
অভিনেতা-প্ৰযোজক ফাৰহান আখতাৰ অনুৰাগীৰ বাবে এক নতুন ঘোষণা। ফাৰহান আৰু ৰিতেশ সিধৱানীৰ প্ৰডাকচন কোম্পানী এক্সেল এণ্টাৰটেইনমেণ্টে এতিয়া মালয়ালম ভেম্পায়াৰ থ্ৰিলাৰ ছবি হাফৰ সৈতে যোগদান কৰিছে। ছ’চিয়েল মিডিয়াত এই খবৰ শ্বেয়াৰ কৰি ফাৰহানে প্ৰকাশ কৰে যে ছবিখন এক্সেল এণ্টাৰটেইনমেণ্ট আৰু এ এ ফিল্মছৰ সহযোগত সমগ্ৰ উত্তৰ ভাৰতত হিন্দী ভাষাত উপস্থাপন আৰু মুক্তি পাব। ইয়াৰ ফলত হাফ হৈছে এক্সেল এণ্টাৰটেইনমেণ্ট বেনাৰত মুক্তি পোৱা প্ৰথমখন মালয়ালম ছবি।
২০২৪ চনৰ মালয়ালম ছবি গোল্লাম পৰিচালনাৰ বাবে সুপৰিচিত ছামজাদৰ পৰিচালনাৰে এই ছবিখন। হাফ ভেম্পায়াৰ লোককথাৰ পটভূমিত ৰচনা কৰা হৈছে, য'ত হিংসাত্মক চিকাৰ, প্ৰতিশোধ, আৰু ৰক্তপাতৰ কাহিনী আছে। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৰঞ্জিত সজীৱ, ঐশ্বৰ্য ৰাজ, আব্বাছ, অমলা পলে। ছবিখনৰ ধাৰা আৰু কাহিনীয়ে ইয়াক পৰম্পৰাগত মালয়ালম চিনেমাৰ পৰা পৃথক এক অন্ধকাৰ আৰু তীব্ৰ অভিজ্ঞতা হিচাপে স্থান দিছে।
২০২৬ চনৰ ছেপ্টেম্বৰ মাহত টৰন্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ (টিআইএফএফ) প্ৰতিষ্ঠিত মিডনাইট মেডনেছ শিতানত হাফৰ বিশ্ব প্ৰিমিয়াৰ হ'ব।উৎসৱত মুক্তি পোৱাৰ পিছত ভাৰতত হিন্দী, তামিল, তেলেগু, আৰু কানাড়া ভাষাত মুক্তি পাব ছবিখন। মালয়ালম চিনেমাত এক্সেল এণ্টাৰটেইনমেণ্টৰ প্ৰথমটো বৃহৎ উদ্যোগক সমগ্ৰ দেশতে আঞ্চলিক কাহিনী দৰ্শকৰ মাজলৈ অনাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে বিবেচিত হৈছে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ