ইৰাণক হৰমুজ জলদ্বীপ মুকলি কৰাৰ সময়সীমা দিলে আমেৰিকাই, ওমান আলোচনাত নজৰ
ৱাশ্বিংটন/তেহৰাণ, ১১ জুলাই (হি.স.)। আমেৰিকাই ইৰাণক কৌশলগতভাৱে গুৰুত্বপূৰ্ণ হৰমুজ জলদ্বীপ জাহাজৰ বাবে সম্পূৰ্ণৰূপে মুকলি কৰিবলৈ আৰু ইয়াৰ মাজেৰে পাৰ হোৱা বাণিজ্যিক জাহাজসমূহক আক্ৰমণ নকৰে বুলি ৰাজহুৱাভাৱে ঘোষণা কৰাৰ দাবী জনাইছে। আমেৰিকাৰ বিষয়াসকলৰ ম
सांकेतिक


ৱাশ্বিংটন/তেহৰাণ, ১১ জুলাই (হি.স.)। আমেৰিকাই ইৰাণক কৌশলগতভাৱে গুৰুত্বপূৰ্ণ হৰমুজ জলদ্বীপ জাহাজৰ বাবে সম্পূৰ্ণৰূপে মুকলি কৰিবলৈ আৰু ইয়াৰ মাজেৰে পাৰ হোৱা বাণিজ্যিক জাহাজসমূহক আক্ৰমণ নকৰে বুলি ৰাজহুৱাভাৱে ঘোষণা কৰাৰ দাবী জনাইছে। আমেৰিকাৰ বিষয়াসকলৰ মতে, শনিবাৰে ওমানত আলোচনাৰ অন্তত তেহৰানে এই বিষয়ত ইতিবাচক স্থিতি গ্ৰহণ কৰিব বুলি ৱাশ্বিংটনে আশা কৰিছে।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি আমেৰিকাই বিচাৰে যে ইৰাণে স্পষ্টভাৱে ঘোষণা কৰক যে হৰমুজ জলদ্বীপৰ মাজেৰে যোৱা সকলো জাহাজ পথ মুকলি থাকিব আৰু ইয়াৰ মাজেৰে যোৱা জাহাজৰ পৰা কোনো ধৰণৰ টোল লোৱা নহ’ব। এই জলপথটোক বিশ্ব শক্তি যোগানৰ বাবে অতি প্ৰয়োজনীয় বুলি গণ্য কৰা হয়, কিয়নো বিশ্বৰ প্ৰায় এক চতুৰ্থাংশ সাগৰীয় তেল আৰু এল এন জি ব্যৱসায় ইয়াৰ মাজেৰে পাৰ হৈ যায়।

১৭ জুনত স্বাক্ষৰিত বুজাবুজিৰ স্মাৰকপত্ৰৰ ভিন্ন ব্যাখ্যাৰ পৰাই এই উত্তেজনা উদ্ভৱ হৈছে। আমেৰিকা আৰু ইৰাণৰ মাজত বিবাদ আৰু অধিক তীব্ৰতৰ হৈ পৰে যেতিয়া আমেৰিকা আৰু উপসাগৰীয় দেশসমূহে তিনিখন বাণিজ্যিক জাহাজত আক্ৰমণৰ বাবে ইৰাণক দোষাৰোপ কৰে। ইয়াৰ পিছতে দুয়োখন দেশে প্ৰতিশোধমূলক আক্ৰমণ চলায়।

আন এক প্ৰতিবেদন অনুসৰি আমেৰিকাৰ এজন বিষয়াই কয় যে, “আমি আশা কৰোঁ ইৰাণে ঘোষণা কৰিব যে হৰমুজ জলদ্বীপৰ সকলো চেনেল খোলা থাকিব আৰু তাৰ মাজেৰে পাৰ হোৱা জাহাজসমূহৰ ওপৰত কোনো ধৰণৰ টোল আৰোপ কৰা নহ’ব।”

আমেৰিকাৰ বিষয়াসকলে কয় যে ওমানত হোৱা আলোচনাৰ পাছত যদি ইৰাণে আশা কৰা ধৰণৰ স্থিতি গ্ৰহণ নকৰে তেন্তে ইয়াৰ ভয়াৱহ পৰিণতিৰ সন্মুখীন হ’ব পাৰে। এজন বিষয়াই সকীয়াই দিছিল, যদি তেওঁলোকে নকৰে তেন্তে তেওঁলোকৰ বাবে ভাল দিন নহ'ব।

ইফালে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথছ’চিয়েলত আলোচনা অব্যাহত থাকিব বুলি উল্লেখ কৰে যদিও “যুদ্ধবিৰতি শেষ” বুলিও সকীয়াই দিয়ে।

ইফালে ইৰাণৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ইছমাইল বাঘাইয়ে তেহৰানে নতুন ৰাউণ্ডৰ আলোচনাৰ অনুৰোধ জনোৱা বুলি ট্ৰাম্পৰ দাবী অস্বীকাৰ কৰে। তেওঁ স্পষ্ট কৰি দিয়ে যে যদিহে আমেৰিকাই যুদ্ধবিৰতি উলংঘা কৰে তেন্তে ইৰাণে “প্ৰতিশোধমূলক ব্যৱস্থা”ৰে ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব।

ইৰাণৰ সংবাদ মাধ্যমৰ মতে, শনিবাৰে ওমানত আঞ্চলিক মধ্যস্থতাকাৰীৰ সৈতে বৈঠকত মিলিত হ’ব বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচিয়ে। ইফালে ইৰাণৰ সংসদৰ অধ্যক্ষ মহম্মদ বাঘেৰ গালিবাফে কয় যে তেহৰানে এতিয়াও আমেৰিকাক বিশ্বাস নকৰে আৰু “ইৰাণৰ জাতিটোৱে কেতিয়াও হেঁচা বা দমনৰ আগত নমস্কাৰ নকৰে”।

উল্লেখযোগ্য যে ২৮ ফেব্ৰুৱাৰীত আমেৰিকা-ইজৰাইলৰ আক্ৰমণৰ পিছত ইৰাণে হৰমুজ জলদ্বীপৰ পৰা বেছিভাগ জাহাজ নিষিদ্ধ কৰিছিল। তেতিয়াৰ পৰাই তেহৰানে সকলো জাহাজকে ইয়াৰ নিৰ্দেশনা মানি চলিবলৈ আৰু নিৰ্দিষ্ট সাগৰীয় পথ ব্যৱহাৰ কৰিবলৈ আহ্বান জনাই আহিছে।

১৭ জুনৰ বুজাবুজিৰ চুক্তিৰ অধীনত ইৰাণে ৬০ দিনৰ বাবে বাণিজ্যিক জাহাজৰ নিৰাপদ যাতায়ত নিশ্চিত কৰাৰ লগতে হৰমুজ জলদ্বীপৰ ভৱিষ্যত শাসন সন্দৰ্ভত ওমানৰ সৈতে অধিক আলোচনা অব্যাহত ৰাখিবলৈ সন্মত হয়।

-----------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande