সাপেখাতীৰ খাগৰিজান চাহ বাগিচাত বিজেপি বিধায়কৰ গাড়ী আবদ্ধ কংগ্ৰেছ কৰ্মীৰ
চৰাইদেউ, ০৮ এপ্ৰিল (হি.স.)। চৰাইদেউৰ সাপেখাতীৰ খাগৰিজান চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি ৷ সাপেখাতীৰ খাগৰিজান চাহ বাগিচাত বিজেপিৰ বিধায়কৰ গাড়ী আবদ্ধ একাংশ কংগ্ৰেছ কৰ্মীৰ। বাগিচাৰ মাজত সোণাৰি সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তথা বিধায়ক ধৰ্মেশ্বৰ কোৱঁৰৰ নিজা
সাপেখাতীৰ খাগৰিজান চাহ বাগিচাত বিজেপি বিধায়কৰ গাড়ী আবদ্ধ কংগ্ৰেছ কৰ্মীৰ


চৰাইদেউ, ০৮ এপ্ৰিল (হি.স.)। চৰাইদেউৰ সাপেখাতীৰ খাগৰিজান চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি ৷ সাপেখাতীৰ খাগৰিজান চাহ বাগিচাত বিজেপিৰ বিধায়কৰ গাড়ী আবদ্ধ একাংশ কংগ্ৰেছ কৰ্মীৰ। বাগিচাৰ মাজত সোণাৰি সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তথা বিধায়ক ধৰ্মেশ্বৰ কোৱঁৰৰ নিজা এএছ ০১ এফ এন ৭১৬২ নম্বৰৰ ফৰচুনাৰ গাড়ী খন বাগিচাত ঘূৰি ফূৰা অৱস্থাতে আটক কৰে কংগ্ৰেছ কৰ্মীয়ে ৷ঘটনাস্থলীত উপস্থিত সাপেখাতী আৰক্ষী ৷

ধৰ্মেশ্বৰ কোৱঁৰৰ গাড়ীখন খাগৰিজান চাহ বাগিচাৰ স্বত্বাধিকাৰ তাৰাচন আগৰৱালাই নিজা চাহ বাগিচালৈ আনিছিল ৷ গাড়ীত নাছিল ধৰ্মেশ্বৰ কোৱঁৰ । বাগিছাৰ শ্ৰমিকক ধন বিলাবলৈ অহাৰ অভিযোগ তুলিছে কংগ্ৰেছ কৰ্মীয়ে ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande