
টকিঅ’, ২৮ জুলাই (হি স)। কিউছু দ্বীপৰ কুমামোটো অঞ্চলত মঙলবাৰে ৭.১ ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ ফলত কেইবাজনো লোক আহত হোৱাৰ আশংকা কৰা হৈছে। ভূমিকম্পৰ পিছতে ছুনামীৰ সতৰ্কবাণী জাৰি কৰা হৈছে।
জাপান বতৰ বিজ্ঞান সংস্থা (জে এম এ)ৰ মতে, ৪:২৭ বজাত সংঘটিত হোৱা ভূমিকম্পৰ কেন্দ্ৰবিন্দু। স্থানীয় সময় অনুসৰি, কুমামোটো প্ৰিফেকচাৰৰ প্ৰায় ১০ কিলোমিটাৰ গভীৰতাত আছিল। জে এম এয়ে এক মিটাৰ উচ্চতালৈকে চুনামী ঢৌৰ ভৱিষ্যদ্বাণী কৰিছে।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি কিউছু দ্বীপৰ মাজমজিয়াত অৱস্থিত এই প্ৰিফেকচাৰত হোৱা ভূমিকম্পৰ তীব্ৰতা জাপানীজ ভূমিকম্পৰ তীব্ৰতা স্কেলত উকি আৰু হিকাৱাত সৰ্বোচ্চ ৭, আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত ৬তকৈ অধিক তীব্ৰতা ৰেকৰ্ড কৰা হৈছে।
স্থানীয় অগ্নিনিৰ্বাপক বাহিনী আৰু বিদ্যুৎ কোম্পানীটোৰ মতে, ভূমিকম্পত কেইবাজনো লোক আহত হোৱাৰ আশংকা কৰা হৈছে, আনহাতে প্ৰিফেকচাৰটোৰ প্ৰায় ৪৮ হাজাৰ ঘৰ বিদ্যুৎ বিহীন হৈ পৰিছে। চুবুৰীয়া কাগোছিমা প্ৰিফেকচাৰেও ৫ তকৈ অধিক মাত্ৰা লাভ কৰাৰ বিপৰীতে ফুকুকা আৰু চাগা প্ৰিফেকচাৰত ৫ তকৈ কম মাত্ৰা ৰেকৰ্ড কৰা হৈছে।
কিউছু ইলেক্ট্ৰিক পাৱাৰৰ মতে, কাগোছিমা প্ৰিফেকচাৰৰ চেণ্ডাই পাৰমাণৱিক শক্তি কেন্দ্ৰ বা ছাগা প্ৰিফেকচাৰৰ গেংকাই পাৰমাণৱিক শক্তি কেন্দ্ৰত কোনো ধৰণৰ বিজুতি ঘটাৰ বাতৰি পোৱা নাই।
চুনামীৰ সতৰ্কবাণীৰ পিছতে স্থানীয় কৰ্তৃপক্ষই ক্ষতিগ্ৰস্ত উপকূলীয় অঞ্চলসমূহক তাৎক্ষণিকভাৱে খালী কৰাৰ নিৰ্দেশ জাৰি কৰে। আৰিয়াকে আৰু ইয়াটছুছিৰো সাগৰৰ বাবে এডভাইজাৰী জাৰি কৰা হৈছে। স্থানীয় কৰ্তৃপক্ষই বাসিন্দাসকলক পৰামৰ্শ দিছে যে সাগৰ আৰু উপকূলীয় অঞ্চলসমূহ বিপদজনক। লগে লগে উপকূলৰ পৰা আঁতৰত নিৰাপদ স্থানলৈ যাওক। পৰামৰ্শ উঠালৈকে সাগৰত নাযাব বা উপকূলৰ কাষ চাপিব নালাগে।
জে এম এৰ মতে, কুমামোটো, নাগাছাকি, কাগোছিমা, ফুক’কা, চাগা, অইটা, আৰু মিয়াজাকি প্ৰিফেকচাৰৰ বাবে জৰুৰীকালীন সতৰ্কবাণী জাৰি কৰা হৈছে। ৰাইজক শান্ত হৈ থাকিবলৈ, স্থানীয় প্ৰশাসনৰ নিৰ্দেশনা মানি চলিবলৈ আৰু চৰকাৰী চেনেলৰ জৰিয়তে জাৰি কৰা আপডেটসমূহৰ ওপৰত চকু ৰাখিবলৈ আহ্বান জনোৱা হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া