অসম প্ৰিমিয়াৰ লীগ ক্ৰিকেট নিলামত সৰ্বাধিক দামী খেলুৱৈৰূপে পৰিগণিত হয় ডেনিছ দাস
গুৱাহাটী, ১৯ জুলাই (হি.স.)। অসম ক্ৰিকেট সন্থাই প্ৰথমবাৰৰ বাবে আয়োজন কৰিব লগা অসম প্ৰিমিয়াৰ লীগ [এ পি এল] ৰ খেলুৱৈ নিলাম দেওবাৰে গুৱাহাটীত অনুষ্ঠিত হয় ৷ অতি ৰোমাঞ্চকৰ এই নিলামত বৰপেটা ব্ৰেভছে ১২.৬০ লাখ টকাৰে ক্ৰয় কৰে মাৰ্কি প্লেয়াৰ ডেনিছ দাসক ৷ কাৰ্
অসম প্ৰিমিয়াৰ লীগ


গুৱাহাটী, ১৯ জুলাই (হি.স.)। অসম ক্ৰিকেট সন্থাই প্ৰথমবাৰৰ বাবে আয়োজন কৰিব লগা অসম প্ৰিমিয়াৰ লীগ [এ পি এল] ৰ খেলুৱৈ নিলাম দেওবাৰে গুৱাহাটীত অনুষ্ঠিত হয় ৷ অতি ৰোমাঞ্চকৰ এই নিলামত বৰপেটা ব্ৰেভছে ১২.৬০ লাখ টকাৰে ক্ৰয় কৰে মাৰ্কি প্লেয়াৰ ডেনিছ দাসক ৷ কাৰ্যতঃ ৰাজ্যৰ নিৰ্ভৰযোগ্য বেটাৰ ডেনিছে প্ৰথম এপিএলৰ সবাতোকৈ দামী খেলুৱৈৰূপে পৰিগণিত হয় ৷

ইফালে, মাৰ্কি খেলুৱৈসকলৰ নিলামত উইকেটকক্ষক বেটাৰ সুমিত ঘাদিগাঁওকাৰক ১২.২০ লাখ টকাত চৰাইদেউ ছানৰাইজাৰ্ছে নিজৰ দলত অন্তৰ্ভুক্ত কৰায় ৷ আনহাতে, অভিজ্ঞ বেটাৰ শিৱশংকৰ ৰয়ক বৰাক লিজেণ্ডছে ১২ লাখ টকাত ক্ৰয় কৰে ৷ ইফালে, আয়ুষ্মান মালাকাৰ আৰু অলৰাউণ্ডাৰ স্বৰূপম পুৰকায়স্থ নিলামৰ শীৰ্ষ পাঁচজন ক্ৰিকেটাৰৰ ভিতৰত থাকে ৷ দুই মাৰ্কি খেলুৱৈক তেজপুৰ টাইটানছ আৰু যোৰহাট ষ্টেলিয়নে ক্ৰমে ১১.৮০ লাখ টকাকৈ দি ক্ৰয় কৰে ৷

গুৱহাটীৰ বৰ্ষাপাৰাস্থিত এ চি এ ষ্টেডিয়াম চৌহদৰ ‘৯১ য়াৰ্ডছ ক্লাব’ৰ পেক্ষাগৃহত হোৱা এই নিলামত বৰাক লিজেণ্ডছে মাৰ্কি খেলুৱৈ আব্দুল আজিজক ৮.৪০ লাখ টকা তথা ভাৰ্গব প্ৰতিমক ৫.২০ লাখ টকাত দলত ল’বলৈ সক্ষম হয় ৷ ইফালে, ডেনিছক লোৱা বৰপেটা ব্ৰেভছে সৌৰভ দিহিঙীয়াক ৭.৮০ লাখ টকাৰ বিনিময়ত ক্ৰয় কৰাৰ বিপৰীতে ডিব্ৰুগড় ৱাৰিয়ৰ্ছে সাহিল জৈনক ৭.২০ লাখ আৰু জিতুমণি কলিতাক ৬.২০ লাখ টকাত দলত অন্তৰ্ভুক্ত কৰে ৷ তেজপুৰ দলে সাত লাখত ক্ৰয় কৰে আকাশ সেনগুপ্তাক ৷ আনহাতে, পেচ বলাৰ মুক্তাৰ হুছেইনক গুৱাহাটী ৰয়েলছে ৩.২০ লাখত দলত লয় ৷ একে ধন খৰছ কৰি ৰাহুল সিঙক ক্ৰয় কৰে নগাঁও ৰেঞ্জাৰ্ছ দলে ৷

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande