তিতাবৰত আৰক্ষীৰ অভিযানত ৬০০ টিন লালিগুৰ সহ বাহন জব্দ,দুজন গ্ৰেপ্তাৰ
যোৰহাট, ২৯ আগষ্ট (হি.স.)। তিতাবৰত আৰক্ষীৰ বৃহৎ সফলতা। অবৈধ চুলাই প্ৰস্তুত কৰা ৬০০ টিন লালিগুৰ সহ বাহন জব্দ। এক গোপন সূত্ৰৰ পম খেদি তিতাবৰ আৰক্ষীৰ এটা দলে চলোৱা অভিযানত কালি নিশা অবৈধ চুলাই মদ প্ৰস্তুত কৰিবলৈ সৰবৰাহ কৰা অৱস্থাত প্ৰায় ৬০০ টিন লালিগু
তিতাবৰত আৰক্ষীৰ অভিযানত ৬০০ টিন লালিগুৰ সহ বাহন জব্দ,দুজন গ্ৰেপ্তাৰ


যোৰহাট, ২৯ আগষ্ট (হি.স.)। তিতাবৰত আৰক্ষীৰ বৃহৎ সফলতা। অবৈধ চুলাই প্ৰস্তুত কৰা ৬০০ টিন লালিগুৰ সহ বাহন জব্দ। এক গোপন সূত্ৰৰ পম খেদি তিতাবৰ আৰক্ষীৰ এটা দলে চলোৱা অভিযানত কালি নিশা অবৈধ চুলাই মদ প্ৰস্তুত কৰিবলৈ সৰবৰাহ কৰা অৱস্থাত প্ৰায় ৬০০ টিন লালিগুৰ জব্দ কৰে। এএছ ০২চিচি-৮৮৩৯ নম্বৰৰ এখন মালবাহী বাহনেৰে কাৰ্বি আংলঙৰ খেৰণিৰ লক্ষী টেৰাং নামৰ লোকজনৰ পৰা এই বৃহৎ পৰিমাণৰ গুৰখিনি তিতাবৰৰ ঔগুৰি নিবাসী বিদ্যুৎ গগৈৰ বাসগৃহলৈ সৰবৰাহ কৰি থকা হৈছিল।

কিন্তু তিতাবৰৰ ৰঙাজান চেঁচাসত্ৰৰ সমীপত আৰক্ষীয়ে অতৰ্কিতে অভিযান চলাই গাড়ী খনৰ সৈতে গুৰখিনি জব্দ কৰিবলৈ সক্ষম হয়। উক্ত ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে বাহন খনৰ লগতে ইয়াৰ চালক সহ এজন লোকক আটক কৰিছে। সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তিতাবৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। এই চক্ৰটোৰ লগত আৰু কোন কোন জড়িত আছে, সেয়া আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande