
যশ ৰাজ ফিল্মছৰ চোৰাংচোৱা বিশ্বব্ৰহ্মাণ্ডৰ মহিলা নেতৃত্বাধীন প্ৰথমখন ছবি আলফা অহা ৩ জুলাইত ছবিগৃহত মুক্তি পাব। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে আলিয়া ভাট আৰু শৰ্বাৰী ৱাগে। মুক্তিৰ পূৰ্বে যশ ৰাজ ফিল্মছে সমগ্ৰ দেশৰ থিয়েটাৰ অপাৰেটৰসকলৰ বাবে শ্ব’ৰ সময়, টিকটৰ হাৰ, আৰু পৰ্দাৰ সন্দৰ্ভত নিৰ্দিষ্ট নিৰ্দেশনা জাৰি কৰিছে। ইয়াৰ লক্ষ্য হৈছে ছবিখনৰ ব্যাপক মুক্তি আৰু দৰ্শকৰ উন্নত প্ৰসাৰ নিশ্চিত কৰা।
খবৰ অনুসৰি যশ ৰাজ ফিল্মছে প্ৰদৰ্শকসকললৈ প্ৰেৰণ কৰা ইমেইলযোগে স্পষ্ট কৰি দিছে যে আলফাৰ প্ৰথমটো শ্ব' পুৱা ৯:৩০ বজাৰ আগতে অনুষ্ঠিত নহ'ব। ইয়াৰ উপৰিও ছবিখনৰ আগতীয়া বুকিং ১ জুলাইৰ পৰা আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। শেহতীয়াকৈ মুক্তি পোৱা ৱেলকাম টু দ্য জংগলৰ টিকটৰ মূল্যৰ সমান ৰাখিবলৈও প্ৰযোজকসকলে অনুৰোধ জনাইছে, যাতে দৰ্শকে একে দামতে ছবিখন চাব পাৰে।
যশ ৰাজ ফিল্মছেও পৰ্দা সন্দৰ্ভত প্ৰদৰ্শকসকলক বিশেষ অনুৰোধ জনাইছে। দুখন পৰ্দাৰ চিনেমা হলত নূন্যতম চাৰিটা শ্ব’, তিনিখন পৰ্দাৰ মাল্টিপ্লেক্সত ছটা শ্ব’, চাৰিখন পৰ্দাৰ মাল্টিপ্লেক্সত আঠটা শ্ব’, আৰু ১০ বা তাতকৈ অধিক পৰ্দাৰ মাল্টিপ্লেক্সত ১০টা শ্ব’ অনুষ্ঠিত কৰিবলৈ কোৱা হৈছে। স্থানীয় পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি একক পৰ্দাৰ চিনেমা হলত শ্ব’ৰ সংখ্যা নিৰ্ধাৰণ কৰা হ’ব। শিৱ ৰাৱাইলৰ পৰিচালনাত নিৰ্মিত এই ছবিখনত ববি দেউল আৰু অনিল কাপুৰেও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ