বন্দে মাতৰম’ৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে নমামি ভাৰতম ৰ বিশেষ অনুষ্ঠান আয়োজন সম্পূৰ্ণ
গুৱাহাটী, ২৩ ছেপ্টেম্বৰ (হি.স.)। দেশৰ স্বাধীনতা সংগ্ৰামৰ সৈতে গভীৰভাৱে জড়িত দেশপ্ৰেমৰ প্ৰতীক ‘বন্দে মাতৰম’ গীতৰ ১৫০ বছৰ পূৰ্তি উপলক্ষে শিশু শিক্ষা সমিতি, অসমৰ উদ্যোগত এক বিশেষ বৰ্ষপূৰ্তি অনুষ্ঠান আয়োজন কৰা হৈছে। অহা ২৫ ছেপ্টেম্বৰ, শুকুৰবাৰে পুৱা
এক প্ৰেছ মেল সম্বোধন কৰি বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ সম্পাদক ড০ জগদীন্দ্ৰ ৰায়চোধুৰী আৰু অন্যান্য সকল


গুৱাহাটী, ২৩ ছেপ্টেম্বৰ (হি.স.)। দেশৰ স্বাধীনতা সংগ্ৰামৰ সৈতে গভীৰভাৱে জড়িত দেশপ্ৰেমৰ প্ৰতীক ‘বন্দে মাতৰম’ গীতৰ ১৫০ বছৰ পূৰ্তি উপলক্ষে শিশু শিক্ষা সমিতি, অসমৰ উদ্যোগত এক বিশেষ বৰ্ষপূৰ্তি অনুষ্ঠান আয়োজন কৰা হৈছে।

অহা ২৫ ছেপ্টেম্বৰ, শুকুৰবাৰে পুৱা ১১:০০ বজাত বিদ্যা ভাৰতীয়ে সমগ্ৰ ভাৰতবৰ্ষতে ‘বন্দে মাতৰম’ৰ ১৫০ বছৰীয়া জয়ন্তী উদযাপন কৰি এক বিশ্ব ৰেকৰ্ড গঢ়াৰ বাবে নমামি ভাৰতম কাৰ্যক্ৰম অনুষ্ঠান হ’ব। এই অনুষ্ঠানত সমগ্ৰ ভাৰতবৰ্ষতে ২৫০০০ খন বিদ্যালয়ত ৰাতিপুৱা ১১:০০ বজাত একে সময়তে ৰাষ্ট্ৰ গীত বন্দে মাতৰম পৰিবেশন হ'ব। বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ ১৫০০ খন বিদ্যালয়ত তিনি লক্ষাধিক ছাত্ৰ ছাত্ৰী, আচাৰ্আচাৰ্যা আৰু অন্য ব্যক্তি উপস্থিত থাকি ১১:০০ বজাত বন্দে মাতৰম পৰিবেশন কৰিব। এই উপলক্ষে শিশু শিক্ষা সমিতি,অসমে গুৱাহাটীৰ কলাক্ষেত্ৰস্থিত শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত উক্ত দিনা ১১:০০ বজাত কেন্দ্ৰীয় ভাবে বৰ্ষপুৰ্তি অনুষ্ঠান আয়োজন কৰা হৈছে।

এই উদ্দেশ্যে বুধবাৰে গুৱাহাটী জু-ৰোডস্থিত অসম প্ৰকাশন ভাৰতীৰ শন্তনু ৰঘুনাথ শেণ্ডে সভা গৃহত বিয়লি ৪ বজাত আয়োজিত এক প্ৰেছ মেল সম্বোধন কৰি বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ সম্পাদক ড০ জগদীন্দ্ৰ ৰায়চোধুৰীয়ে প্ৰস্তুতি সম্পূৰ্ণ হোৱা কথা সদৰি কৰাৰ লগতে অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত সেনাপ্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদী মহোদয় উপস্থিত থাকিব বুলি জানিবলৈ দিছে। সংবাদ মেলত বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ সংগঠন মন্ত্ৰী ড০ পবন তিৱাৰী, শিশু শিক্ষা সমিতি, অসমৰ সভাপতি কুলেন্দ্ৰ কুমাৰ ভাগৱতী আৰু নমামি ভাৰতমৰ সংযোজক গৌৰৱ কলিতা উপস্থিত থাকে।

শিশু শিক্ষা সমিতি অসমৰ প্ৰচাৰ সংযোজক মুকুটেশ্বৰ গোস্বামীয়ে জানিবলৈ দিয়া মতে এই অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অহা ২৫ ছেপ্টেম্বৰ শুক্ৰবাৰে পূৱা ১০:৩০ বজাৰ পৰা এঘন্টা জুৰি নামনি ভাৰতম কাৰ্য্যক্ৰম অনুষ্ঠিত কৰা হব।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande