
নতুন দিল্লী, ২০ জুলাই (হি.স.)। বেলজিয়াম আৰু নেদাৰলেণ্ডত অনুষ্ঠিত হ’বলগীয়া এফ আই এইচ মহিলা হকী বিশ্বকাপ ২০২৬লৈ ভাৰতীয় মহিলা হকী দলৰ যাত্ৰা অধ্যৱসায়, দৃঢ়তা আৰু তেওঁলোকৰ সামৰ্থ্যৰ ওপৰত অটল বিশ্বাসেৰে ভৰি পৰিছে।
২০২৫ চনৰ মহিলা এছিয়া কাপত প্ৰত্যক্ষ যোগ্যতা অৰ্জনৰ পৰা বঞ্চিত হোৱাৰ পিছত ঘৰুৱা মাটিত অনুষ্ঠিত হোৱা কোৱালিফায়াৰৰ জৰিয়তে বিশ্বকাপত নিজৰ স্থান নিশ্চিত কৰাৰ লগতে পৰৱৰ্তী সময়ত নিউজিলেণ্ডত অনুষ্ঠিত এফ আই এইচ নেচনছ কাপত জয়লাভ কৰে। এই কৃতিত্বসমূহে দলটোৰ অধ্যৱসায় আৰু অবিৰত বৃদ্ধিৰ প্ৰতিফলন ঘটায়, যিয়ে এতিয়া আত্মবিশ্বাস আৰু উৎসাহেৰে আন্তঃৰাষ্ট্ৰীয় হকীৰ আটাইতকৈ ডাঙৰ মঞ্চৰ কাষ চাপিছে।
হকী ইণ্ডিয়াৰ মতে, বেলজিয়াম আৰু নেদাৰলেণ্ডে যৌথভাৱে আয়োজন কৰা এই সন্মানীয় প্ৰতিযোগিতাখন ১৫ আগষ্টৰ পৰা ৩০ আগষ্টলৈ চলিব। পুল ডিত ড্ৰ’ হোৱা ভাৰতে গ্ৰুপ পৰ্যায়ত চীন, ইংলেণ্ড, আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিব। দলটোৱে নিজৰ সকলো পুল মেচ নেদাৰলেণ্ডৰ আমষ্টেলভিনৰ ৱেগনাৰ হকী ষ্টেডিয়ামত খেলিব। ১৬ আগষ্টত চীনৰ বিৰুদ্ধে ভাৰতীয় দলটোৱে ১৮ আগষ্টত দক্ষিণ আফ্ৰিকা আৰু ২০ আগষ্টত ইংলেণ্ডৰ বিৰুদ্ধে খেলিব।
এছিয়া কাপ ২০২৫ৰ সময়ত ভাৰত প্ৰত্যক্ষ অৰ্হতাৰ অতি ওচৰ চাপিছিল। ফাইনেললৈ উল্লেখযোগ্য দৌৰৰ অন্তত আয়োজক চীনৰ হাতত পৰাস্ত হৈ ভাৰতে প্ৰত্যক্ষ বিশ্বকাপৰ বাৰ্থৰ পৰা সংকীৰ্ণভাৱে হেৰুৱাই পেলায়। এই পৰাজয় এটা বিপৰ্যয় আছিল যদিও ই এক টাৰ্নিং পইণ্ট হিচাপেও প্ৰমাণিত হ’ল, কিয়নো দলটোৱে এই অভিজ্ঞতাক প্ৰেৰণা হিচাপে ব্যৱহাৰ কৰি নিজৰ প্ৰস্তুতি আৰু অধিক পৰিশোধন কৰিছিল আৰু বিশ্বকাপৰ সপোনক জীয়াই ৰখাৰ পৰৱৰ্তী সুযোগত মনোনিৱেশ কৰিছিল।
দলটোৱে পুনৰ গোট খাই ২০২৬ চনৰ মাৰ্চ মাহত হায়দৰাবাদত অনুষ্ঠিত হোৱা এফ আই এইচ হকী মহিলা বিশ্বকাপ কোৱালিফায়াৰত অংশগ্ৰহণ কৰে।মুখ্য প্ৰশিক্ষক শ্বোয়াৰ্ড মাৰিজেনৰ অধীনত ঘৰুৱা দৰ্শকৰ সন্মুখত খেলি ভাৰতে ফাইনেললৈ যোৱাৰ পথত অপৰাজিত হৈ থাকে, ছেমি ফাইনেলত ইটালীক ১-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰে। যদিও ইংলেণ্ডে ফাইনেলত ভাৰতক পৰাস্ত কৰিছিল, তথাপিও দলটোৱে ৰূপৰ পদক লাভ কৰি সন্মানীয় এফ আই এইচ প্ৰতিযোগিতাত নিজৰ স্থান নিশ্চিত কৰিছিল।
দলটোৰ সৰ্বাধিক প্ৰদৰ্শন নিউজিলেণ্ডত অনুষ্ঠিত নেচনছ কাপত, য’ত ভাৰতে সমগ্ৰ প্ৰতিযোগিতাখন অপৰাজিত হৈ থাকে আৰু খিতাপ জয় কৰি এফ আই এইচ প্ৰ’ লীগলৈ ঘূৰি অহাটো নিশ্চিত কৰে।
ভাৰতে দুটা গ’লত পিছ পৰি থকা আমেৰিকাৰ বিৰুদ্ধে ৩-২ গ’লত কামবেক জয়ৰে প্ৰতিযোগিতাখনৰ আৰম্ভণি কৰে, তাৰ পিছতে জাপান আৰু উৰুগুৱেৰ বিৰুদ্ধে জয়লাভ কৰি গ্ৰুপৰ শীৰ্ষস্থান দখল কৰে।
ছালিমা টেটে নেতৃত্বাধীন দলটোৱে ছেমি ফাইনেলত চিলিক ৬-০ গ’লত পৰাস্ত কৰাৰ পিছত ফাইনেলত নিউজিলেণ্ডক ২-০ গ’লত পৰাস্ত কৰে। বিশ্বকাপত ভাৰতৰ আক্রমণাত্মক দক্ষতাক উজ্জ্বল কৰি তুলিছে দীপিকাই উজ্জ্বল ছটা গ’লেৰে প্রতিযোগিতাখনৰ যুটীয়া শীর্ষ স্ক’ৰাৰ হিচাপে অন্ত পেলায় ৷
দলটোৰ কেইবাজনো খেলুৱৈয়ে বিগত এটা বছৰত উল্লেখযোগ্য ব্যক্তিগত মাইলৰ খুঁটি অৰ্জন কৰিছে। নৱনীত কৌৰে মহিলা এছিয়া কাপ ২০২৫ৰ সময়ত ২০০ খন আন্তঃৰাষ্ট্ৰীয় মেচ সম্পূৰ্ণ কৰাৰ পিছত বিশ্বকাপৰ কোৱালিফায়াৰত প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে। হায়দৰাবাদত অনুষ্ঠিত হোৱা কোৱালিফায়াৰৰ সময়ত ডিফেণ্ডাৰ নিকি প্ৰধানে ২০০খন আন্তঃৰাষ্ট্ৰীয় খেলৰ মাইলৰ খুঁটিত উপনীত হোৱাৰ বিপৰীতে অধিনায়ক ছালিমাই ইংলেণ্ডৰ বিৰুদ্ধে প্ৰতিযোগিতাখনৰ ফাইনেলত ১৫০ সংখ্যক আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল।
শেহতীয়া সফলতা আৰু অভিজ্ঞ আৰু যুৱ খেলুৱৈ উভয়ৰে গঠিত দলৰ ওপৰত নিৰ্ভৰ কৰি ভাৰতে আত্মবিশ্বাস, উৎসাহ, আৰু শ্ৰেষ্ঠ দলৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব পাৰে বুলি বিশ্বাসেৰে বেলজিয়াম আৰু নেদাৰলেণ্ড ভ্ৰমণত নামিব। বিশ্বকাপৰ কাউণ্টডাউন শেষ হোৱাৰ লগে লগে দলটোৱে শেহতীয়া অগ্ৰগতি বিশ্ব মঞ্চত এক স্মৰণীয় অভিযানলৈ ৰূপান্তৰিত কৰাৰ লক্ষ্য ৰাখিব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া