
লণ্ডন, ১১ জুলাই (হি.স.)। বিশ্বৰ ১ নং আৰু ডিফেণ্ডিং চেম্পিয়ন ইটালীৰ জানিক ছিনাৰে একেৰাহে দ্বিতীয় বছৰৰ বাবে উইম্বলডন ২০২৬ৰ ছেমি ফাইনেলত ছাৰ্বিয়াৰ সাতবাৰৰ চেম্পিয়ন ন’ভাক জ’কভিচক পৰাস্ত কৰি দৰ্শনীয় ধৰণেৰে ফাইনেলত প্ৰৱেশ কৰে।
শুকুৰবাৰে নিশা জ’কভিচক ৬-৪, ৬-৪, ৬-৪ ব্যৱধানত পৰাস্ত কৰি ছিনাৰে দেওবাৰে জাৰ্মানীৰ আলেকজেণ্ডাৰ ঝভেৰেভৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগা খিতাপৰ মেচখনত নিজৰ স্থান নিশ্চিত কৰে।
৩৯ বছৰীয়া জ’কভিচে গোটেই মেচখনতে নিজৰ ছন্দ বিচাৰি উলিয়াব নোৱাৰিলে । মেচৰ পিছত তেওঁ নিজৰ পৰাজয়ক “পুৰণি কালৰ একপক্ষীয় পৰাজয়” বুলি অভিহিত কৰি প্ৰতিটো শ্বটতে তেওঁ “আধা খোজ পিছ পৰি” থকা বুলি স্বীকাৰ কৰে।
গোটেই মেচখনত ছিনাৰে সুন্দৰ প্ৰদৰ্শন আগবঢ়ায়। ১৬টা এছ মাৰি প্ৰথম চাৰ্ভত ৮৮ শতাংশ পইণ্ট আৰু দ্বিতীয় চাৰ্ভত ৬১ শতাংশ পইণ্ট লাভ কৰে। তেওঁৰ সঠিক চাৰ্ভ আৰু আক্ৰমণাত্মক খেলৰ কোনো উত্তৰ নাছিল জ’কভিচৰ।
গোটেই মেচখনত জ’কভিচৰ হাতত আছিল মাত্ৰ এটা ব্ৰেক পইণ্ট, আৰু সেয়া আছিল তৃতীয় ছেটত। কিন্তু ছিনাৰে সেইটো এচৰ সহায়ত ৰক্ষা কৰিলে। ইয়াৰ পিছত তেওঁ শক্তিশালী স্মাছ আৰু আন এটা এছৰ জৰিয়তে মেচখনৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ বজাই ৰাখে।
পৰাজয়ৰ পিছতো জ’কভিচে কয়, মই শাৰীৰিকভাৱে ভাল অনুভৱ কৰিছিলো। প্ৰতিযোগিতাখনৰ আৰম্ভণিতে মই যিমান সতেজ নাছিলো, কিন্তু মই ফিট আছিলো। আজি চিনাৰে মোতকৈ বহুত ভাল আছিল আৰু সমগ্ৰ মেচখনতে আধিপত্য বিস্তাৰ কৰিছিল। তেওঁৰ জয়ৰ বাবে মই তেওঁক অভিনন্দন জনাব লাগিব। তেওঁ উজ্জ্বলভাৱে খেলিছিল।
এতিয়া সকলোৰে দৃষ্টি দেওবাৰৰ ফাইনেলত থাকিব, য’ত জানিক ছিনাৰে উইম্বলডনৰ খিতাপ সফলতাৰে ৰক্ষা কৰাৰ লক্ষ্যৰে আলেকজেণ্ডাৰ ঝভেৰেভৰ বিৰুদ্ধে খেলিব।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ