু দৰ্শকৰ মাজত অর্থপূর্ণ, তথ্যভিত্তিক তথা মানসম্পন্ন আলোচনাৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাইছে বুলি তেওঁ উল্লেখ কৰে।
তেওঁ লগতে কয় যে কেতিয়াবা মুষ্টিমেয় ব্যক্তিৰ মতামত বা বক্তব্যকো বৃহৎ জনসমষ্টিৰ মতামত হিচাপে উপস্থাপন কৰাৰ প্ৰৱণতা দেখা যায়। একেজন ব্যক্তিয়ে একাধিক সামাজিক মাধ্যমৰ একাউণ্ট ব্যৱহাৰ কৰি কোনো নির্দিষ্ট মতামতক বহু লোকৰ মতামত হিচাপে প্রতীয়মান কৰাব পাৰে বুলিও তেওঁ উল্লেখ কৰে।
সামাজিক মাধ্যমৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে কয় যে টেলিভিছন বিতর্ক, আলোচনা আৰু গুৰুত্বপূৰ্ণ বক্তব্যসমূহৰ প্ৰাসংগিক অংশ সামাজিক মাধ্যমৰ জৰিয়তে অধিক বিস্তৃতভাবে প্ৰচাৰ কৰাটো সময়ৰ দাবী। ইয়াৰ জৰিয়তে কোনো এটা আলোচনা কেৱল মূল অনুষ্ঠানটোৰ দৰ্শকৰ মাজতে সীমাবদ্ধ নাথাকি অধিক সংখ্যক লোকৰ ওচৰলৈ লৈ যাব পৰা যায় বুলি তেওঁ মত প্রকাশ কৰে।
সামাজিক মাধ্যমত ব্যক্তিয়ে উপস্থাপন কৰা জীৱনশৈলী আৰু বাস্তৱ জীৱনৰ মাজত থকা পাৰ্থক্যৰ বিষয়েও তেওঁ আলোকপাত কৰে। যুৱ প্ৰজন্মৰ প্ৰসংগত তেওঁ কয় যে সামাজিক মাধ্যমত তেওঁলোকৰ উপস্থিতিৰ ভিত্তিত সমগ্র যুৱ প্রজন্মক মূল্যায়ন কৰাটো উচিত নহয়। কাৰণ, বহু যুৱক-যুৱতী কৃষি, ব্যৱসায়, পেছাগত কর্ম তথা বিভিন্ন উৎপাদনশীল ক্ষেত্ৰৰ সৈতে সক্রিয়ভাবে জড়িত হৈ আছে।
তেওঁ লগতে উল্লেখ কৰে যে বৰ্তমানৰ বহু নতুন প্রজন্মই অতীতৰ কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰসমূহৰ সেই সময়ছোৱাৰ কাম-কাজসমূহ নিজ চকুৰে প্রত্যক্ষ কৰা নাই। ফলত তেওঁলোকৰ ৰাজনৈতিক ধাৰণা আৰু বাকধাৰা সৃষ্টিৰ অভিজ্ঞতাও এক ভিন্ন সময় আৰু পৰিৱেশৰ দ্বাৰা প্ৰভাৱিত। সময়ৰ পৰিৱৰ্তনৰ সৈতে ৰাজনৈতিক বাকধাৰাৰ স্বৰূপো সলনি হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে পূর্বতে সময়মতে দৰমহা-পেঞ্চন লাভ নকৰাৰ দৰে বিষয়সমূহ ৰাজনৈতিক আলোচনাৰ কেন্দ্ৰত আছিল যদিও বর্তমান সময়ত চৰকাৰৰ উন্নয়নমূলক কার্যসূচী, উন্নয়ন আৰু চৰকাৰৰ ঋণৰ দৰে বিষয়সমূহো ৰাজনৈতিক আলোচনাৰ গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে।
আলোচনা চক্ৰৰ শেষত জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাই উপস্থিত সদস্যসকলৰ সৈতে মত-বিনিময় কৰাৰ লগতে ৰাজনৈতিক বাকধাৰা, সামাজিক মাধ্যম আৰু পৰিৱৰ্তিত জন-আলোচনাৰ বিভিন্ন দিশ সম্পর্কে উত্থাপিত প্ৰশ্নৰ উত্তৰ প্ৰদান কৰে।
অনুষ্ঠানৰ সামৰণিত সংবাদ সম্পর্ক বিভাগৰ ৰাজ্যিক আহ্বায়ক দেৱান ধ্রুবজ্যোতি মৰলে ধন্যবাদসূচক বক্তব্য আগবঢ়ায়। তেওঁ আজিৰ গুৰুত্বপূৰ্ণ আলোচনাত অংশগ্রহণ কৰি মূল্যৱান মতামত আগবঢ়োৱাৰ বাবে জ্যেষ্ঠ সাংবাদিক অতনু ভূঞা, ভাৰতীয় জনতা পার্টি, অসম প্রদেশৰ সংবাদ বিভাগ আৰু উপস্থিত সকলো অংশগ্রহণকাৰীলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী