
কাঠমাণ্ডু, ১২ জুন (হি.স.)। নেপালৰ উচ্চতম ন্যায়ালয়ে ট্ৰেড ইউনিয়ন ভংগ কৰাৰ চৰকাৰে লোৱা সিদ্ধান্তৰ ওপৰত জাৰি কৰা অন্তৱৰ্তীকালীন স্থগিতাদেশ বৃদ্ধি কৰিবলৈ অস্বীকাৰ কৰিছে। ইয়াৰ দ্বাৰা চৰকাৰে নিজৰ সিদ্ধান্ত কাৰ্যকৰী কৰিবলৈ আইনী ভিত্তি লাভ কৰে। শুকুৰবাৰৰ এই সিদ্ধান্তৰ পিছত এতিয়া চৰকাৰে চৰকাৰী সংস্থাৰ অধীনত চলি থকা ট্ৰেড ইউনিয়নসমূহ ভংগ কৰাৰ সিদ্ধান্ত কাৰ্যকৰী কৰাৰ কাম আগবঢ়াই নিব পাৰিব।
মুখ্য ন্যায়াধীশ মনোজ কুমাৰ শৰ্মাৰ নেতৃত্বত এখন সাংবিধানিক বিচাৰপীঠে এই গোচৰৰ ৰায়দান কৰে। চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে দাখিল কৰা ৰিট আবেদনৰ শুনানি ৩ জুনত আৰম্ভ হয় আৰু সকলো পক্ষৰ যুক্তি শুনানিৰ পিছত আদালতে এই সিদ্ধান্ত প্ৰদান কৰে।
ইয়াৰ পূৰ্বে তেতিয়াৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ সপ্না প্ৰধান মল্লৰ নেতৃত্বত আন এখন সাংবিধানিক বিচাৰপীঠে সংখ্যাগৰিষ্ঠতাৰে অন্তৱৰ্তীকালীন আদেশ জাৰি কৰি চৰকাৰক নিজৰ সিদ্ধান্ত কাৰ্যকৰী নকৰিবলৈ নিৰ্দেশ দিছিল।
কিন্তু সেই সময়ত ন্যায়াধীশ বিনোদ শৰ্মা আৰু শৰংগা সুবেদিয়ে চৰকাৰৰ সিদ্ধান্ত কাৰ্যকৰী কৰিলে অপূৰণীয় ক্ষতি নহ’ব বুলি উল্লেখ কৰি মতানৈক্য প্ৰকাশ কৰিছিল।
শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে এটৰ্নী জেনেৰেলৰ কাৰ্যালয়ৰ জৰিয়তে দুয়োপক্ষৰ পৰা লিখিত সঁহাৰি বিচাৰি সংশ্লিষ্ট পক্ষৰ সৈতে বিতং আলোচনা কৰে। ৰিট আবেদন দাখিল কৰে নেপাল চৰকাৰী কৰ্মচাৰী সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ভৱানী ন্যোপানে। চৰকাৰে ট্ৰেড ইউনিয়ন ভংগ কৰাৰ ঘোষণাক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল ছানীয়ে।
শেহতীয়া এই সিদ্ধান্তৰ লগে লগে চৰকাৰী প্ৰতিষ্ঠানত চলি থকা ট্ৰেড ইউনিয়নসমূহ ভংগ কৰাৰ সিদ্ধান্ত কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত এতিয়া চৰকাৰে এক বৃহৎ আইনী বাধাৰ পৰা মুক্ত হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া