
ধুবুৰী, ২৯ আগষ্ট (হি.স.)। প্ৰচণ্ড গৰমৰ প্ৰতি লক্ষ্য ৰাখি ধুবুৰী শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।
ধুবুৰী জিলাৰ চৰকাৰী বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী সলনি কৰা হৈছে।ধুবুৰীত প্ৰচণ্ড গৰমৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষাৰ্থীসকলৰ সুবিধাৰ্থে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে ধুবুৰী শিক্ষা বিভাগে।নিৰ্দেশনা অনুসৰি, এল পি স্কুলৰ শিক্ষাৰ্থীসকলৰ বাবে পুৱা ৭ বজাৰ পৰা ১১:৩০ বজালৈ, এম ই স্কুলৰ শিক্ষাৰ্থীসকলৰ বাবে পুৱা ৭:৩০ বজাৰ পৰা ১২ বজালৈ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ বাবে পুৱা ৭ বজাৰ পৰা ১২:৩০ বজালৈ পাঠদান চলিব।তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ এই নতুন সময়সূচী জাৰি কৰিছে ধুবুৰী শিক্ষা বিভাগে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ