নতুন ই-কমাৰ্চ নিয়মে অধিক স্বচ্ছতা, ন্যায্য প্ৰতিযোগিতা আৰু জবাবদিহিতা নিশ্চিত কৰিব: খাণ্ডেলৱাল
-কেটে সংস্কাৰক আদৰণি জনাইছে, লুণ্ঠনকাৰী মূল্য নিৰ্ধাৰণ আৰু প্ৰত্যক্ষ বিদেশী বিনিয়োগ উলংঘাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী নতুন দিল্লী, ২৩ ছেপ্টেম্বৰ (হি.স.)। দেশৰ শীৰ্ষ বাণিজ্য সংস্থা কনফেডাৰেচন অৱ অল ইণ্ডিয়া ট্ৰেডাৰ্ছ (কেট)য়ে গ্ৰাহক সুৰক্
कैट महामंत्री प्रवीण खंडेलवाल का फाइल फोटो


-কেটে সংস্কাৰক আদৰণি জনাইছে, লুণ্ঠনকাৰী মূল্য নিৰ্ধাৰণ আৰু প্ৰত্যক্ষ বিদেশী বিনিয়োগ উলংঘাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী

নতুন দিল্লী, ২৩ ছেপ্টেম্বৰ (হি.স.)। দেশৰ শীৰ্ষ বাণিজ্য সংস্থা কনফেডাৰেচন অৱ অল ইণ্ডিয়া ট্ৰেডাৰ্ছ (কেট)য়ে গ্ৰাহক সুৰক্ষা (ই-কমাৰ্চ) (সংশোধনী) নিয়ম, ২০২৬ৰ অধিসূচনাক আদৰণি জনাই ভাৰতৰ ডিজিটেল বাণিজ্য পৰিৱেশ তন্ত্ৰক অধিক স্বচ্ছ, জবাবদিহি, আৰু সমতাপূৰ্ণ কৰাৰ দিশত এক ঐতিহাসিক আৰু সুদূৰপ্ৰসাৰী পদক্ষেপ বুলি অভিহিত কৰে।

কেটৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা চান্দনী চ’কৰ সাংসদ প্ৰবীণ খাণ্ডেলৱালে বুধবাৰে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত ভাৰতে গ্ৰাহকৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ লগতে ডিজিটেল অৰ্থনীতিৰ ব্যৱসায়ী, খুচুৰা বিক্ৰেতা, ষ্টাৰ্টআপ আৰু সুক্ষ্ম, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ (এমএছএমই) খণ্ডক সমান সুযোগ প্ৰদানৰ বাবে অহৰহ আগবাঢ়িছে।

খাণ্ডেলৱালে কয় যে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ’বলগীয়া এই নিয়মসমূহৰ ভিতৰত সন্ধান ৰেংকিঙত স্বচ্ছতা, পৃষ্ঠপোষকতা কৰা তালিকাৰ স্পষ্ট প্ৰকাশ, প্ৰকৃত ৰেহাইৰ তথ্য প্ৰদৰ্শন, ৰাষ্ট্ৰীয় গ্ৰাহক সহায়ক ৰেখাৰ সৈতে একত্ৰীকৰণ, অভিযোগ নিৰাময় ব্যৱস্থা শক্তিশালী কৰা, আৰু গ্ৰাহকক বিভ্ৰান্ত কৰা “অন্ধকাৰ আৰ্হি” ৰোধ কৰা আদি গুৰুত্বপূৰ্ণ বিধান অন্তৰ্ভুক্ত কৰা হৈছে।

তেওঁ বুজাই দিলে যে কেটে দীৰ্ঘদিন ধৰি গভীৰ ৰেহাই, অস্বচ্ছ এলগৰিদম, বিভ্ৰান্তিকৰ প্ৰচাৰ, অনুসন্ধান ফলাফলৰ হেতালি খেলা, আৰু নিৰ্বাচিত বিক্ৰেতাক অগ্ৰাধিকাৰ দিয়া আদি বিষয় উত্থাপন কৰি আহিছে। এই নতুন নিয়মসমূহ এই উদ্বেগসমূহৰ সমাধানৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ আৰু ই অনলাইন আৰু অফলাইন ব্যৱসায়ৰ মাজত এক সমতাপূৰ্ণ খেলপথাৰ সৃষ্টি কৰিব।

বিশেষকৈ পৃষ্ঠপোষকতা কৰা তালিকাৰ বাধ্যতামূলক প্ৰকাশ, অনুসন্ধান ফলাফলত হেতালি খেলা নিষিদ্ধ কৰা, আৰু যিকোনো ৰেহাইৰ বিজ্ঞাপনৰ সৈতে যোৱা ত্ৰিশ দিনৰ সৰ্বনিম্ন মূল্য প্ৰদৰ্শন কৰাৰ প্ৰয়োজনীয়তাক খাণ্ডেলৱালে আদৰণি জনায়। তেওঁ কয় যে ইয়াৰ ফলত গ্ৰাহকৰ আস্থা বৃদ্ধি পাব আৰু প্ৰতাৰণামূলক মূল্য নিৰ্ধাৰণৰ পদ্ধতি ৰোধ হ’ব।

কেটৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে এই সংস্কাৰসমূহ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভোকেল ফৰ লোকেল, আত্মনিৰ্ভৰ ভাৰত, আৰু লোকেল টু গ্ল'বেলৰ দৃষ্টিভংগীৰ সৈতে সামঞ্জস্যপূৰ্ণ আৰু ই দেশৰ ক্ষুদ্ৰ ব্যৱসায়ী, উদ্যোগী, আৰু এমএছএমইসকলক ডিজিটেল বজাৰত অধিক সুযোগ প্ৰদান কৰিব।

খাণ্ডেলৱালে কয় যে ডিজিটেল বাণিজ্যৰ সফলতা কেৱল বৃহৎ প্লেটফৰ্মৰ বৃদ্ধিৰ দ্বাৰা জুখিব নালাগে, বৰঞ্চ ই সমগ্ৰ দেশৰ লাখ লাখ ব্যৱসায়ী, খুচুৰা বিক্ৰেতা, মহিলা উদ্যোগী, ষ্টাৰ্টআপ, আৰু এমএছএমইক কেনেকৈ শক্তিশালী কৰে তাৰ দ্বাৰা জুখিব লাগে।

ডিজিটেল বাণিজ্য খণ্ডৰ পৰিৱৰ্তিত প্ৰত্যাহ্বান আৰু বিভিন্ন অংশীদাৰৰ উদ্বেগক মনত ৰাখি এই গুৰুত্বপূৰ্ণ সংস্কাৰসমূহ ৰূপায়ণ কৰা বুলি উল্লেখ কৰি কেটে কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশী আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ প্ৰতিও কৃতজ্ঞতা প্ৰকাশ কৰে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande