নগাঁৱৰ জিলা আয়ুক্ত তথা নিৰ্বাচনী বিষয়াক শীঘ্ৰে অপসাৰণৰ দাবী কংগ্ৰেছৰ
–বৰমা বজাৰৰ আক্ৰমণৰ ঘটনাক লৈ নিৰ্বাচন আয়োগলৈ প্ৰদেশ কংগ্ৰেছৰ জৰুৰী পত্ৰ গুৱাহাটী, ২৩ ছেপ্টেম্বৰ (হি.স.)। নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত যোৱা ২১ ছেপ্টেম্বৰত চামগুৰিৰ বৰমা বজাৰত কংগ্ৰেছৰ কনভয়ৰ ওপৰত হোৱা ভয়ংকৰ আক্ৰমণৰ ঘটনাক লৈ ন
কংগ্ৰেছ দলৰ লোগো


–বৰমা বজাৰৰ আক্ৰমণৰ ঘটনাক লৈ নিৰ্বাচন আয়োগলৈ প্ৰদেশ কংগ্ৰেছৰ জৰুৰী পত্ৰ

গুৱাহাটী, ২৩ ছেপ্টেম্বৰ (হি.স.)। নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত যোৱা ২১ ছেপ্টেম্বৰত চামগুৰিৰ বৰমা বজাৰত কংগ্ৰেছৰ কনভয়ৰ ওপৰত হোৱা ভয়ংকৰ আক্ৰমণৰ ঘটনাক লৈ নগাঁৱৰ জিলা নিৰ্বাচনী বিষয়াৰ মন্তব্যৰ বিৰুদ্ধে তীব্ৰ আপত্তি প্ৰকাশ কৰি ভাৰতৰ নিৰ্বাচন আয়োগৰ দ্বাৰস্থ হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটি।

নগাঁৱত মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ স্বাৰ্থত বৰ্তমানৰ জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়াক নিৰ্বাচনী দায়িত্বৰ পৰা তাৎক্ষণিকভাৱে অপসাৰণ আৰু বদলি কৰাৰ দাবী জনাই আজি প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক (প্ৰশাসন) বিপুল গগৈয়ে নিৰ্বাচন আয়োগলৈ এখন আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰে। পত্ৰখনত কংগ্ৰেছে স্পষ্ট কৰি দিয়ে যে ২১ ছেপ্টেম্বৰৰ এই আক্ৰমণ কোনো আকস্মিক বা অপ্ৰত্যাশিত ঘটনা নাছিল। এই সন্দৰ্ভত প্ৰশাসনক পূৰ্বতেই বাৰে বাৰে সতৰ্ক কৰি দিয়া হৈছিল । সাংসদ ৰকিবুল হুছেইনে নগাঁৱৰ জিলা আয়ুক্তক বিজেপিৰ পৃষ্ঠপোষকতাত সমাজবিৰোধী লোকে বৰমা বজাৰত সমবেত হোৱা আৰু শিলগুটিকে ধৰি আক্ৰমণৰ সামগ্ৰী মজুত কৰি ৰখাৰ বিষয়ে একাধিকবাৰ অৱগত কৰিছিল।

কিন্তু জিলা আয়ুক্তই সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি আশ্বাস দিয়াৰ পিছতো কোনো সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা নহ’ল। একেদৰে সাংসদগৰাকীয়ে নগাঁৱৰ আৰক্ষী অধীক্ষক আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক ৰজী তালুকদাৰৰ সৈতেও কেইবাবাৰো কথা পাতি ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলসহ জ্যেষ্ঠ নেতাসকলৰ ভ্ৰমণৰ নিৰাপত্তা আৰু সম্ভাব্য আক্ৰমণৰ বিষয়ে সতৰ্ক কৰিছিল। প্ৰয়োজন হ’লে এই শীৰ্ষ বিষয়াসকললৈ কৰা ফোন কলৰ সবিশেষ তথ্য নিৰ্বাচন আয়োগক দাখিল কৰিবলৈ সাজু বুলিও কংগ্ৰেছে পত্ৰত উল্লেখ কৰে। জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ বিবৃতিৰ তীব্ৰ বিৰোধিতা কৰি কংগ্ৰেছে কয় যে প্ৰশাসনে এই গুৰুতৰ ঘটনাক লঘূ কৰি দেখুৱাবলৈ অপচেষ্টা চলাইছে।

আয়োগৰ দাবী গাড়ীত পৰা বুলি কোৱা কথাটো আৰু গাড়ীত থকা লোকৰ কোনো ক্ষতি হোৱা নাই বুলি কৰা দাবীক সম্পূৰ্ণ অসত্য বুলি অভিহিত কৰে কংগ্ৰেছে । এই আক্ৰমণত নিখিল ভাৰত কংগ্ৰেছৰ সম্পাদক মনোজ চৌহান আৰু অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গুৰুতৰভাৱে আহত হোৱাৰ লগতে কেইবাখনো গাড়ী ভাঙি চূৰমাৰ কৰা হৈছিল। ইয়াৰ উপৰিও আক্ৰমণকাৰীৰ কোনো নিৰ্দিষ্ট নেতা নাছিল বুলি প্ৰশাসনে কৰা দাবীক নস্যাৎ কৰি কংগ্ৰেছে কয় যে বিজেপি নেতা মজিবুৰ ৰহমানৰ নেতৃত্বতহে এই আক্ৰমণ সংঘটিত হৈছিল। আক্ৰমণৰ নেতৃত্ব দিয়া হাবিবুৰ ৰহমান নামৰ এজনক কংগ্ৰেছ কৰ্মীসকলে হাতে-লোটে ধৰি আৰক্ষীক চমজাই দিছিল যদিও আৰক্ষীয়ে তেওঁক এৰি দিয়ে আৰু পৰৱৰ্তী সময়ত উভতি অহাৰ পথত সেই একেই দলটোৱে পুনৰ আক্ৰমণৰ চেষ্টা চলায় ।

আক্ৰমণৰ সম্ভাৱনীয়তাক লৈ একাধিকবাৰ অৱগত কৰাৰ পিছতো নিৰাপত্তা প্ৰদানত ব্যৰ্থ হোৱা আৰু ঘটনাৰ পাছত বিবৃতিৰ জৰিয়তে আক্ৰমণকাৰীক ৰক্ষণাবেক্ষণ দিয়াৰ দৰে এনে কাৰ্যকলাপৰ বাবে নগাঁৱৰ জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়াৰ নিৰপেক্ষতাৰ ওপৰত কংগ্ৰেছ দলে সম্পূৰ্ণ আস্থা হেৰুৱাই পেলাইছে বুলি নিৰ্বাচন আয়োগক জনোৱা হৈছে। সেয়েহে সমগ্ৰ ঘটনাটোৰ নিৰপেক্ষ তদন্ত কৰাৰ লগতে নিৰ্বাচন প্ৰক্ৰিয়া স্বচ্ছ, নিৰপেক্ষ আৰু সুৰক্ষিতভাৱে পৰিচালনা কৰিবলৈ বৰ্তমানৰ জিলা আয়ুক্তগৰাকীক তৎকালীনভাৱে অপসাৰণ কৰি আন এগৰাকী নিৰপেক্ষ জ্যেষ্ঠ বিষয়াক দায়িত্ব অৰ্পণ কৰিবলৈ প্ৰদেশ কংগ্ৰেছে নিৰ্বাচন আয়োগক দাবী জনায় ।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande