কোকৰাঝাৰত স্তনপান কৰোৱা মাতৃৰ বাবে ‘মা পোষণ থালী’ পদক্ষেপৰ শুভাৰম্ভ
কোকৰাঝাৰ, ২৩ ছেপ্তেম্বৰ (হি.স.): স্তনপান কৰোৱা মাতৃসকলৰ মাজত পৰ্যাপ্ত আৰু পুষ্টিকৰ খাদ্য গ্ৰহণৰ অভ্যাস গঢ়ি তোলাৰ লগতে মাতৃ আৰু শিশুৰ পুষ্টি ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে ‘মা পোষণ থালী’ নামৰ এক অভিনৱ পদক্ষেপৰ জিলা পৰ্যায়ৰ শুভাৰম্ভ কৰা হয়
কোকৰাঝাৰত স্তনপান কৰোৱা মাতৃৰ বাবে ‘মা পোষণ থালী’ পদক্ষেপৰ শুভাৰম্ভ


কোকৰাঝাৰত স্তনপান কৰোৱা মাতৃৰ বাবে ‘মা পোষণ থালী’ পদক্ষেপৰ শুভাৰম্ভ


কোকৰাঝাৰ, ২৩ ছেপ্তেম্বৰ (হি.স.): স্তনপান কৰোৱা মাতৃসকলৰ মাজত পৰ্যাপ্ত আৰু পুষ্টিকৰ খাদ্য গ্ৰহণৰ অভ্যাস গঢ়ি তোলাৰ লগতে মাতৃ আৰু শিশুৰ পুষ্টি ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে ‘মা পোষণ থালী’ নামৰ এক অভিনৱ পদক্ষেপৰ জিলা পৰ্যায়ৰ শুভাৰম্ভ কৰা হয়। বুধবাৰে ডটমা আইচিডিএছ প্ৰকল্পৰ উদ্যোগত অনুষ্ঠিত এক অনুষ্ঠানত এই পদক্ষেপৰ আনুষ্ঠানিক শুভাৰম্ভ কৰা হয়।

অনুষ্ঠানত বিটিচিৰ ডব্লিউচিডি বিভাগৰ ইএম প্ৰকাশ বসুমতাৰী, ডব্লিউচিডি বিভাগৰ সচিব পামি ব্ৰহ্ম, কৃষি বিজ্ঞান কেন্দ্ৰৰ (কেভিকে) জ্যেষ্ঠ বিজ্ঞানী পূৰ্ণা শৰ্মা, জিলা সমাজ কল্যাণ বিষয়া (ডিএছডব্লিউ অ), শিশু উন্নয়ন প্ৰকল্প বিষয়া (চিডিপিঅ), ৱাছ কনছালটেণ্ট টীম আৰু ডিএইছইডব্লিউৰ সদস্য, জিলা আৰু ব্লক পোষণ সমন্বয়ক, ভিচিডিচিৰ অধ্যক্ষ, ছুপাৰভাইজাৰ, অংগনৱাড়ী কৰ্মী আৰু সহায়িকা, গৰ্ভৱতী মহিলা, স্তনপান কৰোৱা মাতৃ, শিশু তথা স্থানীয় ৰাইজ উপস্থিত থাকে।

অনুষ্ঠানৰ আৰম্ভণিতে ডব্লিউচিডি বিভাগৰ সচিব পামি ব্ৰহ্মই ফিতা কাটি ‘মা পোষণ থালী’ পদক্ষেপৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে। ইয়াৰ পিছতে ইএম প্ৰকাশ বসুমতাৰী আৰু সচিব পামি ব্ৰহ্মই স্তনপান কৰোৱা মাতৃসকলৰ মাজত পুষ্টি কিট (নিউট্ৰিকিট) বিতৰণ কৰে।

‘মা পোষণ থালী’ পদক্ষেপৰ জৰিয়তে স্তনপান কৰোৱা মাতৃসকলক স্বাস্থ্যসন্মত আৰু পুষ্টিকৰ খাদ্য গ্ৰহণৰ বাবে উৎসাহিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। বিশেষকৈ স্থানীয়ভাৱে উপলব্ধ বিভিন্ন প্ৰকাৰৰ পুষ্টিসমৃদ্ধ খাদ্য সামগ্ৰী দৈনন্দিন খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে।

এই পদক্ষেপে মাতৃসকলৰ স্বাস্থ্য আৰু পুষ্টিৰ উন্নতি সাধনৰ লগতে শিশুৰ সঠিক বৃদ্ধি আৰু বিকাশৰ বাবে প্ৰয়োজনীয় পুষ্টি নিশ্চিত কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে। অনুষ্ঠানৰ সামৰণিত মাতৃ আৰু শিশু পুষ্টিৰ ক্ষেত্ৰত অধিক উন্নত ফলাফল লাভৰ বাবে জনসাধাৰণৰ অংশগ্ৰহণ, পুষ্টি সম্পৰ্কীয় সজাগতা বৃদ্ধি আৰু সংশ্লিষ্ট বিভাগ তথা অংশীদাৰসকলৰ মাজত ফলপ্ৰসূ সমন্বয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande