
- ভাৰতীয় যুদ্ধ বিমানে শত্ৰুৰ আকাশমাৰ্গত প্ৰৱেশ নকৰাকৈয়ে নিৰাপদ দূৰত্বৰ পৰা আক্ৰমণ চলাব পাৰিব
নতুন দিল্লী, ২৩ ছেপ্টেম্বৰ (হি.স.)। ‘আত্মনিৰ্ভৰ ভাৰত’ৰ এক বৃহৎ পদক্ষেপ হিচাপে প্ৰতিৰক্ষা মন্ত্ৰালয়ে ভাৰত ডাইনেমিক্স লিমিটেড (বিডিএল)ৰ সৈতে ৮১১ কোটি টকাৰ চুক্তি স্বাক্ষৰ কৰিছে। ইয়াৰ দ্বাৰা ভাৰতীয় বায়ুসেনাৰ বাবে ১৬০ টা চেটেলাইট স্মাৰ্ট এণ্টি এয়াৰফিল্ড ৱেপন ক্ৰয় কৰিব পৰা যাব। বুধবাৰে নতুন দিল্লীত প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰ সিঙৰ উপস্থিতিত এই চুক্তি স্বাক্ষৰিত হয়। ১০০ কিলোমিটাৰ পৰ্যন্ত দূৰত্বৰ এই উপগ্ৰহ নিৰ্দেশিত বোমা ভাৰতীয় যুদ্ধ বিমানে শত্ৰুৰ আকাশমাৰ্গত প্ৰৱেশ নকৰাকৈ নিৰাপদ দূৰত্বৰ পৰা নিক্ষেপ কৰিব পাৰে।
স্মাৰ্ট এণ্টি এয়াৰফিল্ড ৱেপন (এছএএডব্লিউ) হৈছে ভাৰতৰ অত্যাধুনিক উপগ্ৰহ নিৰ্দেশিত আৰু নিখুঁত নিৰ্দেশিত বোমা, মূলতঃ শত্ৰুৰ বিমানবন্দৰ আৰু ৰাণৱে ধ্বংস কৰাৰ বাবে ডিজাইন কৰা হৈছে। প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডি আৰ ডি অ’)ৰ গৱেষণা কেন্দ্ৰ ইমাৰাট (আৰ চি ই)য়ে ইয়াক থলুৱাভাৱে প্ৰস্তুত কৰিছিল। এই অস্ত্ৰটো চেটেলাইট নেভিগেচন আৰু ইলেক্ট্ৰ’-অপ্টিকেল ছিকাৰ প্ৰযুক্তিৰে সজ্জিত, যাৰ ফলত ই দিন বা ৰাতিৰ যিকোনো সময়তে অতি সঠিক লক্ষ্য নিৰ্ধাৰণ কৰিব পাৰে। ইয়াৰ ওজন প্ৰায় ১২৫ কিলোগ্ৰাম। ইয়াৰ ওজন লঘু হোৱাৰ বাবে ইয়াক একাধিক সংখ্যক যুদ্ধ বিমান (জাগুয়াৰ বা চুখোই-৩০) দ্বাৰা পৰিবহণ কৰিব পৰা যায়।
ডি আৰ ডি অ’ৰ মতে ইয়াক শত্ৰুৰ ৰাণৱে, বাংকাৰ, বিমানৰ হেংগাৰ, ৰাডাৰ হাব, আৰু অন্যান্য দুৰ্গম সামৰিক স্থাপন ধ্বংস কৰিবলৈ ব্যৱহাৰ কৰা হয়। ভাৰতীয় বায়ুসেনা আৰু ডি আৰ ডি অ’ই সুখয়-৩০ আৰু জাগুয়াৰ যুদ্ধ বিমানৰ পৰা এই ক্ষেপণাস্ত্ৰৰ কেইবাটাও সফল পৰীক্ষা সম্পন্ন কৰিছে। দুটা ভিন্নতা পৰীক্ষা কৰা হৈছে: এটা উপগ্ৰহৰ নিৰ্দেশনাৰ ওপৰত নিৰ্ভৰশীল আৰু আনটো ইনফ্ৰাৰেড ছিকাৰ প্ৰযুক্তি ব্যৱহাৰ কৰা। ই হৈছে বায়ুৰ পৰা মাটিলৈ নিখুঁতভাৱে নিৰ্দেশিত গ্লাইড বোমা যিটো জাগুয়াৰ, হক, আৰু চুখোই-৩০ এমকেআইৰ দৰে প্লেটফৰ্মৰ পৰা নিক্ষেপ কৰিব পাৰি। ইয়াত বহু দূৰৰ পৰা শত্ৰুৰ বিমানবন্দৰ নিষ্ক্ৰিয় কৰাৰ ক্ষমতা আছে।
থলুৱাভাৱে ডিজাইন আৰু বিকশিত কৰা এই ব্যৱস্থা ৬০% থলুৱা হ’ব। ২০২৭-২০২৮ চনৰ পৰা ২০২৮-২০২৯ চনৰ ভিতৰত বায়ুসেনালৈ ডেলিভাৰীৰ কথা। ইয়াৰ অন্তৰ্ভুক্তিয়ে নিঃসন্দেহে বায়ুসেনাৰ কাৰ্যকৰী ক্ষমতা বৃদ্ধি কৰিব, যাৰ ফলত ই কোনো বাধা নোহোৱাকৈ নিজৰ কাৰ্য্যকলাপ অব্যাহত ৰাখিব পাৰিব আৰু দেশৰ প্ৰতিৰক্ষা প্ৰস্তুতি শক্তিশালী কৰিব। প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰথমে ভাৰত ডাইনেমিক্স লিমিটেডৰ সৈতে ১৬০টা চেটেলাইট স্মাৰ্ট এণ্টি এয়াৰফিল্ড অস্ত্ৰ আৰু আনুষংগিক সঁজুলি ক্ৰয়ৰ বাবে চুক্তিবদ্ধ হৈছে, যাৰ মুঠ ব্যয় হৈছে ৮১০.৭৯ কোটি ₹।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া