
শোণিতপুৰ, ২৯ আগষ্ট (হি.স.) অসমত মূল সুঁতি বুলি একো বস্তু নাই, আছে উমৈহতীয়া সুঁতি । এই সুঁতিটো সুদীর্ঘ কৰিবৰ বাবে সকলো জাতি-জনগোষ্ঠীৰ লোকসকলে পাৰস্পৰিক সহযোগিতাৰে আগবাঢ়ি যাবলৈ শিকিব লাগিব । সময় থাকোঁতে নিজৰ নিজৰ স্বকীয়তা বজাই ৰাখি আগবাঢ়ি যোৱাৰ সংকল্প ল'ব লাগিব। পাৰস্পৰিক বিশ্বাস আৰু ইয়াৰ আধাৰ হ'ব লাগিব।-আজি জনগোষ্ঠীয় বিদ্যায়তনিক আলোচনা-চক্রত সভাপতিৰ আসন গ্রহণ কৰি অসম সাহিত্য সভাৰ সভাপতি ড° বসন্তকুমাৰ গোস্বামীয়ে এইদৰে কয়।
ভাষণ প্রসংগত ড° গোস্বামীয়ে লগতে কয়- অসমৰ জাতি-জনগোষ্ঠীৰ লোকসকল একেটা মঞ্চত সমবেত হোৱাৰ সুযোগ-সুবিধা আছে আৰু সেই সুযোগ-সুবিধা আমি গ্রহণ কৰি আগুৱাই যাব লাগিব। আদৰণী সমিতিৰ সভাপতি ড° ৰঞ্জিত দত্তই আদৰণী ভাষণ প্ৰদান কৰা অনুষ্ঠানটিত সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই উদ্দেশ্য ব্যাখ্যা কৰি ভাষণ প্রসংগত কয়- ঐক্য, শান্তি আৰু সমন্বয়ৰ সংকল্পৰে অসমত যুগ যুগ ধৰি শান্তি-সম্প্রীতিৰে বসবাস কৰি অহা, বুকু ফিন্দাই অসমীয়াৰ পৰিচয় দিয়া জনগোষ্ঠীয় সাহিত্য সংগঠনসমূহৰ মূল বিষয়ববীয়াসকলৰ লগত ভাব বিনিময় আৰু সমন্বয়ৰ শৈলসেঁতু নির্মাণৰ প্রচেষ্টাই এই কাৰ্যসূসূচীৰ অন্যতম। সকলো জনগোষ্ঠীৰ নেতৃস্থানীয় ব্যক্তিসকলক সাহিত্য সভাৰ পৱিত্ৰ পতাকাৰ তলত সমবেত কৰোৱাই অসম সাহিত্য সভাৰ উদ্দেশ্যে।
জনগোষ্ঠীয় বিদ্যায়তনিক আলোচনা-চক্রত আলোচক হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বড়ো বিভাগৰ সহকাৰী অধ্যাপক ড' ফাগুনা বৰমহলীয়া, ডুমডুমা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড° কর্মী খালেন, দেউৰী সাহিত্য সভাৰ প্রাক্তন সভাপতি ড° ষড়ানন দেউৰী, বিশিষ্ট সাহিত্যিক ড° অমিয়া পাতৰ, মৰাণ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড' তুলসী সোণোৱাল, কাৰবি লাম্মেত আমেই প্রাক্তন সভাপতি কামসিং হান্সে, বিশিষ্ট কবি, উপন্যাসিক অনিল পাংগিং, নিখিল ৰাভা সাহিত্য সভা, অসমৰ প্ৰাক্তন সম্পাদক বিশ্বনাথ ৰাভা তাৰা, মৰাণ সমাজ-সংস্কৃতিৰ বিশেষজ্ঞ যজ্ঞেশ্বৰ চেতিয়া, বিশিষ্ট সাহিত্যিক পেইম থি গোহাঁই।
সন্ধিয়া সাহিত্য, কবিতা, গীতৰ আড্ডা উদ্বোধন কৰে অসম সাহিত্য সভাৰ জিলা কেন্দ্রীয় প্রতিনিধি মোহন মৰাণে আৰু অনুষ্ঠানটিৰ আঁত ধৰে অসম সাহিত্য সভাৰ প্ৰচাৰ উপসমিতিৰ উপসভাপতি পুলক কুমাৰ গগৈয়ে। সভাৰ আৰম্ভণি গীত 'চিৰ চেনেহী মোৰ ভাষা জননী' পৰিৱেশনেৰে আৰম্ভ হোৱা আলোচনা-চক্রত বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকসকলে অংশগ্রহণ কৰি নিজৰ নিজৰ ভাষা-সাহিত্য-সংস্কৃতিৰ উত্তৰণৰ বাবে কিদৰে আগুৱাই যাব পাৰি, সেই বিষয়ে সকলোৱে অভিমত প্রকাশ কৰে। উল্লেখ্য যে আজিৰ অনুষ্ঠানতেই অসমৰ টাই জনগোষ্ঠী আৰু পার্বতীপ্রসাদ বৰুৱা ৰচনাৱলী নামৰ দুখন গ্রন্থ উন্মোচন কৰা হয়।
ইফালে পুৱা ৮ বজাত লিডু স্বর্ণ শাখা সাহিত্য সভাৰ সভাপতি ড° ৰঞ্জিত দত্তই অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰাৰ পাছত ৮.৩০ বজাত স্মৃতি তর্পণ কৰে তিনিচুকীয়া জিলা সাহিত্য সভাৰ সম্পাদক অৰূপ চাংমাই আৰু লিডু স্বর্ণ শাখা সাহিত্য সভাৰ সম্পাদক দীপক চেতিয়াই। পুৱা ৯ বজাত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ স্মৃতিত জন্মশতবৰ্ষৰ শ্রদ্ধার্ঘ্য অনুষ্ঠান আৰু শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে বিশিষ্ট সাংবাদিক, সাহিত্যিক জগত চাংমাই। সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ অমৰ গীত 'মানুহে মানুহৰ বাবে' ১০০ গৰাকী শিল্পীয়ে সমবেত কণ্ঠত পৰিৱেশন কৰাৰ পাছত জুবিন গাৰ্গলৈ শ্রদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন হয়।
অসম সাহিত্য সভাৰ উদ্যোগত স্বজাতীয় মৈত্রীবন্ধন উপসমিতি আৰু তিনিচুকীয়া জিলা সাহিত্য সভাৰ সহযোগত লিডু শাখা সাহিত্য সভাৰ ব্যৱস্থাপনাত দুদিনীয়া বর্ণাঢ্য কাৰ্য্যসূচীৰে লিডু ৰে'লৱে ৰংগমঞ্চত অনুষ্ঠিত এই অনুষ্ঠানৰ দ্বিতীয় দিনা অর্থাৎ ৩০ আগষ্টত পুৱা ১০ বজাত বিশেষ আকর্ষণ ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ সহধর্মিনী গৰিমা শইকীয়া গাৰ্গৰ সৈতে মত বিনিময় অনুষ্ঠান আৰু ৫০০ শিশুৰে সমবেতভাবে 'মায়াবিনী' পৰিবেশনৰে জুবিন গাৰ্গলৈ বিশেষ শ্রদ্ধাঞ্জলি অনুষ্ঠান কৰিব। পুৱা ১১ বজাত অসম সাহিত্য সভাৰ সভাপতি তথা জনগোষ্ঠীয় সাহিত্য সভা আৰু জাতীয় সংগঠনসমূহৰ সভাপতিসকলক লৈ এক বিশাল সাংস্কৃতিক শোভাযাত্রা উদ্বোধন কৰিব ৮৩ নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাই, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব মটক সাহিত্য সম্মিলনৰ সভাপতি তৰুণ কুমাৰ গগৈয়ে। দুপৰীয়া ১২ বজাত অসম জনগোষ্ঠীয় সমন্বয় সন্মিলনত সভাপতিত্ব কৰিব অসম সাহিত্য সভাৰ সভাপতি ড° বসন্তকুমাৰ গোস্বামীয়ে, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱা, স্মৃতিগ্রন্থ উন্মোচন কৰিব তিনিচুকীয়া জিলা সাহিত্য সভাৰ সভাপতি লম্বেশ্বৰ চেতিয়াই, আদৰণী ভাষণ প্ৰদান কৰিব আদৰণী সমিতিৰ মুখ্য সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগে, অসম জনগোষ্ঠীয় সমন্বয় সন্মিলনত আমন্ত্রিত অতিথি হিচাপে উপস্থিত থাকিব বড়ো সাহিত্য সভাৰ সভাপতি গোপীনাথ বৰগয়াৰী, নিখিল ৰাভা সাহিত্য সভাৰ সভাপতি অমৰ সিং কোচ, দেউৰী সাহিত্য সভাৰ সভাপতি বগাৰাম দেউৰী, কাৰবি সাহিত্য সভাৰ সভাপতি খৰসিং ইংতি, মিচিং সাহিত্য সভাৰ সভাপতি হৰিনাৰায়ণ পেণ্ড, গাৰো সাহিত্য সভাৰ সভাপতি বিচিত্র ও চাংমা, তিৱা সাহিত্য সভাৰ সভাপতি হৰসিং খলাৰ, কোচ-ৰাজবংশী সাহিত্য সভাৰ সভাপতি ড° দীজেন্দ্ৰ নাথ ভকত, চাওতাল সাহিত্য সভাৰ সভাপতি বেনগামীন চৰেং, ডিমাছা সাহিত্য সভাৰ সভাপতি ৰামেশ থাওচেন, পূর্ব্বাঞ্চল টাই সাহিত্য সভাৰ সভাপতি অতুল ফুকন, মৰাণ সাহিত্য সভাৰ সভাপতি ৰবীন মৰাণ, অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ সভাপতি সঞ্জয় কুমাৰ তাঁতী, অসম নেপালী সাহিত্য সভাৰ সভাপতি ড° চিন্তামণি শৰ্মা, চৰ-চাপৰি সাহিত্য সভাৰ সভাপতি ড° হাফিজ আহমেদ, সোণোৱাল কছাৰী সাহিত্য সভাৰ সভাপতি মোহন সোণোৱাল, চিংফৌ জাতীয় পৰিষদৰ সভাপতি চেংগ্রাম লাব্রাম, চেমা জাতীয় পৰিষদৰ সভাপতি কহেত' চেমা, টাংচা জাতীয় পৰিষদৰ সভাপতি নং যুংকুক, টাই-ফাকে জাতীয় পৰিষদৰ সভাপতি চাই উইং চাখাপ, টাই খাময়াং জাতীয় পৰিষদৰ সভাপতি ভূগেশ্বৰ থৌমুং, হাজং সাহিত্য সভাৰ সভাপতি কানুৰাজ হাজং, কৈৱৰ্ত্ত সাহিত্য সভাৰ সভাপতি সূতৰাম দাস, চুতীয়া সাহিত্য সম্মিলনৰ সভাপতি ৰাজীৱ বৰুৱা, মেছ-কছাৰী সাহিত্য সভাৰ সভাপতি দুলাল মেছ, ঠেঙাল কছাৰী, সাহিত্য সভাৰ সভাপতি দ্বীপেন বৰা, শৰণীয়া কছাৰী সাহিত্য সভাৰ সভাপতি সোণবৰ বৰুৱা, ঠেঙাল কছাৰী সাহিত্য সংস্কৃতি সভাৰ সভাপতি মহেন্দ্ৰ শইকীয়া, নিখিল বিষ্ণুপ্রিয়া মণিপুৰী সাহিত্য সভাৰ সভাপতি দিলছ লক্ষীন্দৰ সিংহ, বাংলা সাহিত্য সভাৰ সভাপতি খগেন দাস, গৰিয়া-মৰিয়া-দেশী-চৈয়দ-জলহা (চাহ জনগোষ্ঠী) জনগোষ্ঠীয় ঐক্যমঞ্চ, অসমৰ মুখ্য সমন্বয়ক নুৰুল হক, মদাহি সাহিত্য পৰিষদ, অসমৰ সভাপতি সৰ্বেশ্বৰ মদাহি উপস্থিত থাকিব।
অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়াব অসম সাহিত্য সভাৰ স্বজাতীয় মৈত্রীবন্ধন উপসমিতিৰ আহ্বায়ক ৰমেন ভৰালীয়ে, সন্ধিয়া সমন্বয়ৰ সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব পথাৰৰ শিল্পী লোহিত গগৈয়ে, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব ডিগবৈ সাহিত্য সেৱা সমিতিৰ সভাপতি নিৰুপমা গোস্বামীয়ে, কবিতাৰ শব্দ আৰু সুৰৰ মায়াজালত ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ সহধর্মিনী গৰিমা শইকীয়া গার্গ উপস্থিত থাকিব। অনুষ্ঠানত অসমৰ জনগোষ্ঠীয় জাতীয় অনুষ্ঠানসমুহৰ উপস্থিতি তথা সহায় সহযোগিতা কামনা কৰিছে আদৰণী সমিতিৰ আহ্বায়ক সুনীল গুৰুং আৰু মুখ্য সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগে ।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ