গোসাঁইগাঁও চাৰিআলিত ই–ৰিক্সাত উদ্ধাৰ এটা বেগ, নথি-পত্ৰ, বেংক পাচবুক আৰু নগদ ১৫ হাজাৰ টকা
গোসাঁইগাঁও চাৰিআলীত টটোত উদ্ধাৰ এটা বেগ, নথি-পত্ৰ, বেংক পাচবুক আৰু নগদ ১৫ হাজাৰ টকা উদ্ধাৰ।
গোসাঁইগাঁও চাৰিআলিত ই–ৰিক্সাত উদ্ধাৰ এটা বেগ, নথি-পত্ৰ, বেংক পাচবুক আৰু নগদ ১৫ হাজাৰ টকা


কোকৰাঝাৰ, ০৮ জুলাই (হি.স.): কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও চাৰিআলিত টটোত যোৱা কালি মঙলবাৰে সন্ধিয়া উদ্ধাৰ হয় এটা বেগ, নথি-পত্ৰ, বেংক পাচবুক আৰু নগদ ১৫ হাজাৰ টকা। গোসাঁইগাঁও চাৰিআলিত এখন টটো (ই-ৰিক্সা) গাড়ীত এটা বেগ উদ্ধাৰ হৈছে । বেগটোত বিভিন্ন গুৰুত্বপূৰ্ণ নথি-পত্ৰ, বেংক পাচবুক, কাপোৰ-কানি আৰু নগদ প্ৰায় ১৫,০০০ টকা আছিল।

বেগটো উ*দ্ধাৰ কৰা টটো চালকজন হৈছে ২ নং হাছৰাওঁবাৰী নিবাসী আব্দুল মান্নান শ্বেখ । বেগত থকা নথি-পত্ৰ অনুসৰি মালিকৰ নাম অধিৰ চন্দ্ৰ শীল, গাঁও–শান্তীপুৰ, ডাকঘৰ–সাপটগ্ৰাম, জিলা–ধুবুৰী । উদ্ধাৰ হোৱা এই বেগটোৰ গৰাকী বা মালিকৰ বিষয়ে যদি কোনো সদাশয় ব্যক্তিয়ে তথ্য জানে, তেন্তে অনুগ্ৰহ কৰি ম'বাইল 8753986200/6001196525 নম্বৰত অতি শীঘ্ৰেই যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande