ফিফা বিশ্বকাপ– স্পেইন আৰু আৰ্জেণ্টিনাৰ মাজত মহাৰণ, মণিপুৰ আৰু মেঘালয়ত শিক্ষানুষ্ঠান বন্ধ ঘোষণা
গুৱাহাটী, ১৯ জুলাই (হি.স.)। ফিফা বিশ্বকাপ ২০২৬ৰ ফাইনেল মেচখন আজি দেওবাৰে মাজনিশা অনুষ্ঠিত হ’ব। নিউয়ৰ্কৰ মেটলাইফ ষ্টেডিয়ামত ভাৰতীয় সময় অনুসৰি ১২.৩০ বজাৰ লগে লগে আৰম্ভ হ’ব বিশ্বকাপ ফুটবলৰ শেষ ৰণ। ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনাৰ বিৰুদ্ধে নামিব স্পেইন।
ফিফা বিশ্বকাপ


গুৱাহাটী, ১৯ জুলাই (হি.স.)। ফিফা বিশ্বকাপ ২০২৬ৰ ফাইনেল মেচখন আজি দেওবাৰে মাজনিশা অনুষ্ঠিত হ’ব। নিউয়ৰ্কৰ মেটলাইফ ষ্টেডিয়ামত ভাৰতীয় সময় অনুসৰি ১২.৩০ বজাৰ লগে লগে আৰম্ভ হ’ব বিশ্বকাপ ফুটবলৰ শেষ ৰণ। ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনাৰ বিৰুদ্ধে নামিব স্পেইন। অনুৰাগী সাক্ষী হ’ব মেছি-য়ামালৰ দ্বৈৰথৰ। সমুখসমৰত নামিব ইউৰোৰ চেম্পিয়ন স্পেইন আৰু কোপা আমেৰিকাৰ চেম্পিয়ন আৰ্জেণ্টিনা।

উল্লেখ্য যে ২০২২ৰ কাটাৰত বিশ্বকাপ জিনা আৰ্জেণ্টিনা পুনৰ নামিব ট্ৰফী ধৰি ৰখাৰ পদশিল্পৰ মহাৰণত। ফাইনেলতো অনুৰাগীক মন্ত্ৰমুগ্ধ কৰিবলৈ সাজু ৰাজপুত্ৰ মাৰাডোনাৰ আশিসপুষ্ট লিঅ'নেল মেছি। ষ্ট্ৰাইকাৰ জুলিয়ান আলভাৰেজ আৰু মিডফিল্ডাৰ আলেক্সিছ মেক এলিয়েষ্টাৰৰ দৰে তাৰকাই সংগ দিব মেছিক।

ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনা সাজু আকৌ এবাৰ বিশ্ব জয় কৰিবলৈ। ৩৯ বছৰীয়া 'ফুটবলৰ ঈশ্বৰ' লিঅ'নেল মেছিৰ এয়া শেষ সুযোগ। আলভাৰেজ আৰু মেক এলিয়েষ্টাৰৰ তীব্ৰ গতিৰে এইবাৰো কাপ ধৰি ৰাখিবলৈ মৰণপণ যুঁজ দিব আল বিচেলেস্তাই। লাউতাৰো মাৰ্টিনেজ, এনজো ফাৰ্নাণ্ডেজ, ক্ৰিষ্টিয়ান ৰোমেৰ’ৰ দৰে তাৰকা সাজু স্পেইনৰ টিকিটাকাক প্ৰতিহত কৰিবলৈ। মহাতাৰকাৰ পদচালনাৰ যাদু চাবলৈ ব্যাকুল হৈ আছে ফুটবল অনুৰাগী আৰু স্পেইন। ১৬ বছৰে বিশ্বকাপ জয়ৰ আশাত বন্দী লা ৰোজা হিচাপে জনপ্ৰিয় স্পেইন।

ইফালে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য মণিপুৰ আৰু মেঘালয় চৰকাৰে সোমবাৰে ৰাজ্যৰ সকলো শিক্ষানুষ্ঠানৰ বাবে বন্ধ ঘোষণা কৰিছে যাতে স্পেইনৰ আৰু ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনাৰ মাজৰ ফিফা বিশ্বকাপ ২০২৬ৰ ফাইনেল খেল ছাত্ৰ-ছাত্ৰীয়ে উপভোগ কৰিব পাৰে।

মণিপুৰ শিক্ষা বিভাগে জাৰি কৰা এক আদেশ অনুসৰি, মণিপুৰৰ ৰাজ্যপালে নিৰ্দেশ দিছে যে মাধ্যমিক শিক্ষা ব'ৰ্ড, উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদ, চিবিএছই, বা আন যিকোনো ব'ৰ্ডৰ সৈতে জড়িত সকলো বিদ্যালয়ৰ লগতে সকলো চৰকাৰী, সাহায্যপ্ৰাপ্ত, আৰু ব্যক্তিগত মহাবিদ্যালয়, উচ্চ শিক্ষানুষ্ঠান, বিশ্ববিদ্যালয়, ২০ জুলাইত বন্ধ থাকিব।

এই আদেশত লগতে কোৱা হৈছে যে এই বন্ধ ঘোষণা কৰা হৈছে যাতে সমগ্ৰ ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীসকলে ২০ জুলাই, ২০২৬ তাৰিখে পুৱা ১২:৩০ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া ফিফা বিশ্বকাপ ২০২৬ৰ ফাইনেলখন উৎসাহেৰে উপভোগ কৰিব পাৰে।

সোমবাৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই ৰাজ্যখনৰ সকলো শিক্ষানুষ্ঠানৰ বাবে বন্ধৰ দিন ঘোষণা কৰে। বিশ্বকাপৰ বাবে ৰাজ্যখনে প্ৰচণ্ড উত্তেজনাৰ সন্মুখীন হোৱাৰ সময়তে এই ঘোষণা কৰা হৈছে। শ্বিলঙৰ এটা পাৰ্কিং লটৰ লগতে জোৱাই আৰু তুৰাত মেচৰ লাইভ সম্প্ৰচাৰৰ বাবে স্থাপন কৰা চি এম ফেন পাৰ্কয়ে ফুটবল অনুৰাগীৰ পৰা অভূতপূৰ্ব সমৰ্থন লাভ কৰিছে।

মেঘালয়ত ফুটবলৰ এই উদযাপনেও বিশ্বব্যাপী স্বীকৃতি লাভ কৰে যেতিয়া ফিফাৰ সভাপতি জিয়ানি ইনফান্টিনোৱে শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি ৰাজ্যখনৰ ফুটবলৰ প্ৰতি থকা উৎসাহক প্ৰশংসা কৰে।

দেওবাৰে প্ৰকাশ পোৱা এক ভিডিঅ’ বাৰ্তাত মুখ্যমন্ত্ৰী চাংমাই কয় যে, “মই সিদ্ধান্ত লৈছো যে বিদ্যালয়-মহাবিদ্যালয়কে ধৰি ৰাজ্যৰ সকলো শিক্ষানুষ্ঠানৰ বাবে সোমবাৰে বন্ধ ঘোষণা কৰাৰ সিদ্ধান্ত লৈছো।”

মুখ্যমন্ত্ৰীয়ে কয় যে মেঘালয়ত ফুটবল কেৱল খেল নহয়, বৰঞ্চ মানুহৰ আবেগ আৰু মানুহৰ জীৱনশৈলীৰ এক অংশ। এই আৱেগ অনুসৰি এই সিদ্ধান্ত লোৱা হৈছে যাতে যুৱক-যুৱতীসকলে এই বহু প্ৰত্যাশিত ফাইনেলখন সম্পূৰ্ণৰূপে উপভোগ কৰাৰ সুযোগ লাভ কৰিব পাৰে। তেওঁ চি এম ফেন পাৰ্কৰ প্ৰতিও উৎসাহী সঁহাৰিৰ কথা উল্লেখ কৰে, য'ত একেলগে হাজাৰ হাজাৰ ফুটবল অনুৰাগীয়ে বিশ্বকাপৰ খেল উপভোগ কৰি আছে। লগতে মুখ্যমন্ত্রীয়ে সকলো অনুৰাগীলৈ ৰোমাঞ্চকৰ চূড়ান্ত খেলখনৰ বাবে শুভেচ্ছা জনায়।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande