নেপালী ক্ৰিকেটৰ প্ৰসাৰৰ বাবে বিচিচিআইৰ সেউজ সংকেত, নেপাল ভ্ৰমণ কৰিব ভাৰত এ দল
কাঠমাণ্ডু, ১১ জুলাই (হি.স.)। নেপালী ক্ৰিকেটৰ প্ৰসাৰৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে নিজৰ এ দলক নেপাললৈ প্ৰেৰণ কৰাৰ লগতে নেপালী ৰাষ্ট্ৰীয় দলৰ বিৰুদ্ধে মেচ খেলাৰ অনুমতি প্ৰদান কৰিছে। শেহতীয়াকৈ নেপালৰ আনুষ্ঠানিক ভাৰত ভ্ৰমণৰ সময়ত বৈদেশিক মন
नेपाल और भारत के क्रिकेट पदाधिकारियों की बैठक


কাঠমাণ্ডু, ১১ জুলাই (হি.স.)। নেপালী ক্ৰিকেটৰ প্ৰসাৰৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে নিজৰ এ দলক নেপাললৈ প্ৰেৰণ কৰাৰ লগতে নেপালী ৰাষ্ট্ৰীয় দলৰ বিৰুদ্ধে মেচ খেলাৰ অনুমতি প্ৰদান কৰিছে।

শেহতীয়াকৈ নেপালৰ আনুষ্ঠানিক ভাৰত ভ্ৰমণৰ সময়ত বৈদেশিক মন্ত্ৰী শিশিৰ খানালে নেপালী ক্ৰিকেটৰ প্ৰসাৰৰ বাবে সম্ভৱপৰ সকলো সহায়ৰ প্ৰতিশ্ৰুতি দিছিল। এই আলোচনাৰ অন্তত নেপাল আৰু ভাৰত এ দলৰ মাজত ক্ৰিকেট খেলৰ দিন ধাৰ্য কৰা হৈছে।

নেপাল ক্ৰিকেট সন্থাৰ উদ্যোগত কীৰ্তিপুৰৰ টি ইউ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলপথাৰত নেপাল আৰু ভাৰত ‘এ’ৰ মাজত তিনিখন খেলৰ টি-২০ শৃংখলা অনুষ্ঠিত হ’ব।

নেপালে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে এই ঐতিহাসিক শৃংখলা, যিখন ২০২৬ চনৰ ডিচেম্বৰ মাহত অনুষ্ঠিত হ’ব। সূচী অনুসৰি প্ৰথমখন মেচ ৯ ডিচেম্বৰত, দ্বিতীয়খন ১১ ডিচেম্বৰত আৰু তৃতীয় আৰু অন্তিমখন মেচ ১৩ ডিচেম্বৰ, ২০২৬ত অনুষ্ঠিত হ’ব।

স্কটলেণ্ডত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ (আই চি চি) সন্মিলনৰ সময়ত এই শৃংখলা আয়োজন কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এই উপলক্ষে নেপাল ক্ৰিকেট সন্থাৰ সভাপতি চতুৰ বাহাদুৰ চান্দ, সম্পাদক পৰস খাডকা, আৰু ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সম্পাদক দেৱজিৎ শইকীয়াৰ মাজত এখন বিশেষ বৈঠক অনুষ্ঠিত হয়।

এই বৈঠকতে নেপাল আৰু ভাৰত ‘এ’ৰ মাজত টি-২০ শৃংখলা আয়োজন কৰাৰ চূড়ান্ত চুক্তি হয়।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande