
ৰায়পুৰ, ০২ ছেপ্টেম্বৰ (হি.স.)। উপ-ৰাষ্ট্ৰপতি চি.পি. ৰাধাকৃষ্ণনে আজি এদিনীয়া ভ্ৰমণসূচীৰে ছত্তীশগড়ৰ ৰায়পুৰত উপস্থিত হ’ব। নিৰ্ধাৰিত সময়ত ৰায়পুৰ বিমানবন্দৰত উপস্থিত হৈ বিমানবন্দৰৰ পৰা সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান (এইমছ), ৰায়পুৰলৈ ৰাওনা হ’ব। তাত তেওঁ এইমছ ৰায়পুৰৰ তৃতীয় সমাৱৰ্তনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। এইমছ চৌহদত পুৱা ১০:৪৫ বজাৰ পৰা নিশা ১২:৩৫ বজালৈ তেওঁৰ অনুষ্ঠান।
এই অনুষ্ঠানৰ পাছতেই উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে এইমছৰ পৰা প্ৰায় ১:১৫ বজাত ৰায়পুৰ বিমানবন্দৰত উপস্থিত হ’ব। ইয়াৰ পিছতে তেওঁ দুপৰীয়া ১:২৫ বজাত নতুন দিল্লীলৈ ৰাওনা হ’ব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া