নেপালী সংসদৰ উপাধ্যক্ষক নিজ ঘৰত অচেতন অৱস্থাত উদ্ধাৰ, চিকিৎসালয়ত ভৰ্তি
কাঠমাণ্ডু, ২৯ এপ্ৰিল (হি.স.)। নেপালী সংসদৰ উপাধ্যক্ষ ৰুবী ঠাকুৰক নিজৰ বাসগৃহত অচেতন অৱস্থাত উদ্ধাৰ কৰা হয়। নিৰাপত্তাৰক্ষীয়ে তেওঁৰ অচেতনতা লক্ষ্য কৰাৰ পিছতে লগে লগে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। কাঠমাণ্ডুৰ গ্ৱাৰকোৰ কেআইএছটি মেডিকেল কলেজ হাস্পতালত
नेपाल की डिप्टी स्पीकर रूबी ठाकुर अस्पताल में भर्ती


কাঠমাণ্ডু, ২৯ এপ্ৰিল (হি.স.)। নেপালী সংসদৰ উপাধ্যক্ষ ৰুবী ঠাকুৰক নিজৰ বাসগৃহত অচেতন অৱস্থাত উদ্ধাৰ কৰা হয়। নিৰাপত্তাৰক্ষীয়ে তেওঁৰ অচেতনতা লক্ষ্য কৰাৰ পিছতে লগে লগে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

কাঠমাণ্ডুৰ গ্ৱাৰকোৰ কেআইএছটি মেডিকেল কলেজ হাস্পতালত আইচিইউত চিকিৎসাধীন হৈ আছে। চিকিৎসালয়খনৰ পৰা এক বিবৃতিত কোৱা হৈছে যে বুধবাৰে পুৱা অচেতন অৱস্থাত উপাধ্যক্ষ ঠাকুৰক চিকিৎসালয়লৈ অনা হয়।

উপাধ্যক্ষ ঠাকুৰৰ পৰিয়ালৰ লোকে কয় যে যোৱা নিশাৰ পৰাই তেওঁৰ তীব্ৰ জ্বৰ আছিল। আজি পুৱা শৌচাগাৰলৈ গৈ ঢলি পৰে । প্ৰায় এঘণ্টাৰ পিছতো যেতিয়া তেওঁ শৌচাগাৰৰ পৰা ওলাই নাহিল, তেতিয়া তেওঁৰ ব্যক্তিগত নিৰাপত্তাৰক্ষীয়ে দুৱাৰ ভাঙি তেওঁক উলিয়াই আনে। সেই সময়ত তেওঁ অচেতন অৱস্থাত আছিল।

চিকিৎসালয়ৰ বিবৃতিত উল্লেখ কৰা হৈছে যে তেজৰ শৰ্কৰাৰ পৰিমাণ অতি কম হোৱাৰ বাবে তেওঁ অজ্ঞান হৈ পৰে। তেঁওৰ স্বাস্থ্যজনিত সমস্যাৰ সঠিক কাৰণ নিৰ্ণয় কৰিবলৈ অধিক চিকিৎসা পৰীক্ষা কৰা হৈছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande