আন্তঃৰাষ্ট্ৰীয় মঞ্চত সন্মানিত ৰাণী মুখাৰ্জী, আই এফ এফ এমত লাভ কৰে বিশেষ বঁটা
অভিনেত্ৰী ৰাণী মুখাৰ্জীক চিনেমা আৰু আকৰ্ষণীয় অভিনয়ৰ প্ৰতি আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে মেলবৰ্ণৰ ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত বিশেষ সন্মানেৰে সন্মানিত কৰা হয়। তিনিটা দশকজুৰি চলি থকা বিখ্যাত কেৰিয়াৰত ৰাণীয়ে হিন্দী চিনেমাত বহু স্মৰণীয় চৰিত্ৰত অভিনয
रानी मुखर्जी - फोटो सोर्स एक्स


অভিনেত্ৰী ৰাণী মুখাৰ্জীক চিনেমা আৰু আকৰ্ষণীয় অভিনয়ৰ প্ৰতি আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে মেলবৰ্ণৰ ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত বিশেষ সন্মানেৰে সন্মানিত কৰা হয়।

তিনিটা দশকজুৰি চলি থকা বিখ্যাত কেৰিয়াৰত ৰাণীয়ে হিন্দী চিনেমাত বহু স্মৰণীয় চৰিত্ৰত অভিনয় কৰিছে আৰু তেওঁৰ শক্তিশালী অভিনয়ৰ জৰিয়তে ভাৰতীয় কাহিনী আন্তঃৰাষ্ট্ৰীয় দৰ্শকৰ মাজলৈ লৈ গৈছে। অষ্ট্ৰেলিয়াত অনুষ্ঠিত অনুষ্ঠানত এই সন্মান লাভ কৰি ৰাণীয়ে ইয়াক আৱেগিক আৰু বিশেষ মুহূৰ্ত বুলি অভিহিত কৰে।

ৰাণীয়ে কয় যে সৰু ছোৱালী হিচাপে ভাৰতীয় চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰাৰ সময়ত তেওঁ কেতিয়াও কল্পনা কৰা নাছিল যে তেওঁ অভিনয় কৰা চৰিত্ৰ আৰু ছবিয়ে তেওঁক সাত সাগৰৰ সিপাৰে লৈ যাব। অষ্ট্ৰেলিয়াৰ দৰ্শকৰ পৰা লাভ কৰা মৰম আৰু সন্মানৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি তেওঁ কয় যে চিনেমাৰ সাংস্কৃতিক সীমা অতিক্ৰম কৰাৰ অনন্য ক্ষমতা আছে। তেওঁৰ মতে বিশ্বৰ মানুহক মনোৰঞ্জন দিয়া আৰু গল্পৰ জৰিয়তে বিভিন্ন সংস্কৃতিক সংযোগ কৰাটোৱেই এই বৃত্তিৰ আটাইতকৈ ডাঙৰ উপহাৰ।

গোটেই কেৰিয়াৰত ৰাণীয়ে ব্লেক, হাম টুম, ইউভা, বন্টি অ'ৰ বাবলি, নো ৱান কিল্ড জেচিকা, হিচকি, মৰ্ডানী ফ্ৰেঞ্চাইজি, মিচেছ চেটাৰ্জী বনাম নৰৱে আদি ছবিত বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে। তেওঁৰ চিত্ৰণত আৱেগিক গভীৰতা আৰু শক্তিশালী নাৰী চৰিত্ৰৰ প্ৰতিফলন ঘটিছে। ১৩ আগষ্টৰ পৰা ২৩ আগষ্টলৈ অনুষ্ঠিত হৈছে আই এফ এফ এমৰ ২০২৬ সংস্কৰণ। ৰাণীৰ বাবে এই সন্মান কেৱল ব্যক্তিগত কৃতিত্বই নহয়, বিশ্বজুৰি ভাৰতীয় চিনেমাৰ ক্ৰমবৰ্ধমান গ্ৰহণযোগ্যতাক আলোকপাত কৰে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande