




শোণিতপুৰ, ২৯ আগষ্ট (হি.স.): আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস । হকীৰ যাদুকৰ তিনিবাৰকৈ ভাৰতীয় হকী দলৰ বাবে অলিম্পিকত ১৯২৮ৰ আমষ্টাৰডাম, ১৯৩২ৰ লছ এঞ্জেলছ আৰু ১৯৩৬ত বাৰ্লিনত অনুষ্ঠিত অলিম্পিকত তিনিবাৰকৈ দেশৰ বাবে সোনৰ পদক অৰ্জন কৰা পদ্মভূষণ মেজৰ ধ্যান চান্দৰ জন্ম দিনটো সমগ্ৰ ৰাষ্ট্ৰ ই ২০১২চনৰ পৰা ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে পালন কৰি আহিছে। এই উপলক্ষে আজি পুৱা সশস্ত্ৰ সীমা বলৰ তেজপুৰ ফ্ৰন্টিয়াৰ মুখ্যালয়ৰ পৰা অনুষ্ঠিত হোৱা ওৱাকাথন আনুষ্ঠানিকভাৱে উন্মোচন কৰি সশস্ত্ৰ সীমা বলৰ তেজপুৰ ফ্ৰন্টিয়াৰৰ অধিনায়ক এছ এনে সিঙে ভাৰত চৰকাৰৰ নিৰ্দেশ মৰ্মে তিনিদিনীয়াকৈ পালন কৰা ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে আজি সশস্ত্ৰ সীমা বলৰ তেজপুৰ ফ্ৰন্টিয়াৰে ওৱাকাথন অনুষ্ঠিত কৰাৰ কথা সদৰি কৰে।
অধিনায়ক গৰাকীয়ে সশস্ত্ৰ সীমা বলৰ ৮০গৰাকী বিষয়া কৰ্মচাৰীয়ে অংশগ্ৰহণ গ্ৰহণ কৰা ওৱাকাথন সশস্ত্ৰ সীমা বলৰ তেজপুৰ ফ্ৰন্টিয়াৰ মুখ্যালয়ৰ মূল প্ৰৱেশদ্বাৰৰ পৰা আৰম্ভ হৈ তেজপুৰ চহৰৰ মাজেৰে অতিক্ৰম কৰি শ্ৰীশ্ৰী মহাভৈৰৱ মন্দিৰ-দৰং মহাবিদ্যালয় -ভৰ্টক-ত্ৰিৱেনী পইন্ট-অসম ৰাজ্যিক পৰিবহণ নিগমৰ তেজপুৰ আস্থানৰ সন্মুখেৰে ৯কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি সশস্ত্ৰ সীমা বলৰ তেজপুৰ ফ্ৰন্টিয়াৰ মুখ্যালয়ত সামৰণি পৰিব বুলি সদৰি কৰে। এইবাৰ ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ বাণী এক ঘন্টা খেল পথাৰত অতিবাহিত কৰক সৰোগত কৰি সশস্ত্ৰ সীমা বলে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে ৯ কিলোমিটাৰ দূৰত্বৰ ওৱাকাথন অনুষ্ঠিত কৰে।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ