নতুন অসমীয়া চিনেমা ‘আদিশক্তি’
অসমীয়া চলচ্চিত্ৰ প্ৰেমীৰ বাবে সুখবৰ। অচিৰেই ছবিগৃহলৈ আহিব বহুচৰ্চিত নতুন অসমীয়া চলচ্চিত্ৰ ‘আদিশক্তি’। ইয়াৰ মাজতে চিনেমাখনৰ আন এটি মনোমোহা গীত ‘খৰিকাজাঁই’ৰ টীজাৰ আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। ইয়াৰ পূৰ্বে মুক্তি পোৱা ‘অনি বনি’ গীতৰ টীজাৰে দৰ্শক-শ্ৰ
নতুন অসমীয়া চিনেমা ‘আদিশক্তি’


অসমীয়া চলচ্চিত্ৰ প্ৰেমীৰ বাবে সুখবৰ। অচিৰেই ছবিগৃহলৈ আহিব বহুচৰ্চিত নতুন অসমীয়া চলচ্চিত্ৰ ‘আদিশক্তি’। ইয়াৰ মাজতে চিনেমাখনৰ আন এটি মনোমোহা গীত ‘খৰিকাজাঁই’ৰ টীজাৰ আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। ইয়াৰ পূৰ্বে মুক্তি পোৱা ‘অনি বনি’ গীতৰ টীজাৰে দৰ্শক-শ্ৰোতাৰ মাজত যথেষ্ট উৎসাহৰ সৃষ্টি কৰিছিল।

মন কৰিবলগীয়া যে, জুবিন গাৰ্গ আৰু জুবলী বৰুৱাৰ সুমধুৰ যুগল কণ্ঠৰে সজোৱা ‘অনি-বনি’ গীতটো ইতিমধ্যে সামাজিক মাধ্যমত ব্যাপক চৰ্চাৰ বিষয় হৈ পৰিছে। এই ছবিখনৰ ‘অনি-বনি’ গীতটোত শেষবাৰৰ বাবে একেলগে কণ্ঠদান কৰিছিল জুবিন গাৰ্গ আৰু জুবলী বৰুৱাই।

ইফালে নতুনকৈ মুকলি কৰা ‘খৰিকাজাঁই’ গীতৰ টীজাৰেও ইতিমধ্যে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছে। গীতটোত কণ্ঠদান কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ গোহাঁয়ে। ছবিখনৰ নিৰ্মাতা আৰু সমগ্ৰ ‘আদিশক্তি’ টীমৰ আশা, এই গীতটোৱেও সংগীতপ্ৰেমীৰ হৃদয়ত বিশেষ স্থান দখল কৰিব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande