
নগাঁও, ১০ ছেপ্টেম্বৰ (হি.স.): নগাঁও জিলাৰ ৰূপহীহাটৰ শিঙিমাৰীত যোৱা কালি বুধবাৰে সন্ধিয়া চাঞ্চল্যকৰ পথ ডকাইতিৰ ঘটনা সংঘটিত হয় । তিনিজনীয়া দুৰ্বৃত্তৰ দলে লুটি নিলে নিলে ১ লাখ ৯০ হাজাৰ টকাৰ লগত ম'বাইল ফোন ।
জানিব পৰামতে, শিঙিমাৰীৰ ফকৰুল ইছলাম নামৰ লোকজন ৰূপহী বজাৰৰ পৰা ঘৰমুখে আহি থকা অৱস্থাত পথ আগুচি ধৰি ৰডেৰে প্ৰহাৰ কৰি লুটপাত চলায়। উক্ত ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে । ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ