
নতুন দিল্লী/মুম্বাই, ২৯ আগষ্ট (হি.স.)। দেশৰ ব্যক্তিগত খণ্ডৰ সৰ্ববৃহত ঋণদাতা বেংক এইচ ডি এফ চি বেংকৰ মুখ্য কাৰ্যবাহী বিষয়া (চি ই অ’) আৰু পৰিচালন সঞ্চালক (এম ডি) শশীধৰ জগদীশনে তেওঁৰ কাৰ্যকাল শেষ হোৱাৰ পিছত পুনৰ নিযুক্তি বিচৰাৰ সিদ্ধান্ত লোৱা নাই বুলি শনিবাৰে প্ৰকাশ কৰে।
ষ্টক এক্সচেঞ্জত দাখিল কৰা এইচডিএফচি বেংকে উল্লেখ কৰিছে যে ৬১ বছৰীয়া জগদীশানে বেংকটোত প্ৰায় তিনিটা দশক কাম কৰাৰ পিছত ২০২৬ চনৰ ২৬ অক্টোবৰত অৱসৰ ল’ব। বেংকটোৱে উল্লেখ কৰে যে তেওঁ বৰ্তমানৰ কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ পিছত পুনৰ নিযুক্তিৰ বাবে বিবেচনাৰ পৰা নিজকে আঁতৰাই লৈছে।
কোম্পানীটোৱে উল্লেখ কৰে যে বেংকৰ ব’ৰ্ডে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত শশীধৰ জগদীশনৰ উত্তৰাধিকাৰীৰ বাছনি আৰু নিযুক্তি প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে কৰিব। বেংকটোৱে জনোৱা মতে, জগদীশানে এমডি আৰু চিইঅ’ হিচাপে পুনৰ নিযুক্তি নোলোৱাৰ সিদ্ধান্তৰ বিষয়ে জনাইছে আৰু ব’ৰ্ডৰ “বুজনি” সত্ত্বেও নিজৰ সিদ্ধান্তত দৃঢ়তাৰে আছে।
২০২৬ চনৰ ২৬ অক্টোবৰত অৱসৰ ল’ব বুলি জানিবলৈ দিয়ে বেংকটোৱে। আদিত্য পুৰীৰ ঠাইত ২০২০ চনৰ ২৭ অক্টোবৰত এইচ ডি এফ চি বেংকৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়াৰ দায়িত্ব গ্ৰহণ কৰে শশিধৰ জগদীশনে। জগদীশনৰ ভৱিষ্যতৰ কাম-কাজত ব’ৰ্ডৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া