কলগাছিয়াৰ শওপুৰৰ কৰাৰকুৰত অসামাজিক কাৰ্যৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
অসামাজিক কাৰ্যৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ।
কলগাছিয়াৰ শওপুৰৰ কৰাৰকুৰত অসামাজিক কাৰ্যৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান


বৰপেটা, ১৯ এপ্ৰিল (হি.স.): বৰপেটা জিলাৰ কলগাছিয়াৰ শওপুৰৰ কৰাৰকুৰ বেকী ব্ৰীজৰ সমীপৰ এখন ৰিজৰ্টত অসামাজিক কাৰ্যৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলায় । আৰক্ষীয়ে যোৱা কালি শনিবাৰে বিয়লি এই অভিযান চলাই আবদ্ধ কৰে এগৰাকী যুৱতীক । কলগাছিয়াৰ শওপুৰৰ কৰাৰকুৰ বেকী ব্ৰীজৰ পশ্চিম প্ৰান্তত থকা ডেইজী ৰিজৰ্ট (DEZI RESORT)ত এই অভিযান চলাই এগৰাকী যুৱতীক উদ্ধাৰ আৰক্ষীৰ ।ফেমিলী ৰিজৰ্টৰ নামত ডেইজী ৰিজৰ্টত নাৰী ব্যৱসায় চলি থকাৰ অভিযোগ তোলে সচেতন মহলে।

আৰক্ষীয়ে অভিযান চলাই এগৰাকী যুৱতীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও এএছ ১৮ এখন ৮১৯০ নম্বৰৰ বাইক এৰি এগৰাকী যুৱকে দৌৰি পলায়ন কৰে। ডেইজী ৰিচৰ্ট বন্ধ কৰি দিয়াৰ লগতে স্বত্বাধিকাৰী সকল অতি শীঘ্ৰে কৰায়ত্ত কৰাৰ দাবী জনায় কলগাছিয়া জিলা আমছুৱে। যদি ২৪ ঘন্টাৰ ভিতৰত বন্ধ নকৰে তেন্তে কলগাছিয়া জিলা আমছু আৰু ৰাইজৰ সহযোগত গণতান্ত্ৰিক ভাবে আন্দোলনৰ হুংকাৰ প্ৰদান কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande