হোজাইত পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু স্বচ্ছতা সুনিশ্চিত কৰাৰ উদ্দেশ্য়ে আধুনিক ব্যৱস্থা গ্ৰহণ
হোজাই, ২৯ আগষ্ট (হি.স.)। হোজাই পৌৰসভাৰ উদ্যোগত চহৰ খনৰ পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু স্বচ্ছতা সুনিশ্চিত কৰাৰ লক্ষ্যৰে এক বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে হোজাইৰ বিধায়ক শিলাদিত্য দেৱ, হোজাই জিলাৰ জিলা আয়ুক্ত স
হোজাইত পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু স্বচ্ছতা সুনিশ্চিত কৰাৰ উদ্দেশ্য়ে আধুনিক ব্যৱস্থা গ্ৰহণ


হোজাই, ২৯ আগষ্ট (হি.স.)। হোজাই পৌৰসভাৰ উদ্যোগত চহৰ খনৰ পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু স্বচ্ছতা সুনিশ্চিত কৰাৰ লক্ষ্যৰে এক বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে হোজাইৰ বিধায়ক শিলাদিত্য দেৱ, হোজাই জিলাৰ জিলা আয়ুক্ত সঞ্জয় দত্ত, জিলা আৰক্ষী অধীক্ষক নিৰূপম হাজৰিকা, হোজাই পৌৰসভাৰ সভানেত্ৰী চতুৰ্থী ৰাণী বিশ্বাস আৰু পৌৰসভাৰ সমূহ কৰ্মচাৰী সকল উপস্থিত থাকে।

ইয়াৰ উপৰিও, হোজাই চহৰৰ ক্ৰমবৰ্ধমান যান-জঁট নিয়ন্ত্ৰণ আৰু চহৰখনৰ নান্দনিক সৌন্দৰ্য্য বৃদ্ধিৰ বাবে এক বিশেষ পৰ্যালোচনা সভা অনুষ্ঠিত হয়। হোজাই প্ৰতিটো পৰিয়ালৰ বাবে দুটাকৈ জাবৰ-জোঁথৰ পেলোৱা ডাস্তবিন আৰু ৫ টাকৈ পথ পৰিষ্কাৰ যন্ত্ৰৰ জৰিয়তে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande