
অভিনেতা শ্বাহৰুখ খানৰ জ্যেষ্ঠ পুত্ৰ আৰ্যন খানৰ ব্যক্তিগত জীৱনৰ বাবে পুনৰবাৰ বাতৰিৰ শিৰোনাম। ছ’চিয়েল মিডিয়াত প্ৰচাৰিত এটা ভিডিঅ’ত দেখা গৈছে লণ্ডনৰ কেচিনোৰ বাহিৰত এগৰাকী ৰহস্যময়ী যুৱতীৰ সৈতে আৰ্যন খান। ভিডিঅ’টো মুকলি হোৱাৰ পিছতে ছ’চিয়েল মিডিয়াত তেওঁলোকৰ সম্পৰ্কক লৈ বিভিন্ন জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। অৱশ্যে এই উৰাবাতৰি এতিয়াও আনুষ্ঠানিকভাৱে নিশ্চিত হোৱা নাই।
খবৰ অনুসৰি ভিডিঅ’টোত দেখা মহিলাগৰাকীক পেছাত এগৰাকী শিল্পী ভিনি টাকাইৰ বুলি চিনাক্ত কৰা হৈছে। দাবী কৰা হৈছে যে আৰ্যন আৰু ভিনিয়ে ইনষ্টাগ্ৰামত ইজনে সিজনক ফ’ল’ কৰে। শেহতীয়াকৈ ভিনিয়ে তেওঁলোকৰ লণ্ডন ভ্ৰমণৰ ফটোও ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে, যিবোৰ ইণ্টাৰনেট ব্যৱহাৰকাৰীসকলে ভাইৰেল ভিডিঅ’টোৰ সৈতে লিংক কৰিছে। অৱশ্যে দুয়োৰে কোনোৱেই ডেটিং উৰাবাতৰিৰ কোনো সঁহাৰি দিয়া নাই।
মন কৰিবলগীয়া যে অলপতে আৰ্যন খানে পৰিচালনাৰ ক্ষেত্ৰখনত প্ৰৱেশ কৰিছে। তেওঁৰ ৱেব ছিৰিজ বেডছ অৱ বলীউডৰ বাবেও তেওঁ বাতৰিৰ শিৰোনাম দখল কৰিছিল। বৰ্তমান লণ্ডনৰ এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ আছে যদিও আৰ্যন আৰু ভিনিৰ সম্পৰ্কৰ কোনো আনুষ্ঠানিক নিশ্চয়তা পোৱা নাই।
--------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ