‘ভূত বাংলা’ৰ নতুন মুক্তিৰ তাৰিখ ঘোষণা
অক্ষয় কুমাৰৰ বহু প্ৰত্যাশিত ছবি ‘ভূত বাংলা’ৰ মুক্তিৰ তাৰিখ সলনি কৰা হৈছে। প্ৰযোজক একতা কাপুৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰে যে ছবিখন এতিয়া ১০ এপ্ৰিলৰ পৰিৱৰ্তে ১৭ এপ্ৰিলত ছবিগৃহত মুক্তি পাব। একতা কাপুৰে ছ’চিয়েল মিডিয়া পোষ্টত উল্লেখ কৰিছে যে বিতৰক আৰ
अक्षय कुमार - फोटो सोर्स एक्स


অক্ষয় কুমাৰৰ বহু প্ৰত্যাশিত ছবি ‘ভূত বাংলা’ৰ মুক্তিৰ তাৰিখ সলনি কৰা হৈছে। প্ৰযোজক একতা কাপুৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰে যে ছবিখন এতিয়া ১০ এপ্ৰিলৰ পৰিৱৰ্তে ১৭ এপ্ৰিলত ছবিগৃহত মুক্তি পাব।

একতা কাপুৰে ছ’চিয়েল মিডিয়া পোষ্টত উল্লেখ কৰিছে যে বিতৰক আৰু প্ৰদৰ্শকসকলৰ সৈতে আলোচনাৰ অন্তত এই সিদ্ধান্ত লোৱা হৈছে। শেহতীয়াকৈ ‘ধুৰন্ধৰ ২’ৰ সফলতাৰ বাবে মুক্তিৰ সময়সূচী সলনি হোৱা বুলি বুজাই দিয়ে। ইয়াৰ উপৰিও ১৬ এপ্ৰিলৰ নিশা ৯ বজাৰ পৰা আৰম্ভ হ’ব ‘ভূত বাংলা’ৰ পেইড প্ৰিভিউ শ্ব’।

প্ৰিয়দৰ্শনৰ পৰিচালনাত নিৰ্মিত এই ছবিখনত বামিকা গব্বি, ৰাজপাল যাদৱ, আৰু টাবুৱেও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। টিজাৰৰ পিছৰে পৰা ছবিখনক লৈ উৎসাহিত হৈ পৰিছে দৰ্শক।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande