সৰুপথাৰৰ টেঙানীৰ ২ নং বিষ্ণুপুৰত সংঘটিত মানৱ সমাজক লজ্জানত কৰা ঘটনা
গোলাঘাট, ২৬ জুন (হি.স.)। গোলাঘাট জিলাৰ সৰুপথাৰৰ টেঙানীৰ ২ নং বিষ্ণুপুৰত সংগঠিত হৈছে মানৱ সমাজক লজ্জানত কৰা এক ঘটনা। নিজৰ ঘৰতে সুৰক্ষিত নহয় মাতৃ–ভগ্নী। সৰুপথাৰৰ টেঙানীত লম্পট পুত্ৰৰ কামনাৰ বলি হোৱাৰ পৰা কথমপি ৰক্ষা পৰিল জন্মদাত্ৰী মাতৃ। অৱশেষত গ
সৰুপথাৰৰ টেঙানীৰ ২ নং বিষ্ণুপুৰত সংঘটিত মানৱ সমাজক লজ্জানত কৰা ঘটনা


গোলাঘাট, ২৬ জুন (হি.স.)। গোলাঘাট জিলাৰ সৰুপথাৰৰ টেঙানীৰ ২ নং বিষ্ণুপুৰত সংগঠিত হৈছে মানৱ সমাজক লজ্জানত কৰা এক ঘটনা। নিজৰ ঘৰতে সুৰক্ষিত নহয় মাতৃ–ভগ্নী। সৰুপথাৰৰ টেঙানীত লম্পট পুত্ৰৰ কামনাৰ বলি হোৱাৰ পৰা কথমপি ৰক্ষা পৰিল জন্মদাত্ৰী মাতৃ।

অৱশেষত গাওঁৰক্ষী বাহিনী, ৰাইজৰ সহযোগত লম্পট যুৱকজনক কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়ে। পাষণ্ড পুত্ৰ তথা যুৱকজনৰ নাম জিন বৰা বুলি জানিব পৰা গৈছে। ইতিমধ্যে আৰক্ষীয়ে মহিলা গৰাকীক উদ্ধাৰ কৰাৰ লগতে আটক কৰিছে জিন বৰা নামৰ পাষণ্ডটোক । এই ঘটনাই সচেতন মহলক হতচকিত কৰি তুলিছে।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande