
ৱাশ্বিংটন/বেইৰুট, ১১ জুলাই (হি.স.)। ইজৰাইল আৰু হিজবুল্লাহৰ মাজত যুদ্ধবিৰতি চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত আমেৰিকাই সক্ৰিয় ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি অনাগত দিনত আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ড (চেণ্টক'ম)ৰ এটা প্ৰতিনিধি দলে লেবাননৰ ৰাজধানী বেইৰুট ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে।
তুৰ্কীৰ চৰকাৰী সংবাদ সংস্থা আনাড’লুৱে লেবাননৰ দুজন জ্যেষ্ঠ বিষয়াৰ উদ্ধৃতি দি প্ৰকাশ কৰা অনুসৰি অহা সপ্তাহত ৰোমত লেবানন আৰু ইজৰাইলৰ মাজত হ’বলগীয়া কাৰিকৰী আলোচনাৰ পূৰ্বে এই ভ্ৰমণ হ’ব পাৰে। এই আলোচনাৰ মূল উদ্দেশ্য হ’ব ২৬ জুনত হোৱা আমেৰিকা সমৰ্থিত কাঠামো চুক্তি কাৰ্যকৰী কৰা, য’ত লেবাননৰ ভূখণ্ডৰ পৰা ইজৰাইল বাহিনীক পৰ্যায়ক্ৰমে প্ৰত্যাহাৰৰ ব্যৱস্থা কৰা হৈছে।
আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ এগৰাকী মুখপাত্ৰই নিশ্চিত কৰিছে যে চেণ্টকমে কাৰিকৰী আৰু লজিষ্টিক পৰ্যায়ত দুয়োপক্ষৰ সৈতে ঘনিষ্ঠ সমন্বয় বজাই ৰাখিছে। অৱশ্যে তেওঁ প্ৰতিনিধি দলটোৰ সম্ভাৱ্য ভ্ৰমণ সন্দৰ্ভত আনুষ্ঠানিকভাৱে কোনো মন্তব্য দিবলৈ অস্বীকাৰ কৰে।
মুখপাত্ৰগৰাকীয়ে কয় যে কাঠামো চুক্তিখনে এতিয়া কাৰ্যকৰীকৰণৰ পৰ্যায়ত প্ৰৱেশ কৰিছে, আৰু প্ৰথমটো পাইলট জ'ন অতি সোনকালে কাৰ্যক্ষম হোৱাৰ সম্ভাৱনা আছে। অন্যান্য অঞ্চলৰ বাবেও মেপিং আৰু পৰিকল্পনা চলি আছে।
তেওঁ লগতে কয় যে আমেৰিকাই অতি সোনকালে আন্তঃৰাষ্ট্ৰীয় অংশীদাৰৰ সৈতে সমন্বয় বৃদ্ধি কৰি লেবানন চৰকাৰক এই অঞ্চলসমূহকে ধৰি সমগ্ৰ দেশতে ফলপ্ৰসূভাৱে সাৰ্বভৌমত্ব পুনৰুদ্ধাৰ কৰাত সহায় কৰিব।
আমেৰিকাৰ সামৰিক কমাণ্ডে (চেণ্টক'ম) এতিয়াও কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।
ইফালে লেবাননৰ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ইজৰাইলৰ আক্ৰমণত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৩২১ লৈ বৃদ্ধি পাইছে আৰু ২ মাৰ্চৰ পৰা ১২,২০৪ জন লোক আহত হৈছে।
উল্লেখযোগ্য যে দক্ষিণ লেবাননৰ কেইবাটাও অঞ্চলত ইজৰাইলী বাহিনী উপস্থিত হৈ আছে। ইয়াৰে কিছুমান অঞ্চল দশক দশক ধৰি দখল কৰি থকাৰ বিপৰীতে আন কিছুমান অঞ্চল ২০২৩–২০২৪ চনৰ সংঘাতৰ সময়ত দখল কৰা হৈছিল। শেহতীয়াকৈ সামৰিক অভিযানৰ সময়ত ইজৰাইলৰ সৈন্যই লেবাননৰ সীমান্তৰ ভিতৰত প্ৰায় ১০ কিলোমিটাৰ আগবাঢ়িছিল।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ