
শোণিতপুৰ, ২৯ আগষ্ট । (হি.স.) ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূল কাৰ্যসূচী (এনটিইপি)-ৰ অধীনত আজি শোণিতপুৰৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সভাকক্ষত জিলা যক্ষ্মা নিৰ্মূল মঞ্চৰ এখন বৈঠক শোণিতপুৰ জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া শ্ৰী জয়ন্ত কুমাৰ বৰাৰ পৌৰোহিত্যত অনুষ্ঠিত হয় । যক্ষ্মা ৰোগ নিৰ্মূলৰ লক্ষ্যত উপনীত হোৱাৰ বাবে জনসাধাৰণৰ অংশগ্ৰহণ বৃদ্ধি, আন্তঃখণ্ডীয় সমন্বয় শক্তিশালী কৰা আৰু সামূহিক প্ৰচেষ্টা সুদৃঢ় কৰাৰ ওপৰত বৈঠকত গুৰুত্ব আৰোপ কৰা হয়।
বৈঠকত সহকাৰী আয়ুক্ত শ্ৰীমতী চয়ানিকা হাজৰিকা, জিলা তথ্য আৰু জনসংযোগ বিষয়া শ্ৰীমতী অংকিতা গগৈ, শোণিতপুৰৰ আইএমএ-ৰ সভাপতি, জিলা যক্ষ্মা (টিবি) কোষৰ সংশ্লিষ্ট বিষয়া, বিভিন্ন লাইন বিভাগৰ বিষয়া, টিবি চেম্পিয়ন আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্য তথা অন্যান্য অংশীদাৰসকলে অংশগ্ৰহণ কৰে।
ৰাজ্যিক টিবি কোষৰ ৰাজ্যিক জনস্বাস্থ্য বিশেষজ্ঞ শ্ৰী প্ৰসেনজিৎ দাসে আদৰণি ভাষণ প্ৰদান কৰি এনটিইপ-ত ব্যক্তিগত খণ্ডৰ ভূমিকা সম্পৰ্কে বক্তব্য আগবঢ়ায়। শোণিতপুৰৰ জিলা যক্ষ্মা বিষয়া (ডিটিও) ডাঃ ছিছিৰ বৈদ্যই জিলাখনৰ এনটিইপ-ৰ অগ্ৰগতি আৰু কাৰ্যসম্পাদনৰ এক আভাস দাঙি ধৰে।
আনহাতে, ৰাজ্যিক টিবি কোষৰ যক্ষ্মা কাৰিকৰী সহায়ৰ পৰামৰ্শদাতা (ভাৰত চৰকাৰ - বিশ্ব স্বাস্থ্য সংস্থা) ডাঃ শুভব্ৰত দাসে অংশীদাৰসকলৰ ভূমিকা, সামুহিক অংশগ্ৰহণ আৰু নি-ক্ষয় মিত্ৰৰ (Ni-kshay Mitra) পদক্ষেপৰ ওপৰত আলোকপাত কৰে। পিৰামল ফাউণ্ডেশ্যনৰ জ’ন-৩ৰ জ’নেল মেনেজাৰ শ্ৰী ডেইডেনছা বসুমতাৰীয়ে শোণিতপুৰত পিৰামল ফাউণ্ডেশ্যনৰ সহযোগিতা আৰু যক্ষ্মা সম্পৰ্কীয় পদক্ষেপসমূহ উপস্থাপন কৰে।
বৈঠকত জিলাখনত ‘টিবি মুক্ত পঞ্চায়ত’ (TB Mukt Panchayat) ঘোষণা কৰাৰ ক্ষেত্ৰত হোৱা অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰি, ২০২৩ চনত ১২খন, ২০২৪ চনত ২৭খন আৰু ২০২৫ চনত ৩১খন পঞ্চায়ত টিবি মুক্ত পঞ্চায়ত হিচাপে ঘোষণা কৰা হয়।
ইয়াৰ উপৰি, ২৪ মাৰ্চ, ২০২৬ৰ পৰা আৰম্ভ হোৱা ১০০ দিনীয়া ‘টিবি মুক্ত ভাৰত অভিযান’ (TB Mukt Bharat Abhiyan) দ্বিতীয় পৰ্যায়-ৰ জিলাখনৰ কাৰ্যসম্পাদনৰ বিষয়েও বৈঠকত আলোকপাত কৰা হয়। এই অভিযানৰ অধীনত ২০১টা HRV মেপিং (১০৬%), ২৮,৮৯৫টা CXR পৰীক্ষা (২৪৬%) আৰু ৮,১২২টা NAAT পৰীক্ষা (৯৮%) সম্পন্ন কৰা হয় আৰু অভিযানৰ সময়ছোৱাত ৯০১জন যক্ষ্মা ৰোগী চিনাক্ত কৰা হয়।
সংবাদ মাধ্যম, কৰ্পৰেট প্ৰতিষ্ঠান, ব্যক্তিগত স্বাস্থ্যসেৱা প্ৰদানকাৰী, এম ওৱাই ভাৰত, এনচিচি আৰু এনএচ এচৰ জৰিয়তে যুৱ সমাজ, টিবি চেম্পিয়ন আৰু সামূহিক সংগঠনসমূহৰ সৈতে সমন্বয় শক্তিশালী কৰাৰ ওপৰত বৈঠকত বিশেষ গুৰুত্ব আৰোপ কৰা হয়।
ব্যক্তিগত চিকিৎসালয় আৰু চিকিৎসা সেৱা প্ৰদানকাৰীসকলক সক্ৰিয়ভাৱে যক্ষ্মা ৰোগী চিনাক্ত, অৱগতকৰণ আৰু প্ৰতিবেদন দাখিল কৰিবলৈ আহ্বান জনোৱা হয়।
বৈঠকত ‘টিবি মুক্ত ভাৰত’ মোবাইল এপ্লিকেচন আৰু ‘নি-ক্ষয় মিত্ৰ’ পদক্ষেপ সম্পৰ্কেও বিস্তৃতভাৱে আলোচনা কৰা হয়। বৈঠকত ব্যক্তি আৰু বিভিন্ন সংস্থাক যক্ষ্মা ৰোগীসকলক পুষ্টিগত আৰু মানসিক-সামাজিক সহায় আগবঢ়াবলৈ আহ্বান জনোৱা হয়। লগতে ধাৰাবাহিক IEC কাৰ্যকলাপ, গ্ৰামসভাভিত্তিক সজাগতা সৃষ্টি আৰু পৰীক্ষাগাৰৰ কৰ্মচাৰীসকলৰ বাবে সময়ে সময়ে প্ৰশিক্ষণ প্ৰদানৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়।
‘টিবি মুক্ত শোণিতপুৰ’ৰ লক্ষ্যত উপনীত হোৱাৰ বাবে সকলো অংশীদাৰৰ অধিক সক্ৰিয় অংশগ্ৰহণ, আন্তঃবিভাগীয় সমন্বয় আৰু অভিসৰণ শক্তিশালী কৰাৰ আহ্বান জনাই বৈঠকৰ সামৰণি পৰে।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ